অমিক্ৰন আতংক : কৰোনাৰ নতুন ৰূপক ৰুধিবলৈ নিউ য়ৰ্কত জাৰি হ'ব জৰুৰী অৱস্থা



‘বি.১.১.৫২৯' অৰ্থাৎ কৰোনা ভাইৰাছৰ নতুন ৰূপ অমিক্ৰন বিশ্ববাসীৰ ত্ৰাসৰ কাৰণ হৈ পৰিছে। কৰোনাৰ নকৈ বিকশিত ৰূপটোক লৈ আমেৰিকা যুক্তৰাষ্ট্ৰ ইমানেই শংকিত আৰু আতংকিত হৈ পৰিছে যে অহা ৩ ডিচেম্বৰৰ পৰা ৰাষ্ট্ৰখনৰ প্ৰাণকেন্দ্ৰ নিউ য়ৰ্কত জৰুৰী অৱস্থা জাৰি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। জৰুৰী অৱস্থাত কৰোনাৰ দুয়োটা লহৰত আৰোপ কৰা সকলো নিষেধাজ্ঞা আৰোপ হ'ব। নিউ য়র্কৰ গভর্নৰ কেথি হোচুল বিষয়টোত কয়, ‘‘শীতত এনেয়েও কৰোনাৰ সংক্ৰমণ বাঢ়িব পাৰে। তাৰে মাজতে বিশ্বৰ বিভিন্ন অঞ্চলত অমিক্রন সিঁচৰতি হৈছে। অৱশ্যে কৰোনাৰ নতুন ৰূপটোৰ নিউ য়র্কত এতিয়াও অনুপ্ৰৱেশ কৰা নাই। কিন্তু সতর্কতামূলক ব্যৱস্থা হিসাবেই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে।"উল্লেখ্য যে কৰোনা ভাইৰাছৰ নতুন ‘বি.১.১.৫২৯’ ৰূপটোক উদ্বেগজনক বা ‘ভেৰেয়েন্ট অৱ কনচার্ন’ হিচাপে চিহ্নিত কৰি সেইটোক ‘অমিক্রন’ নাম দিছে বিশ্ব স্বাস্থ্য সংস্থা (হু)ই। নতুন ৰূপটোক লৈ দেশ-বিদেশেৰ বিশেষজ্ঞৰ মাজত উদ্বেগো বাঢ়িছে। দক্ষিণ আফ্রিকা আৰু বৎচোৱানাত ভেকচিন লোৱাসকলো কৰোনাৰ নতুন ৰূপটোৰ দ্বাৰা সংক্রমিত হৈছে। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে, নতুন ৰূপটোৰ ৰেহ-ৰূপ বুজিবলৈ কেইসপ্তাহমান লাগিব। লগতে কৈছে যে নতুন ৰূপটোত বিপজ্জনক মিউটেচন ঘটিছে। সেয়ে চিহ্নিত হোৱাৰ লগে লগে নতুন ৰূপটোক বিপজ্জনক শাৰীত ৰখা হৈছে।

1 view0 comments