২৭ নৱেম্বৰত কলেজত-মাৰ্চত বিদ্যালয়ত শিক্ষক নিযুক্তি : শিক্ষামন্ত্ৰী ডাঃ পেগু




২৭ নৱেম্বৰত অসমত কলেজ শিক্ষক নিযুক্তি দিয়া হ’ব। তদুপৰি মাৰ্চত বিদ্যালয় পৰ্যায়ত শিক্ষক নিযুক্তি হ’ব। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে বুধবাৰে আয়োজিত এখন সংবাদ মেলত এই ঘোষণা কৰে। সংবাদ মেলখনত তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত তথা ঘোষণা কৰে। তেওঁ কয় যে

অসম চৰকাৰৰ শিক্ষা বিভাগ আৰু শংকৰদেৱ ৰিছাৰ্চ ফাউণ্ডেচনৰ উদ্যোগত অহা ২০ আৰু ২১ নৱেম্বৰত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় শিক্ষা নীতি-২০২০ আধাৰত উত্তৰ-পূব শৈক্ষিক সন্মিলন এখন অনুষ্ঠিত হ'ব। অনুষ্ঠানত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধমেন্দ্ৰ প্ৰধান উপস্থিত থাকিব। সন্মিলনত ৰাজ্যৰ সকলো কলেজ আৰু অভিযান্ত্ৰিক অধ্যক্ষৰ সৈতে আলোচনা হ'ব। সন্মিলনখনত পাঁচটা সত্ৰ থাকিব। তাত বৃত্তিগত শিক্ষানুষ্ঠানৰ অধ্যক্ষ প্ৰধান শিক্ষক, পৰিচালনা সমিতি আৰু শিক্ষককো চামিল কৰা হ’ব.

শিক্ষামন্ত্ৰী ডাঃ পেগুৱে সংবাদ মেলত কয় যে অসমত নতুন শিক্ষানীতিৰ দিশ ৰূপায়ণৰ কাম আৰম্ভ হৈছে। ৰাজ্যখনৰ সকলো শিক্ষানুষ্ঠানত ২০২২ চনৰ পৰা ২০২৩ চনৰ ভিতৰত নতুন শিক্ষানীতি কাৰ্যকৰী হ'ব।

31 views0 comments