২৫, ২৬ আৰু ২৭ ফ্ৰেবুৱাৰীত শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশন





উত্তৰ-পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ সংগঠন শ্ৰীমন্ত শংকৰ দেৱ সংঘৰ আগন্তুক অধিবেশনৰ বাবে নতুন দিন ধাৰ্য কৰা হৈছে ৷শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘ হৈছে অসমৰ এটা বেচৰকাৰী সামাজিক তথা ধাৰ্মিক অনুষ্ঠান। মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ আদৰ্শ, সৃষ্টিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাই হৈছে এই অনুষ্ঠানৰ মূল উদ্দেশ্য। সঙ্ঘৰ নিজা সংবিধান আৰু মহাপুৰুষ জনাৰ জন্মৰ পৰা গণনা কৰা শঙ্কৰাব্দ নামৰ দিনপঞ্জী আছে। মহাপুৰুষ জনাই দেখুৱাই যোৱা এক শৰণ নামধৰ্মক ভৱিষ্যতলৈ আগুৱাই নিয়াৰ মানসেৰে ১৯৩০ চনত ইয়াক স্থাপিত কৰা হৈছিল। চলিব বৰ্ষৰ ফ্ৰেবুৱাৰী মাহৰ ২৫, ২৬ আৰু ২৭ ফ্ৰেবুৱাৰীত সংঘৰ অধিবেশন অনুষ্ঠিত হ’ব ৷ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়াৰ ৰাঙলী পথাৰতে অধিবেশনখনি পুনৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱা হৈছে ৷ শ্ৰীমন্ত শংকৰ দেৱ সংঘৰ নগাঁৱৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত কাৰ্যনিৰ্বাহক সভাই ২৫, ২৬ আৰু ২৭ ফ্ৰেবুৱাৰীত পুনৰ অধিবেশন খনি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে ৷অৱশ্যে এই অধিবেশনখনিত বাণিজ্য মেলা অনুষ্ঠিত নহয় ৷ ইয়াৰ বাহিৰেও সীমিত সংখ্যক ভক্তৰ উপস্হিতিত অধিবেশন খনি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত লোৱাৰ লগতে মৃতব্যয়ৰে অধিবেশন পাতিবলৈ সিদ্ধান্ত লয় কাৰ্যনিৰ্বাহক সভাই ৷ কাৰ্যসূচীত গ্ৰন্হ আৰু প্ৰৰ্দশনীৰ কাৰ্যসূচী অৰ্ন্তভূক্ত হব ৷ লগতে ৰাজ্য যি যি জিলাই কোভিডৰ বাবে জিলা অধিবেশন স্হগিত ৰাখিছিল সেই সমূহ জিলাই ২৫ ফ্ৰেবুৱাৰীৰ আগতে অধিৱেশন অনুষ্ঠিত কৰিব লাগিব বুলি জনাইছে শ্ৰীমন্ত শংকৰ দেব সংঘৰ মুখ্য কাৰ্যালয়ে। ইতিমধ্যে অধিৱেশনখন সূচাৰুৰূপে পৰিচালনা কৰাৰ অৰ্থে জয়ন্ত নাথক সভাপতি, নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈক কাৰ্যকৰী সভাপতি, ড: জ্যোতি প্ৰসাদ কোঁৱৰ, দৈনিক জনমভূমিৰ মৰাণৰ জ্যেষ্ঠ সাংবাদিক শোভিত কুমাৰ ছেত্ৰী, দুলীয়াজানৰ বিধায়ক তেৰছ গোৱালা, ইন্দ্ৰ গগৈ আদিকে ধৰি 16 জন ব্যক্তিক উপ-সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছে ৷আনহাতে, হৰি প্ৰসাদ গগৈক সাধাৰণ সম্পাদক, মৃণাল কুমাৰ বৰুৱা আৰু ভৱেশ হাজৰিকাক যুটীয়া সম্পাদক, গকুল দত্ত আৰু লীলা দত্তক কাৰ্যালয় সম্পাদক, অজিত বৰুৱা, তোষেশ্বৰ গগৈ আৰু দয়ানন্দ খেৰেমীয়াক হিচাপ পৰীক্ষকৰূপে লৈ এক শক্তিশালী সমিতি আৰু মুঠ 37 খন উপ সমিতি গঠন কৰা হয় ।

4 views0 comments