এমাহতে ১০৮খন দেশলৈ সম্প্ৰসাৰিত অমাইক্ৰন : ফ্ৰান্সত এদিনতে ২ লাখ-ইংলেণ্ডত ১.৩০ লাখ পজিটিভ




এমাহ হৈছেহে। এমাহতে বিশ্বৰ ১০৮খন দেশলৈ সম্প্ৰসাৰিত হৈছে কৰোনাৰ নতুন সন্ত্ৰাস অমাইক্ৰন। প্ৰায় এমাহ পূৰ্বে কৰোনাৰ নতুন অৱতাৰটোক দক্ষিণ আফ্ৰিকাত প্ৰথৰবাৰ ধৰা পেলোৱা হৈছিল। মাজৰ এই সময়ছোৱাতে বিভিন্ন সতৰ্কতামূলক ব্যৱস্থাক ভেদ কৰি ভাইৰাছটোৱে ১০৮খন দেশত সংক্ৰমণৰ জাল তৰিবলৈ সক্ষম হয়। সংক্ৰমণৰ এই গতিটোৱে পৃথিৱীখনক আৰু এবাৰ কৰোনাৰ বাবে স্থবিৰ কৰি তোলাৰ দুৰ্ভাবনা গা কৰি উঠিছে। ইতিমধ্যে কেইবাখনো ইউৰোপীয় ৰাষ্ট্ৰত অমাইক্ৰনৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। বিগত ২৪ ঘণ্টাত ফ্ৰান্সত প্ৰায় দুই লাখ লোক কৰোনাত আক্ৰান্ত হৈছে। অথচ কিছুদিন আগলৈকে ৰাষ্ট্ৰখনত কৰোনাৰ সংক্ৰমণ তেনেই সাধাৰণ অৱস্থাত আছিল। একেদৰে ইংলেণ্ডতো কৰোনাৰ সংক্ৰমণ এতিয়া চৰম উদ্বেগৰ কাৰণ হৈ পৰিছে। দেশখনত বিগত ২৪ ঘণ্টাত কৰোনাত আক্ৰান্তৰ সংখ্যা পেৰায় ১.৩০ লাখজন। আমেৰিকাতো সম্প্ৰতি অমাইক্ৰনৰ সংক্ৰমণে জনস্বাস্থ্যৰ প্ৰতি চৰম ভাবুকি কঢ়িয়াই আনিছে।

অমাইক্ৰনৰ উদ্ভৱৰ সময়ত ফ্ৰান্স, ইংলেণ্ড, আমেৰিকা আদি ৰাষ্ট্ৰত কৰোনাৰ সংক্ৰমণ দ্ৰুতগতিত নিম্নমুখী হৈ পৰিছিল। কিন্তু বিগত কেইটামান দিনতে দেশকেইখনত সংক্ৰমণে নতুন উচ্চতা লাভ কৰে। ইংলেণ্ডত হঠাতে কৰোনা সংক্ৰমণৰ গ্ৰাফডাল ঊৰ্ধ্বমুখী হ’বলৈ ধৰে। দেশখনত প্ৰতিদিনে ১ লাখ সংক্ৰমম তেনেই সহজ কথা হৈ পৰিছে। বিগত ২৪ ঘণ্টাত দেশখনত ১ লাখ ২৯ হাজাৰ ৪৭১জন পজিটিভ হয়। আনহাতে, ইংলেণ্ডৰ গাতে লাগি থকা ফ্ৰান্সত অমাইক্ৰনে হঠাতে ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। মঙলবাৰে দেশখনত

প্রায় ১ লাখ ৭৯ হাজাৰ ৮০৭জন পজিটিভ। মাত্থোঁ কেইদিনমানৰ ভিতৰতে ফ্ৰান্সত দৈনিক কৰোনা সংক্ৰমণৰ সংখ্যাই এক লাখৰ ঘৰ অতিক্ৰম কৰে। উল্লেখ্য যে, ৭৯ শতাংশ ফৰাচীনাগৰিকে দুয়োপালি টিকা গ্ৰহণ কৰিছে। তথাপিও দেশখনত অমাইক্ৰনৰ সংক্ৰমণক প্ৰতিহত কৰিব পৰা হোৱা নাই। বিগত সপ্তাহটোত দেশখনত সহস্ৰাধিক লোকৰ কৰোনাত মৃত্যু হৈছে।

পৰিস্থিতি বিষম দেখি লকডাউন আৰু অন্যান্য বিধি-নিষেধ গ্ৰহণৰ দিশে অগ্ৰসৰ হৈছে বিশ্বৰ বহু বহু দেশ। চীনে ‘জিৰো ক’ভিড’ ষ্ট্ৰেটেজী লৈ দেশখনে অধিক কঠোৰ লকডাউনৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। বেইজিঙে ইতিমধ্যে কেইবাখনেো প্ৰদেশত কৰোনাৰ সংক্ৰমণ ৰোধৰ বাবে কঠোৰ ব্যৱস্থা হাতত লৈছে।

ভাৰততো মাথোঁ কেইদিনমানৰ ভিতৰতে অমাইক্ৰমনৰ সংক্ৰমণ আঠশৰ ঘৰ অতিক্ৰম কৰিছে। দেশত এতিয়া অমাইক্ৰন পজিটিভৰ সংখ্যা ৮৭১জন। ইয়াৰে সৰ্বাধিক মহাৰাষ্ট্ৰৰ। মহাৰাষ্ট্ৰৰ পছতে আছে দিল্লী, কেৰালা, তেলেংগান, ৰাজস্থান। স্বাস্থ্য বিশেষজ্ঞই আশংকা কৰা মতে, জানুৱাৰী–ফেব্ৰুৱাৰীত অমাইক্ৰনৰ সংক্ৰমণে দেশত তৃতীয় লহৰ আনিব পাৰে। অৱ্শ্যে এতিয়ালৈকে লাভ কতৰা তথ্যৰ তুলনাত অমাইক্ৰন মানৱ দেহৰ বাবে সিমান ঘাতক নহয়। আনকি হাস্পতালত ভৰ্তি নোহোৱাকৈয়ে বহু লোক সুস্থ হৈ উঠিছে। যিটো ডেল্টা ভেৰিয়েণ্টৰ ক্ষেত্ৰত পৰিলক্ষিত হোৱা নাছিল। ডেল্টাৰ তুলনাত অমাইক্ৰনত আক্ৰান্ত ৰোগীক হাস্পতালত ভৰ্তি কৰোৱাৰ প্ৰয়োজনীয়তা ৫০ৰ পৰা ৭০ শতাংশলৈ কম হৈছে। ইয়াৰ বিপৰীতে অমাইক্ৰন হৈছে কৰোনাৰ সকলো ভেৰিয়েণ্টৰ তুলনাত অতি দ্ৰুততাৰে সংক্ৰমণ ঘটা ভেৰিয়েণ্ট। ই একেলগে কেইবাজনকো সংক্ৰমিত কৰিব পাৰে। আনকি ভেকচিনসৃষ্ট প্ৰতিৰোধীশক্তিকো ই ভেদ কৰিবলৈ সক্ষম।


অমাইক্ৰনৰ লক্ষণ

লক্ষণৰ ক্ষেত্ৰত অমাইক্ৰন কৰোনাৰ আন ভেৰিয়েণ্টৰ তুলনাত বৰ বিশেষ পৃথক নহয়। তথাপি বৰ্তমান ইয়াৰ ৮টা মূল লক্ষণ চিনাক্ত কৰা হৈছে। সেইবোৰ হৈছে- ডিঙিৰ বিষ বা যন্ত্ৰণা, চৰ্দি, ভাগৰুৱা, হাচি অহা, পিঠিৰ তলৰ অংশৰ বিষ, মূৰৰ বিষ, নিশা ঘাম ওলোৱা আৰু মাংসপেশীৰ বিষ। লক্ষণসমূহৰ জৰিয়তে চৰ্দি–জ্বৰ আৰু অমাইক্ৰনৰ মাজত পাৰ্থক্য জানিব পাৰি। বৰ্তমান কৰোনাৰ অধিকসংখ্যক ঘটনাত প্ৰচণ্ড জ্বৰ, কফ, সোৱাদ আৰু ঘ্ৰাণশক্তি নাইকিয়া হোৱা আদি লক্ষণ পৰিলক্ষিত হোৱা নাই। ব্ৰিটিছ চিকিৎসকৰ মতে, এতিয়ালৈ চিকিৎসা হোৱা ৰোগীৰ শুকান কাহ, পাতল জ্বৰ, নিশা ঘাম ওলোৱা আৰু শৰীৰত প্ৰচণ্ড বিষৰ সমস্যা দেখা গৈছে। নিশা ইমানেই ঘাম ওলায় যে ৰোগীৰ কাপোৰ সলনি কৰিবলগীয়া হয়। ইয়াৰ উপৰি অমাইক্ৰনত সংক্ৰমিত বুজনসংখ্যক লোকৰ দেহত নাই কোনো ধৰণৰ লক্ষণ বা উপসৰ্গ। অৰ্থাৎ মানুহৰ অগোচৰে অমাইক্ৰন এজনৰ পৰা আনজনৰ দেহলৈ বিয়পিছে। এইটো অতি বিপজ্জনক। ইয়াৰ সুৰক্ষিত কৰি ৰাখিবলৈ

মাস্ক পিন্ধা আৰু ছ’চিয়েল ব্যৱধান বজাই ৰখাটোৱেই উত্তম। তদুপৰি ভেকচিন ল’লে কৰোনাৰ ঘাতক আক্ৰমণৰ পৰা নিজকে সুৰক্ষিত কৰি ৰাখিব পৰা যায়। ভেকচিন লোৱা লোকৰ শৰীৰক কৰোনাই বিশেষ ক্ষতি কৰিব পৰা নাই।

2 views0 comments