গুৱাহাটীত আৰু এটা হত্যাকাণ্ড : এইবাৰ পূজাৰীক হত্যা, পত্নীক আৰক্ষীৰ জেৰা




গুৱাহাটীত সংঘটিত হ'ল আৰু এটা হত্যাকাণ্ড। এইবাৰ মহানগৰীৰ পল্টন বজাৰত এজন পূজাৰীক হত্যা কৰে দুৰ্বৃত্তই। পূজাৰীজনৰ নাম নাৰায়ণ চক্ৰৱৰ্তী। তেওঁক ৰে'ল বিভাগৰ আৱাস এটাৰ ৰখীয়া কৰি থৈ গৈছিল আৱাসটোৰ গৰাকীয়ে। বৃহস্পতিবাৰে নিশা আৱাসটোত নাৰায়ণ চক্ৰৱৰ্তীৰ মৃতদেহ উদ্ধাৰ হয়। মৃতদেহটোত আঘাতৰ চিন স্পষ্ট হৈ আছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে প্ৰতিৱেশী এজনক আটক কৰিছে। পূজাৰীৰ পত্নীকো আৰক্ষীয়ে জেৰা কৰা বুলি জানিব পৰা গৈছে।



নিহত নাৰায়ণ চক্ৰৱৰ্তী কালিবাৰীৰ কালী মন্দিৰৰ পূজাৰী আছিল। ঘাতকে তেওঁক মূৰত আঘাত কৰি হত্যা কৰা বুলি অনুমান কৰা হৈছে। মৃতদেহ উদ্ধাৰ হোৱা কোৱাটাৰটো সঞ্জীৱ চৌধুৰীৰ নামত আবণ্টিত। তেওঁ ষঠ্ পূজাৰ বাবে বিহাৰলৈ যোৱাত পূজাৰীজনক ঘৰৰখীয়া পাতিছিল।



ঘটনাস্থলীত উপস্থিত উচ্চপদস্থ আৰক্ষী বিষয়া। নিশাই ঘটনাস্থলীলৈ অনা হৈছে স্নিফাৰ ডগ। আনফালে সোধা-পোছাৰ বাবে আৰক্ষীয়ে আটক কৰিছে পূজাৰীজনৰ চুবুৰীয়া সত্য নাৰায়ণ বাছফ’ৰ নামৰ এগৰাকী ব্যক্তিক। মৃত নাৰায়ণ চক্ৰৱৰ্তীৰ পত্নীকো সোধ-পোচৰ বাবে লৈ যোৱা হৈছে থানালৈ। তদন্তৰ অন্ততহে জানিব পৰা যাব প্ৰকৃত সত্য কি।



উল্লেখ্য যে নাৰায়ণ চক্ৰৱৰ্তীৰ ঘৰ কোচবিহত। পত্নীৰ ঘৰ পশ্চিমবংগৰ অসম সীমান্তৱৰ্তী বক্সিৰহাটত। দুগৰাকী কন্যা সন্তানৰ পিতৃ নাৰায়ণ চক্ৰৱৰ্তীৰ জ্যেষ্ঠ কন্যাৰ বয়স ১৪ বছৰ সৰুজনীৰ বয়স ৪ বছৰ।

3 views0 comments