কৰোনাৰ নতুন ৰূপ : বিশ্বৰ লগতে ভাৰততো হামখুৰি খাই পতন শ্বেয়াৰ বজাৰৰ




কৰোনা ভাইৰাছৰ নতুন ৰূপৰ আবিৰ্ভাৱৰ বাবে বিশ্বজুৰি বিভিন্ন শ্বেয়াৰ বজাৰ পতনৰ পিছত আশংকা আছিলেই। সেই শংকা সত্যত প্ৰতিপন্ন কৰি শুকুৰবাৰ অৰ্থাৎ আজি পুৱা উদ্বেগজনক পতনৰ সাক্ষী হ'ল ভাৰতৰ শ্বেয়াৰ বজাৰ। কৰোনা ভাইৰাছৰ নতুন ৰূপক লৈ শংকিত ছেনছেক্স হামখুৰি খাই প্রায় এক হাজাৰ ৪০০ পয়ন্ট নামিল। নিফটীৰো প্রায় ৪০০ পয়ন্ট সৰিল।


আজি মুকলি হোৱাৰ লগে লগে শ্বেয়াৰ বজাৰৰ সূচক নামিবলৈ আৰম্ভ কৰে। সবাতকৈ অধিক দাম কমে গাড়ী, বেংক, শক্তিক্ষেত্ৰৰ শ্বেয়াৰৰ। নিফটীৰ ব্লু চিপ শ্বেয়াৰসমূহৰ ভিতৰত ৰিলায়েঞ্চ ইণ্ডাষ্টিজৰ শ্বেয়াৰৰ দাম সৰ্বাধিক কমে। এসময়ত প্রায় ২.৭ শতাংশ নামিছিল দাম। দাম কমিছে এইচডিএফচি, এছবিআই, ইনফোছিছৰ দৰে নামী শ্বেয়াৰৰো।




পুৱা ১১ বজাত ছেনছেক্স নামি যায় ১৪০৮ পয়ন্ট। পিছত সামান্য বাঢ়িলেও বিশেষ উন্নতি নঘটিল। এই বিপুল পতনৰ ফলত বজাৰৰ পৰা বিনিয়োগকাৰীৰ প্রায় ৬.৫ লাখ কোটি টকা উধাও হৈ যায়।

5 views0 comments