PMAGY আঁচনি অব্যাহত ৰখাৰ বাবে কেন্দ্ৰীয় কেবিনেটে দিলে অনুমোদন







প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় কেবিনেটে প্ৰধানমন্ত্ৰী আৱাস গ্ৰামীণ যোজনা অব্যাহত ৰখাৰ বাবে গ্ৰামোন্নয়ন বিভাগৰ প্ৰস্তাৱত অনুমোদন জনাইছে।


এক চৰকাৰী বিজ্ঞপ্তি অনুসৰি, ২০২১ চনৰ ৩১ মাৰ্চৰ পিছৰ পৰা বাকী থকা ১৫৫.৭৫ লাখ ঘৰ নিৰ্মাণৰ বাবে বিত্তীয় সাহায্য প্ৰদান কৰিব লাগিব। ২০২১ চনৰ মাৰ্চ মাহৰ পিছৰ পৰা ২০২৪ চনৰ মাৰ্চ লৈকে ২.৯৫ কোটি ঘৰৰ নিৰ্মাণৰ লক্ষ্যৰ ভিতৰত বাকী থকা ঘৰবোৰ সম্পূৰ্ণ কৰাৰ বাবে অব্যাহত ৰখা হ'ব এই আঁচনি।



বাকী থকা ১৫৫.৭৫ লাখ ঘৰ নিৰ্মাণৰ বাবে আছে ২,১৭,২৫৭ কোটি টকা । এই আঁচনিৰ অধীনত গ্ৰাম্য অঞ্চলত ২.৯৫ কোটি ঘৰৰ সামগ্ৰিক লক্ষ্য পূৰণৰ কৰাৰ বাবে আৰু এন.এ.বি.এ.ডি.-ৰ পৰা ১৮.৬৭ কোটি টকাৰ অতিৰিক্তভাৱে প্ৰয়োজন হ'ব । এই সন্দৰ্ভত সমগ্ৰ আঁচনিৰ পুঁজিৰ ব্যৱস্থা বিত্ত মন্ত্ৰালয়ৰ সৈতে আলোচনা কৰি সিদ্ধান্ত লোৱা হ'ব।



প্ৰশাসনিক পুঁজিৰ কেন্দ্ৰীয় অংশৰ পৰা বছৰি অতিৰিক্ত ৪৫ লাখ টকাৰ মুকলি কৰা, প্ৰতিখন সৰু ৰাজ্য যেনে হিমাচল প্ৰদেশ, হাৰিয়ানা, গোৱা, পঞ্জাৱ, উত্তৰাখণ্ড, অসম আৰু ত্ৰিপুৰাৰ বাহিৰে উত্তৰ-পূবৰ ৰাজ্য আৰু জম্মু আৰু কাশ্মীৰৰ বাহিৰে সকলো কেন্দ্ৰীয় শাসিত ৰাজ্যৰ বাবে ১.৭০ শতাংশতকৈ অধিক প্ৰশাসনিক পুঁজি মুকলি কৰা হৈছে বুলি কোৱা হৈছে বিবৃতিত।



২০২৪ চনৰ মাৰ্চ মাহলৈকে আঁচনিখন অব্যাহত ৰখাটোৱে এইটো প্ৰমাণ কৰে যে এই আঁচনিৰ অধীনত ২.৯৫ কোটি ঘৰৰ সামগ্ৰিক লক্ষ্যৰ ভিতৰত বাকী ১৫৫.৭৫ লাখ পৰিয়ালক গ্ৰাম্য অঞ্চলত "সকলোৰে বাবে গৃহ" ৰ উদ্দেশ্য পূৰণ কৰাৰ বাবে প্ৰাথমিক সুবিধাৰ সৈতে পকী ঘৰ নিৰ্মাণত সহায় কৰা হ'ব।


উল্লেখযোগ্য যে ২৯ নৱেম্বৰ ২০২১লৈকে ২.৯৫ কোটিৰ ভিতৰত ১.৬৫ কোটি ঘৰ নিৰ্মাণ কৰা হৈছে। অনুমান কৰা হৈছে যে ২.০২ কোটি ঘৰ, যি এছইচিচি ২০১১ ৰ ডাটাবেচ আধাৰিত স্থায়ী অপেক্ষা তালিকাৰ প্ৰায় সমান , সেইয়া ১৫ আগষ্ট ২০২২-ৰ ভিতৰত সম্পূৰ্ণ হ'ব। সেয়েহে, মুঠ ২.৯৫ কোটি ঘৰৰ লক্ষ্য পূৰণ কৰিবলৈ, আঁচনিখন ২০২৪ ৰ মাৰ্চলৈকে অব্যাহত ৰাখিব লাগিব।

5 views0 comments