চুক্তিৰ অৱসান ঘটোৱাৰ পাছতো বিজ্ঞাপনৰ প্ৰচাৰ চলাই থকাৰ বাবে পান-মছলা ব্ৰেণ্ডলৈ অমিতাভ বচ্চনৰ লিগেল নট




অৱশেষত ধপাত বিজ্ঞাপনৰ সৈতে হোৱা চুক্তি বাতিল কৰিলে বিগ বি য়ে । নিজৰ ৭৯-তম জন্মদিনত পান-মছলা ব্ৰেণ্ড 'কমলা পছন্দ'ৰ এটা বিজ্ঞাপনৰ চুক্তিৰ পৰা নিজকে আঁতৰাইছিল হিন্দী ছবিজগতৰ বিখ্যাত অভিনেতা অমিতাভ বচ্চনে ।উল্লেখযোগ্য যে ধপাত সেৱনৰ এই বিজ্ঞাপনটোত প্ৰদৰ্শিত কৰা হৈছিল অভিনেতাজনক । যুৱপ্ৰজন্মক ধপাত সেৱনৰ প্ৰতি বেছিকৈ আসক্ত কৰি তোলা এনে ব্ৰেণ্ডবোৰক সমৰ্থন নকৰিবলৈ যোৱা অক্টোবৰ মাহত এটা ৰাষ্ট্ৰীয় ধপাতবিৰোধী সংস্থাই অভিনেতাজনক আহ্বান জনোৱাৰ পিছতে তেওঁ এই চুক্তি উঠাই লৈছিল । ব্ৰেণ্ডটোৰ হৈ কৰা কেম্পেইনৰ বাবে অভিনেতাজনক সামাজিক মাধ্যমত যথেষ্ট ককৰ্থনাও কৰা হৈছিল । অভিনেতাজনৰ এক ঘনিষ্ঠ সূত্ৰই জনোৱামতে ব্ৰেণ্ডটোলৈ অভিনেতাজনৰ কাৰ্যালয়ৰ পৰা লিগেল নটিছ প্ৰেৰণ কৰা হৈছে কাৰণ চুক্তিৰ অৱসান হোৱাৰ পিছতো তাক অৱজ্ঞা কৰি ব্ৰেণ্ডটোৱে বিজ্ঞাপনটোৰ প্ৰচাৰ চলাই আছে । নিজৰ ৭৯-তম জন্মদিনৰ দিনা এই চুক্তি উঠাই লৈ অভিনেতাজনে কয় যে এই বিজ্ঞাপনটো এটা 'সৰোগেট বিজ্ঞাপন' বুলি তেওঁক অৱগত কৰা হোৱা নাছিল । উল্লেখ্য যে সৰোগেট বিজ্ঞাপন হৈছে এনে এক বিজ্ঞাপন যত অন্য এক বস্তুৰ ৰূপত ড্ৰাগছ/এলকহল/ধপাত আদি নিষেধ দ্ৰব্যবোৰৰ সেৱনক উৎসাহ প্ৰদান কৰা হয় । ছেপ্টেম্বৰৰ মাজভাগত মুক্তি পোৱা এই বিজ্ঞাপনটোতো কমলা পছন্দক 'ৰূপ চৰোৱা ইলাচী' (Silver Coated Elaichi) বুলি প্ৰদৰ্শিত কৰা হৈছিল । এই কথা গম পোৱাৰ পাছত তেওঁ এই বিজ্ঞাপনৰ চুক্তি উঠাই লয় আৰু বিজ্ঞাপনটোৰ পৰা আহৰণ কৰা সম্পূৰ্ণ ধন ঘূৰাই দিয়ে বুলি অভিনেতাগৰাকীয়ে জানিবলৈ দিয়ে ।

2 views0 comments