দুৰ্নীতি-কেলেংকাৰিত সাঙোৰ খোৱা নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰিলে এপিডিচিএলে





দুৰ্নীতি-কেলেংকাৰিৰে লুটুৰি-পুটুৰি হৈ পৰা Office Cum Field Assistant(OCFA), SAHAYAK আৰু DRIVER (Fresh) পদৰ নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰিলে এপিডিচিএলে। এখন জাননীযোগে এপিডিচিএল কৰ্তৃপক্ষই এই কথা সদৰি কৰিছে।



উল্লেখ্য যে ২০১৯ বৰ্ষত ১৮০০ৰো অধিক OCFA(FRESH) পদত নিযুক্তিৰ বাবে পৰীক্ষা অনুষ্ঠিত হৈছিল। তদুপৰি কেইবাটাও সহায়ক আৰু চালক পদৰ বাবেও অনুষ্ঠিত হৈছিল পৰীক্ষা। পৰীক্ষা প্ৰক্ৰিয়াটোত দুৰ্নীতি সাঙোৰ খাই পৰে। পৰীক্ষাত উত্তীৰ্ণৰ কৰোৱাৰ নামত ধনৰ লেনদেনৰ তথ্য পোহৰলৈ আহে। সমগ্ৰ কেলেংকাৰিৰ মুখ্যমন্ত্ৰীৰ তদাৰকী কোষে তদন্ত চলাই আছে। গ্ৰেপ্তাৰো হৈছে কেইবাজন। তেতিয়াই মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই নিযুক্তি পৰীক্ষা পুনৰ পতা হ'ব বুলি ঘোষণা কৰিছিল। তাৰেই পৰিপ্ৰেক্ষিতত এপিডিচিএল কৰ্তৃপক্ষই Office Cum Field Assistant(OCFA), SAHAYAK আৰু DRIVER (Fresh) পদৰ নিযুক্তি প্ৰক্ৰিয়া বাতিল কৰে।

7 views0 comments