উত্তৰ-পূবৰ সীমা সমস্যা সমাধান কৰিব অমিত শ্বাহে : আৰু এখন বৈঠকৰ সফল সমাপ্তি




উত্তৰ-পূবৰ ৰাজ্যকেইখনৰ মাজত বিদ্যমান সীমা সমস্যা সমাধানৰ বাবে বিশেষভাৱে তৎপৰ হৈ পৰিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। দেশৰ এই গুৰুত্বপূৰ্ণ অঞ্চলটোক বছৰ বছৰ ধৰি অশান্তি, অস্থিৰ কৰি ৰখা সমস্যাটোৰ আশু সমাধানৰ বাবে বিশেষকৈ অসমৰ সৈতে সীমা সমস্যা নাইকিয়া কৰাৰ বাবে তেওঁ মুখ্যমন্ত্ৰী পৰ্যায়ত একাধিক আলোচনাৰ মধ্যস্থতা কৰিছে। মঙলবাৰেও তেনে এখন সভা নতুন দিল্লীত অনুষ্ঠিত হয়। সভাত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু অৰুণাচলৰ মুখ্যমন্ত্ৰী প্ৰেমা খাণ্ডুৱে ভাগ লয়।


বৈঠকৰ অন্তত সংবাদ মাধ্যমৰ আগত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই কয় যে দুই ৰাজ্যৰ সীমা সমস্যা সম্পর্কত আলোচনাৰ বাবে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে কালি তেওঁৰ লগতে অৰুণাচল প্রদেশৰ মুখ্যমন্ত্রী পেমা খাণ্ডুৰ সৈতে এখন বৈঠকত মিলিত হয়৷ দুই ৰাজ্যৰ সীমা সমস্যা সমাধানৰ বাবে আয়োজিত বৈঠকখনৰ আলোচনা ইতিবাচক হৈছে৷ বৈঠকত অসমৰ হৈ তেওঁ বক্তব্য আগবঢ়ায়৷ সেইদৰে অৰুণাচল প্রদেশৰ হৈ পেমা খাণ্ডুৱে বক্তব্য আগবঢ়ায়৷ অহা জানুৱাৰী মাহত তেওঁ আৰু পেমা খাণ্ডু আকৌ এবাৰ আলোচনাত মিলিত হ’ব৷ তদুপৰি আজি কেন্দ্রীয় গৃহমন্ত্রীৰ সৈতে হোৱা আলোচনাত অৰুণাচল প্রদেশৰ চাকমা সমস্যা সম্পর্কতো আলোচনা অনুষ্ঠিত হয়৷ সেই বিষয়ত অসমৰ মুখ্যমন্ত্রী হিচাপে তেওঁৰ পৰাও কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে মতামত গ্রহণ কৰে৷


সেইদৰে আজি গুৱাহাটীলৈ মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমা আহিব বুলি জানিবলৈ দি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে চুবুৰীয়া ৰাজ্য মেঘালয়ৰ সৈতে সীমা বিবাদ নিষ্পত্তিৰ বাবে যি পদক্ষেপ দুয়োখন ৰাজ্যৰ চৰকাৰে গ্রহণ কৰিছে, আজি চূড়ান্ত প্রতিবেদনক লৈ আলোচনাত মিলিত হ’ব৷ অৰুণাচল প্রদেশ আৰু মেঘালয়ৰ সৈতে সীমা বিবাদ নিষ্পত্তিক লৈ তেওঁ যথেষ্ট আশাবাদী বুলি উল্লেখ কৰি তেওঁ কয় যে সীমা সমস্যা নিষ্পত্তিৰ ক্ষেত্রত সর্বদলীয় বৈঠক অনুষ্ঠিত কৰাৰ লগতে এই সম্পর্কত বিধানসভাকো অৱগত কৰিব লাগিব৷ এই সমস্যা সমাধানৰ ক্ষেত্রত সকলো ঐক্যবদ্ধ হ’ব লাগিব৷ তথাপি মেঘালয় আৰু অৰুণাচল প্রদেশৰ লগত থকা সীমা বিবাদ বৰ জটিল নহয় বুলি তেওঁ জানিবলৈ দিয়ে৷ এদিনীয়া কার্যসূচীৰে কালি দিল্লীত উপস্থিত হোৱা মুখ্যমন্ত্রী ড০ শর্মাই নিশাৰ ভাগত পুনৰ কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰাৰ কথা৷ এই সন্দর্ভত মুখ্যমন্ত্রী ড০ শর্মাই কয় যে ৰাজনৈতিক বিষয়ক লৈ নিশাৰ ভাগত তেওঁ কেন্দ্রীয় গৃহমন্ত্রীৰ সৈতে আলোচনাত মিলিত হ’ব৷ মণিপুৰ বিধানসভা নির্বাচনৰ প্রসংগতে সেই আলোচনা অনুষ্ঠিত হ’ব৷

3 views0 comments