জড়তাই গ্ৰাস কৰিছে আমোলাতন্ত্ৰক : উচ্চতম ন্যায়ালয়






আমোলাতন্ত্ৰত বিয়পি পৰিছে জড়তা, তেওঁলোকে বিচাৰে ন্যায়ালয়েই সকলো ঠিক কৰক । এই মন্তব্য দাঙি ধৰিছে মহামান্য উচ্চতম ন্যায়ালয়ে । আমোলাতন্ত্ৰক কটাক্ষ কৰি ন্যায়ালয়ে কয় যে তেওঁলোক সদায় উদাসীন আৰু কেৱল উদাসীন । ভাৰতৰ মুখ্য ন্যায়াধীশ এন ভি ৰমনৰ অধীনস্থ এখন বিচাৰপীঠে কয় যে আমোলাতন্ত্ৰত এক প্ৰকাৰৰ জড়তাই বাহ লৈছে । তেওঁলোকে কোনো ধৰণৰ সিদ্ধান্ত লবলৈ ইচ্ছুক নহয় । গাড়ী এখনক কেনেকৈ ৰখাব লাগে বা জব্দ কৰিব লাগে, জুই কেনেকৈ নুমুৱাব লাগে এইবোৰো আনকি তেওঁলোকে ন্যায়ালয়ৰ ফালে ঠেলি দিয়ে । সকলো কেৱল যেন ন্যায়ালয়েহে কৰিব লাগে, এনে এক মানসিকতাই আমোলাতন্ত্ৰত গা কৰি উঠিছে বুলি মুখ্য ন্যায়াধীশ এন ভি ৰমনে উল্লেখ কৰে । দুখীয়া খেতিয়কসকলক নৰা গুচোৱা মেচিন যোগান ধৰাৰ বাবে দাবী জনাই পৰিবেশ কৰ্মী আদিত্য ডুবেই আৰু আইনৰ ছাত্ৰ অমন ৱাংকাই ন্যায়ালয়ত দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণৰ সময়ত ন্যায়ালয়ে এই কথা ব্যক্ত কৰে । কেন্দ্ৰই বায়ু প্ৰদূষণ বিষয়ৰ ওপৰত আহ্বান কৰা বৈঠকখনৰ সাৰাংশ ন্যায়ালয়ক যোগান নধৰাৰ ফলত ন্যায়ালয়ৰ অমূল্য সময় নষ্ট হোৱাৰ বাবে বিচাৰপীঠে বিৰক্তি প্ৰকাশ কৰে ।

3 views0 comments