আৰু এটা মাইলষ্টোন : ৩০ নৱেম্বৰত মাজুলী-যোৰহাটৰ দলং নিৰ্মাণৰ শুভাৰম্ভ




মাজুলীবাসীৰ সৈতে ৰাস মহোৎসৱ উপভোগ কৰি থকা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অঞ্চলটোৰ জনগণৰ বাবে এটা ভাল খবৰ দিলে। ৩০ নৱেম্বৰৰ পৰা আৰম্ভ হ'ব মাজুলী-যোৰহাট দলঙৰ নিৰ্মাণকাৰ্য। ব্ৰহ্মপুত্ৰৰ ওপৰেৰে নিৰ্মাণ হ'বলগীয়া দলংখন সম্পূৰ্ণ হ'লে মাজুলীবাসীৰ বাবে বিপজ্জনক যাতায়াত অতীত হৈ পৰিব। ইয়াৰ বিপৰীতে মুকলি হ'ব প্ৰগতিৰ নতুন পথ।




যোৰহাট-মাজুলী দলং নিৰ্মাণস্থলী পৰিদৰ্শন কৰি ৩০ নৱেম্বৰত দলঙৰ প্ৰথমটো খুঁটা পোতাৰ লগতে ২-৩ দিনৰ ভিতৰতে ভূমি অধিগ্ৰহণৰ বাবে প্ৰয়োজনীয় ধন মুকলি কৰা হ'ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। উল্লেখ্য যে দলংখনৰ নিৰ্মাণ ৪ বছৰত সম্পূৰ্ণ হ’ব।

2 views0 comments