ৰক্তদানৰ সজাগতা বৃদ্ধিৰ বাবে ৭০০০ কি:মি: খোজকাঢ়িলে এজন উদ্যমী যুৱকে







ৰক্তদান সম্পৰ্কে সজাগতা বৃদ্ধি কৰিবলৈ গুন্টুৰৰ ২৪ বছৰীয়া গাণ্ডু শিৱাই সমগ্ৰ দেশত ৭,০০০ কিলোমিটাৰ খোজকাঢ়ি মানুহৰ মাজত সজাগতা বৃদ্ধিৰ প্ৰচেষ্টা কৰে। তেওঁ ১ এপ্ৰিলত কন্যাকুমাৰীৰ পৰা এই অভিযান আৰম্ভ কৰিছিল আৰু যোৱা সপ্তাহত দিল্লীত সম্পূৰ্ণ কৰে।


তেওঁ কেৰালা, তামিলনাডু, কৰ্ণাটক, অন্ধ্ৰ প্ৰদেশ, তেলেংগানা, উৰিষ্যা, ছত্তীশগড়, কলকাতা, বিহাৰ, ঝাৰখণ্ড, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, গুজৰাট, ৰাজস্থান, উত্তৰ প্ৰদেশ, অৰুণাচল প্ৰদেশ, উত্তৰাখণ্ড, জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ, হাৰিয়ানা আৰু পঞ্জাৱকে ধৰি ২২ খন ৰাজ্যত বাৰ্তালাপ কৰে আৰু ৰক্তদানৰ সন্দৰ্ভত মানুহক সজাগ কৰে ।


ৰক্তদানৰ গুৰুত্ব বৃদ্ধিৰ বাবে সমাজক শিক্ষিত কৰাৰ প্ৰতিশ্ৰুতিৰ বাবে চলিত বছৰৰ আগষ্টত ইণ্ডিয়া বুক অফ ৰেকৰ্ডছৰ দ্বাৰা শিৱক স্বীকৃতিও দিয়া হৈছিল।


উল্লেখযোগ্য যে COVID-19 মহামাৰীৰ প্ৰথম ঢৌৰ সময়ত শিৱৰ ভগ্নী জটিলতাৰ সন্মুখীন হৈছিল আৰু তেজৰ প্ৰয়োজন হৈছিল। কিন্তু সেই সময়ত লাভ কৰা নাছিল তেজ । এই ঘটনাৰ পিছত যুৱকজনে উপলব্ধি কৰিছিল যে এজনৰ বাবে ৰক্তদান কৰাটো কিমান গুৰুত্বপূৰ্ণ যাতে প্ৰয়োজনীয় সময়ত সময়মতে ইয়াক লাভ কৰিব পাৰে। সেয়েহে, তেওঁ লোকসকলক ৰক্তদানৰ প্ৰয়োজনীয়তাৰ বিষয়ে বুজাবলৈ, সজাগ কৰিবলৈ খোজ কাঢ়িবলৈ আৰম্ভ কৰিছিল।


"গ্ৰাম্য আৰু নগৰ অঞ্চল নিৰ্বিশেষে, বহুলোক এতিয়াও অন্ধবিশ্বাসী আৰু ৰক্তদানৰ বিষয়ে ভুল ধাৰণা লৈ আছে। যদিও মানুহে মানুহক কাপোৰ, খাদ্য আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী দান কৰিবলৈ সাজু কিন্তু তেওঁলোকে ৰক্তদান কৰিবলৈ আগবাঢ়ি অহা নাই। যিটো অধিক গুৰুত্বপূৰ্ণ কিয়নো ইয়াক কোনো পৰীক্ষাগাৰত উৎপাদন কৰিব নোৱাৰি। সেয়েহে, মোৰ লক্ষ্য হৈছে যে যিকোনো ব্যক্তিয়ে প্ৰয়োজন হ'লে তেজ পাবলৈ সক্ষম হ'ব লাগে," তেওঁ কয়।


ৰেডক্ৰছ চছাইটি, লায়ন্স ক্লাব, স্থানীয় সহায়ক গোট আৰু আৰক্ষী বিভাগৰ সমন্বয়ৰ সৈতে, শিৱাই চিকিৎসালয় মহাবিদ্যালয়ত ৩০০ ৰো অধিক ৰক্তদান শিবিৰ পৰিচালনা কৰিছে আৰু এতিয়ালৈকে এক লাখ ইউনিট তেজ সংগ্ৰহ কৰিছে।

2 views0 comments