মহানগৰীত আৰু এটা হত্যাকাণ্ড : লখিমীনগৰত মিলন চেত্ৰীক হানি-খুঁচি হত্যা




গুৱাহাটীত জনসাধাৰণৰ নিৰাপত্তা এতিয়া এটা বৃহৎ প্ৰশ্ন হৈ পৰিছে। মহানগৰীত হত্যা যেন সহজ শব্দ হৈ পৰিছে। সোমবাৰে মহানগৰীৰ লখিমীনগৰত উদ্ধাৰ হোৱা মৃতদেহ টোই এই আশংকাকে শক্তিশালী কৰিছে। উদ্ধাৰ হোৱা মৃতদেহটো ৫৫ বছৰীয়া মিলন চেত্ৰী নামৰ লোকজনৰ। তেওঁক ঘৰৰ ভিতৰত দুৰ্বৃত্তই হত্যা কৰি বাহিৰৰ পৰা তলা মাৰি থৈ গৈছিল। প্ৰায় ১ টা সপ্তাহ পূৰ্বে হত্যাকাণ্ডটো ঘটা বুলি আৰক্ষীয়ে সন্দেহ কৰিছে।


মিলন চেত্ৰী আতাউৰ ৰহমান নামৰ লোকজনৰ ঘৰত কেয়াৰ টেকাৰ হিচাপে আছিল। মৃতহদেহৰ কাষত এখন ডেগাৰ উদ্ধাৰ হৈছে। জানিব পৰা মতে, ৰং মিস্ত্ৰী হিচাপে কাম কৰা মিলন চেত্ৰীয়ে প্ৰায়ে পাৰিবাৰিক কাজিয়াত লিপ্ত হৈছিল।


আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে। এতিয়ালৈকে কোনো লোকক আটক কৰা নাই। উল্লেখযোগ্য যে হত্যাকাৰীয়ে হানি-খুচি অতি নৃশংসভাৱে এই লোকজনক হত্যা কৰিছিল।


ইফালে মালিগাঁৱত এজন নৈশ চকিদৰাক হত্যা কৰা হত্যাকাৰী বিকি চাহানিক কোচবিহাৰৰ নিকটৱৰ্তী পুণ্ডিবাৰীত মহানগৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি আনিছে। তৰুণ ডেকা নামৰ নৈশ চকিদাৰজনক বিকিয়ে হত্যা কৰাৰ দৃশ্য চি চি টিভিৰ কেমৰাতো বন্দী হৈছিল।


মেকানিকৰ কাম কৰা বিকিয়ে আৰক্ষীৰ জেৰাত তৰুণ ডেককা হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে। বৰ্তমান জালুকবাৰীৰ আৰক্ষীৰ জিম্মাত আছে বিকি নামৰ হত্যাকাৰীতো। আৰক্ষীৰ জেৰাত জানিবলৈ দিয়া মতে অশ্লীল গালি পৰাৰ বাবেই কাঠৰ টুকুৰাৰে মৰিয়াই তেওঁ হত্যা কৰিছিল।

3 views0 comments