বিশ্লেষণ : ছ’চিয়েল ইঞ্জিনীয়াৰিং, নিৰ্বাচন, উত্তৰপ্ৰদেশত দলীয় স্থিতি




নিৰ্বাচনৰ প্ৰথম আৰু একমাত্ৰ লক্ষ্য হৈছে জয়। জিকিব নোৱাৰিলে ক্ষমতাও হাতলৈ নাহে। ৰাজনৈতিক দল, নেতা, প্ৰাৰ্থী সকলোৰে সকলো ৰণকৌশল, নীতি, পৰিকল্পনা ইয়াক কেন্দ্ৰ কৰি ঘূৰে। শক্তিশালী দলে নিজববীয়াকৈ চৰকাৰ গঠনৰ বাবে ৰণকৌশল প্ৰস্তুত কৰে। সৰু-সুৰা দলে চৰকাৰৰ অংশীদাৰ হ’ব পৰাকৈ জনপ্ৰতিনিধিৰ সংখ্যা কিদৰে বঢ়াব পাৰি, তাৰ ওপৰত জোৰ দিয়ে। তদুপৰি, বিৰোধী শিবিৰক কম আসনত সীমাবদ্ধ কৰি ৰখাটোও নিৰ্বচনী ৰণ জয়ৰ এটা অন্যতম কৌশল। নিজৰ বাবে অধিক জয় আৰু প্ৰতিপক্ষৰ সৰ্বাধিক পৰাজয়, এই দুয়োটাক সন্মুখত লৈ নিৰ্বাচনী ৰাজনীতি পৰিচালিত হয়। ইয়াৰ বাবে ৰাজনৈতিক দল-নেতাই জাত-পাতৰ পৰা উন্নতিৰ স্বপ্ন দেখুৱাবলৈ কি যে নকৰে। তদুপৰি, প্ৰতিপক্ষক অক্ষম, দুৰ্বল, যোগ্যতাহীন, জনস্বাৰ্থবিৰোধী আদি ৰূপে প্ৰতিষ্ঠা কৰাৰ চেষ্টাও চলে। নিৰ্বাচনী ৰাজনীতিত আৰু এটা গুৰুত্বপূৰ্ণ বিষয়ে জয়-পৰাজয়ত মূল্যৱান ভূমিকা লয়।সেইটো হৈছে ছ’চিয়েল ইঞ্জিনীয়াৰিং। ইয়াক যিয়ে দক্ষতাৰে বযৱহাৰ কৰে, তাৰ জয় একপ্ৰকাৰ অপ্ৰতিৰোধ্য হৈ পৰে। অৱধাৰিত হৈ পৰে। ভাৰতৰ দৰে বহু জাতি-জনগোষ্ঠীৰে সমৃদ্ধ ৰাষ্ট্ৰ এখনত নিৰ্বাচনী সাফল্যৰ বহুখিনি ছ’চিয়েল ইঞ্জিনীয়াৰিঙৰ ওপৰত নিৰ্ভৰশীল। ইয়াত মূলতঃ ভোটাৰৰ পৰিসংখ্যাটো জাত-পাত, গোষ্ঠী আদিৰ ভিত্তিত বিশ্লেষণ কৰি তেওঁলোকৰ আৱেগ-অনুভূতি, সমস্যা-দাবী আদিক তুলাচনীত তোলা হয়। অসমৰ প্ৰেক্ষাপটত ইয়াক বিবেচনা কৰিবলৈ গ’লে, স্থানীয় জনজাতি-জনগোষ্ঠী, ভাষিক-ধৰ্মীয় সংখ্যালঘু, চাহ জনজাতি আদি বিভিন্ন ভাগ বিভক্ত কৰি সমষ্টিভেদে তেওঁলোকৰ সক্তিক প্ৰথমে জোখা হয়। তাৰ পিছত লক্ষ্য নিৰ্ধাৰণ কৰা হয়। সেই মতে আঁচনি-পৰিকল্পনা যুগুতাই নিৰ্বাচনী ৰণনীতি প্ৰস্তুত কৰা হয়। লগতে আন্তঃগোষ্ঠীগত সংঘাত, ধৰ্মীয় বিশ্বাসৰ মতভেদৰ প্ৰভাৱ আদিকো জুখি লোৱা হয়। ২০১৪ চনৰ লোকসভা নিৰ্বাচনত সাফল্য লাভৰ বাবে বিজেপিয়ে অসমৰ প্ৰায় প্ৰতিটো জনগোষ্ঠী-জনজাতিৰ নেতাৰ সৈতে আলোচনাত মিলিত হৈ তেওঁলোকৰ দাবী-সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল। ইয়াৰ জৰিয়তে এটা জাতি-জনগোষ্ঠীক সামগ্ৰিকভাৱে নিজৰ পক্ষলৈ অনাৰ প্ৰয়াস কৰা হৈছিল। লগতে বিকাশক বিজেপিয়ে এটা বিশেষ ইছ্যু হিচাপে লৈ সামগ্ৰিকভাৱে সকলোৰে মনত পুঞ্জীভূত হৈ থকা ক্ষোভক নিজৰ সপক্ষে নিয়াৰ প্ৰয়াস চলাইছিল। বিকাশক এটা তুলনাত্মক স্থিতি দিবলৈ আৰু প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থীগৰাকীৰ গ্ৰহণযোগ্যতা তথা দক্ষতাক জনসাধাৰণৰ ওচৰত তুলি ধৰিবলৈ গুজৰাটক আৰ্হি হিচাপে দাঙি ধৰা হৈছিল। বিজেপিৰ এই কৌশলী ৰাজনীতিত জনসাধাৰণে সমস্যামুক্তিৰ ৰেঙনী দেখিবলৈ পাইছিল। উত্তৰপ্ৰদেশৰ দৰে জাত-পাতৰ ৰাজনীতিয়ে নিয়ন্ত্ৰণ কৰি অহা নিৰ্বাচনত বিজেপি সকলোৰে বাবে গ্ৰহণযোগ্য হৈ উঠিছিল। দলিত-মহাদলিত, ব্ৰাহ্মণ, উচ্চ বৰ্ণ সকলো শ্ৰেণীৰ লোক বিজেপিৰ কাষ চাপি আহিছিল। এইবাৰো উত্তৰপ্ৰদেশত বিজেপিয়ে ছ’চিয়েল ইঞ্জিনীয়াৰিঙক ব্যৱহাৰ কৰি নিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈ নীতি প্ৰস্তুত কৰিছে। অশ্যে ইয়াৰ অৰ্থ এইটো নহয় যে অকল বিজেপিয়েহে এই কৌশল ব্যৱহাৰ কৰে। সংখ্যালঘুৰ তুষ্টিকৰণৰ জৰিয়তে দেশখনত বছৰ বছৰ ধৰি শাসন কৰা কংগ্ৰেছেও ছ’চিয়েল ইঞ্জিনীয়াৰিং-কে ব্যৱহাৰ কৰি আহিছে। প্ৰদেশখনত সমাজবাদী পাৰ্টী, বহুজন সমাজবাদী পাৰ্টীৰো উত্থানৰ মূল চাবি-কাঠীও এয়াই। এইবাৰ উত্তৰপ্ৰদেশ বিধানসভা নিৰ্বাচনত ছ’চিয়েল ইঞ্জিনীয়াৰিং-ৰ দায়িত্ব লাভ কৰিছে কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে। সমাজবাদী পাৰ্টীত এই দায়িত্ব স্বয়ং অখিলেশ যাদৱ, কংগ্ৰেছৰ নেতৃত্বত প্ৰিয়ংকা গান্ধী ৱাদ্ৰা, বিএছপিত সতীশ চন্দ্ৰ মিশ্ৰৰ কান্ধত পৰিছে এই দায়িত্ব।

বিজেপিত ছ’চিয়েল ইঞ্জিনীয়াৰিঙত দক্ষ নেতাৰ অভাৱ নাই। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে বিগত প্ৰায় দহ বছৰে এই দায়িত্ব সফলতাৰে পালন কৰি আহিছে। তেওঁৰ নেতৃত্বতে ২০১৪ চনৰ লোকসভা নিৰ্বাচন আৰু ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত বিজেপিয়ে উত্তৰপ্ৰদেশত ঈৰ্ষণীয় সাফল্য লাভ কৰিছিল। এইবাৰ কেন্দ্ৰী. শিক্ষামন্ত্ৰী ধৰ্মেশ প্ৰধানৰ কান্ধত এই দায়িত্ব ন্যস্ত হৈছে। তেওঁ নিজৰ টীমটো লৈ উত্তৰপ্ৰদেশৰ নিৰ্বাচনত ইতিমধ্যে জঁপিয়াই পৰিছে। তেওঁ দলীয়ভাৱে যুগুতোৱা ফৰ্মুলাৰ সৈতে নিজাববীয়াকৈ ফৰ্মুলা ুদ্ভাৱন কৰি তাক নিৰ্বাচনী ৰাজনীতিত খাপ খুৱাবলৈ যত্ন কৰি আছে।

বহুজন সমাজবাদী পাৰ্টীৰ বাবে ছ’চিয়েল ইঞ্জিনীয়াৰিঙক সফল ৰূপ দিবলৈ দলটোৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক সতীশ চন্দ্ৰ মিশ্ৰক দায়িত্ব দিয়া হৈছে। তেওঁ ২০০৭ চনৰ পৰাই বিএছপিৰ সৈতে জড়িত। দলৰ অধ্যক্ষ মায়াৱতীৰ সৈতে তেওঁৰ সম্পৰ্ক আৰু বুজাপৰাও অনন্য। মায়াৱতীয়ে মূলতঃ বিজেপিৰ কাম-কাজত নাৰাজ ব্ৰাহ্মণ ভোটাৰক নিজৰ পক্ষলৈ অনাৰ প্ৰয়াস চলাই আছে। কামটো সতীশ চন্দ্ৰ মিশ্ৰই পৰিকল্পিতভাৱে আগবঢ়াই নিছে। মায়াৱতী আৰু সতীশ চন্দ্ৰ মিশ্ৰৰ ৰণকৌশলে বিজেপিৰ চিন্তা আৰু উদ্বেগ বঢ়াই তুলিছে। মায়াৱতীয়ে ৰাজ্যখনত একক শক্তিৰে চৰকাৰ গঠনৰ বাবে দলিত + ব্ৰাহ্মণ + মুছলমান ফৰ্মুলা হাতত লৈছে। ইয়াক কাৰ্যকৰীৰ কৰিবলৈ দলটোৰ ছ’চিয়েল ইঞ্জিনীয়াৰিং গোটে কাম কৰি আছে।

আনহাতে, সমাজবাদী পাৰ্টীৰ বাবে প্ৰাক্তন মুখ্যমন্ত্ৰী তথা দলটোৰ নেতা অখিলেশ যাদৱে নিজেই এই দায়িত্ব মূৰ পাতি লৈছে। ২০২১ চনতো তেওঁ দলটোৰ বাবে ৰণনীতি যুগুতাইছিল। সেইবাৰ চাইকেল সমদল উলিয়াই তেওঁ মায়াৱতীক কাবু কৰিছিল আৰু একক শক্তিৰে সমাজবাদী পাৰ্টীয়ে উত্তৰপ্ৰদেশত চৰকাৰ গঠন কৰিছিল। ২০১৭ চনত কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ ফৰ্মুলাই কাম নিদিয়াত আৰু বিজেপিৰ সবল উত্থানত অখিলেশ যাদৱ দ্বিতীয়বাৰ মুখ্যমন্ত্ৰী হ’ব নোৱাৰিলে। বিৰোধীৰ আসনত বহিবলগীয়া হয়। এইবাৰ ‘বিৰোধীৰ প্ৰতিটো ভোট এঠাইত’ ফৰ্মুলা হাতত লৈ আগবাঢ়িছে। অখিলেশ যাদৱৰ ফৰ্মুলাটো মায়াৱতীৰ দৰেই। পাৰ্থক্য মাথোঁ দলিতৰ ক্ষেত্ৰত। অখিলেশে যাদৱ ভোটাৰক প্ৰাধান্য দি দলিতক অন্যান্য ভোটাৰৰ শাৰীত ৰাখিছে। মুছলমান আৰু ব্ৰাহ্মণ ভোটক যাদৱ ভেটেৰে মিলাই চৰকাৰ গঠনৰ পৰিকল্পনা হাতত লৈছে।

কংগ্ৰেছে প্ৰিয়ংকা গান্ধী ৱাদ্ৰাৰ নেতৃত্বত ছ’চিয়েল ইঞ্জিনীয়াৰিঙৰ কাম কৰি আছে। দলটোৱে মহিলাক সৰ্বাধিক গুৰুত্ব দি এটা নতুন ফৰ্মুলাৰে আগবাঢ়িছে। উত্তৰপ্ৰদেশৰ ৰাজনীতিত প্ৰথমবাৰৰ বাবে মহিলা হৈ পৰিছে এটা মুখ্য নিৰ্বাচনী ইছ্যু। লগতে লক্ষ্য কৰি লৈছে অনা-যাদৱ অ’ বি চি আৰু এম অ’ বি চি ভোটাৰক কংগ্ৰেছৰ মঞ্চলৈ অনা। লগতে মুছলমান ভোটাৰক মিলাই এটা নতুন সমীকৰণ সৃষ্টি কৰা যাতে প্ৰদেশখনৰ ক্ষমতালৈ আহিব পৰা যায়।

নিৰ্বাচনত ছ’চিয়েল ইঞ্জিনীয়াৰিঙৰ ভূমিকা অনস্বীকাৰ্য। কথাটো লেখাৰ পাতনিতে কোৱা হৈছে। ধৰাতললৈ গৈ বিভিন্ন দিশ অধ্যয়ন আৰু পৰ্যবেক্ষণৰ জৰিয়তে ‘ছ’চিয়েল ইঞ্জিনীয়াৰিং’ৰ দলে তথ্য আহৰণ কৰে আৰু সেই বিষয়ে দলীয় নেতাক অৱগত কৰি প্ৰয়োজনীয় নীতি প্ৰস্তুত কৰে। ইয়াৰ আধাৰত দল আৰু নেতাই বক্তব্য দিয়া আৰম্ভ কৰে। প্ৰতিশ্ৰুতিৰ তালিকা প্ৰস্তুত হয়। মিত্ৰতা, প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াও ইয়াৰে আধাৰত সম্পূৰ্ণ কৰা হয়। কোন সমষ্টিত কোন জনগোষ্ঠীৰ প্ৰাৰ্থী দিলে জয়ৰ সম্ভাৱনা অধিক, তাক এনে ধৰণৰ তথ্যৰ আধাৰত নিৰ্ণয় কৰা হয়। নিৰ্বাচনী প্ৰচাৰ, নিৰ্বাচনী মিত্ৰতা, ৰণকৌশল আদিও প্ৰস্তুতত ছ’চিয়েল ইঞ্জিনীয়াৰিঙক গুৰুত্ব দিয়া হয়।

২০১৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিয়ে উত্তৰপ্ৰদেশৰ অ’ বি চি আৰু এম অ’ বি চি ভোটাৰক নিজৰ পক্ষলৈ চেষ্টা চলাইছিল। প্ৰধানমন্ত্ৰীৰ পদৰ প্ৰাৰ্থী নৰেন্দ্ৰ মোদীক এই শ্ৰেণী দুটাৰ প্ৰতিনিধি ৰূপে প্ৰতিষ্ঠা কৰা হৈছিল। ২০১৭ চনৰ বিধানসভা নিৰ্বাচনত ফৰ্মুলাটো প্ৰভাৱশালী প্ৰতিপন্ন হয়। আনহাতে, শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীসভা সাল-সলনিতো অ’ বি চিক প্ৰাধান্য দিয়া হয়। কেন্দ্ৰত ২৭জন মন্ত্ৰী অ’ বি চিৰ। মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে এই ফৰ্মুলাটোক কামত খটুৱাবলৈ চেষ্টা চলাই আহিছে। বিজেপিৰ পৰম্পৰাগত ভোট বেংকত এইবাৰো দুয়ো শ্ৰেণীৰ ভোটাৰৰ সংযোজন ঘটিলে যোগী আদিত্যনাথৰ বাবে পুনৰবাৰ চৰকাৰ গঠন ভালেখিনি সহজ হৈ পৰিব পাৰে।

6 views0 comments