আমেৰিকাত অমাইক্ৰন ছুনামি : এদিনত ১০ লাখ পজিটিভ




ঢৌ নহয়, যেন ছুনামিহে। ইয়াৰ কাল ৰূপত একপ্ৰকাৰ ধৰাশায়ী হৈ পৰিছে বিশ্বৰ সৰ্বশক্তিমান ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ। এই ছুনামিৰ নাম অমাইক্ৰন। কৰোনাৰ নতুন ভেৰিয়েণ্ট। ওমাইক্রনেৰ আক্রমণত দেশখনত দৈনিক সংক্রমণৰ সংখ্যা ১০ লাখৰ ঘৰ অতিক্ৰম কৰিলে। অর্থাৎ ক'ভিড গ্রাফৰ জৰিয়তে স্বাস্থ্য বিশেষজ্ঞই অনুমান কৰাতকৈ বহু অধিক লোক ৰাষ্ট্ৰখনত কৰোনা পজিটিভ হৈছে। কোনো কোনো প্রদেশত এদিনতেই কৰোনাত আক্রান্ত হৈছে লক্ষাধিক।কোৱা হৈছে, এইটোৱেই হৈছে সর্বকালৰ সর্বোচ্চ সংক্রমণ। আনহাতে, বিশ্বৰ কৰোনা সূচকতো এই মুহূর্তত এক নম্বৰত আছে আমেৰিকা।


অমাইক্রনৰ সংক্রামক ক্ষমতা মাৰাত্মক। অৱশ্যে যিমান দ্রুত সংক্রমণ ঘটিছে, মানৱ দেহত ইয়াৰ প্রভাৱ সমান দ্ৰুতগতিত কমিছে। কিন্তু সংক্ৰমণৰ হাৰটোৱে বিশ্বজুৰি চিন্তা বঢ়াই গৈ আছে। নতুন বছৰৰ আৰম্ভণিৰ পৰাই আমেৰিকাত ক'ভিড গ্রাফ ঊর্ধ্বমুখী হ'বলৈ আৰম্ভ কৰে। তাৰে পূৰ্বে ব্রিটেইনক বৰবাদ কৰিছিল। ফ্রান্সো হাত সাৰি যোৱা নাই। কিন্তু আমেৰিকা বিপজ্জনকভাৱে ব্যতিক্ৰম। বিগত দুই সপ্তাহত তিনগুণ বাঢ়িছে সংক্রমণ।



কৰোনাৰ সংক্ৰমণ বৃদ্ধি পোৱাত আমেৰিকাৰ স্বাস্থ্য সেৱা খণ্ডৰ অৱস্থাও শোচনীয় হৈ পৰিছে। তথ্যই কয়, বিগত সপ্তাহত যিমানজন ৰোগী কৰোনা আক্ৰান্ত হৈ হাস্পতালত ভৰ্তি হৈছিল, নতুন সপ্তাহত ই দ্বিগুণ হৈছে। ৰোগীৰ বাবে বিছনাৰ নাটনি আৰম্ভ হৈছে। বহু স্বাস্থ্যকর্মীও পজিটিভ হৈছে। বিগত  এবছৰত আমেৰিকাত কৰোনাৰ বলি হৈছে ৮ লাখ ৩৭ হাজাৰৰ অধিক মানুহ। দেশখনত এতিয়াই অমাইক্রন ছুনামি কমাৰ কোনো লক্ষ্মণ নাই বুলি আশংকা প্রকাশ কৰিছে বিশেষজ্ঞই। নিউ য়র্ক, ছিকাগো চহৰ স্বাস্থ্য সেৱাৰ সৈতে বহু লোক ক'ভিড পজিটিভ হোৱাত বাধাপ্ৰাপ্ত হৈছে স্বাস্থ্য সেৱা। নিউ য়র্কত শিশুক স্কুল বন্ধ।


ইয়াৰ মাজতে আশাৰ খবৰ আনিছে আন্তর্জাতিক ওষুধ প্রস্তুতকাৰী সংস্থা ফাইজাৰে। ক'ভিড ভেকচিনৰ অলপ ‘মডিফাই’ (Modify) কৰাৰ কাম আৰম্ভ হৈছে। সংস্থাৰ দাবী, ইয়ে কৰোনাৰ সকলো ভেৰিয়েণ্টৰে আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ সক্ষম হ'ব।

4 views0 comments