পহিলা এপ্ৰিল : এপ্ৰিল ফুল নহয়, দামবৃদ্ধিৰ এটা নতুন দানৱ আহিল দেশলৈ





পহিলা এপ্ৰিলৰ দিনটোক এপ্ৰিল ফুল হিচাপে ুদযাপন কৰা হয়। দিনটোত খেলুৱৈসুলভ মনোভাৱেৰে বা মনত কোনো অসৎ-কপট অভিপ্রায় নৰখাকৈ ধেমালি-ধেমালিৰে মুৰ্খ সজোৱা হয় বা সজোৱাৰ চেষ্টা চলোৱা হয়। কিন্তু এইবেলিৰ পহিল এপ্ৰিল অৰ্থাৎ আজিৰ দিনটো এপ্ৰিল ফুল নহয়, দেশবাসীৰ বাবে এটা দুঃস্বপ্নৰ দৰে আৰম্ভ হৈছে। এই দিনটোৰ পৰা দেশজুৰি তথা অসমত সামগ্ৰীৰ দামে আকাশ চুইছে। ইয়াৰ পৰা বাদ পৰি ৰোৱা নাই জীৱনদায়িনী দৰব, ৰন্ঞন গেছৰ চিলিণ্ডাৰ, পেট্ৰ’ল-ডিজেলৰ দাম। কেৱল ইমানেই নহয়, আজিৰ দিনটোৰ পৰা অসমত টোলকৰো অভাৱনীয় হাৰত বৃদ্ধি পাইছে।

প্ৰথমে বাজেটৰ প্ৰসংগৰে দামবৃদ্ধিৰ তালিকাখনলৈ আহোঁ। কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে ২০২২ বৰ্ষৰ বাজেটত উল্লেখ কৰা কেতবোৰ ঘোষণাৰ বাবে আজিৰেপৰা বৃদ্ধি হৈছে কেতবোৰ সামগ্ৰী দাম। ফেব্ৰুৱাৰীত সংসদৰ বাজেট অধিৱেশনত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কেইবাটাও সামগ্ৰীৰ আমদানি শুল্ক বৃদ্ধি কৰাৰ কথা ঘোষণা কৰিছিল। সেই অনুসৰি টিভি, ফ্ৰীজ, ম’বাইল ফোনকে ধৰি ইলেক্ট্ৰনিক সামগ্ৰী, গৃহ নিৰ্মাণ সামগ্ৰী, ৰাসায়নিক সাৰ, পশুখাদ্য, শিশু খাদ্যৰ লগতে বহু কেইবিধ সামগ্ৰীৰ দামবৃদ্ধি পাইছে।

আনহাতে ষ্টীলৰ সামগ্ৰীৰো মূল্যবৃদ্ধি হোৱাটো নিশ্চিত হৈছে। ফলত ষ্টীলেৰে নিৰ্মিত সকলো সামগ্ৰীৰে দামবৃদ্ধি হ’ল। একেদৰে টেলিকম কোম্পানীসমূহে বৃদ্ধি কৰিব ম’বাইল ফোনসেৱাৰ ৰিচাৰ্জৰ দাম।

ইফালে, বিদ্যুৎ মাচুল বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰাৰ ফলত অসমত আজিৰে পৰা প্ৰতি ইউনিট বিদ্যুতৰ মাচুল বৃদ্ধি পাব ৫৯ পইচাকৈ। আনহাতে, ৰাজ্যৰ বিভিন্ন ঠাইত থকা টোলগেটসমূহত পূৰ্বৰ তুলনাত অধিক ধন ভৰিব লাগিব সাধাৰণ জনতাই। ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণে জাৰি কৰা জাননী অনুসৰি, ১৫ শতাংশকৈ বৃদ্ধি পাইছে টোলগেটৰ কৰ। অৰ্থাৎ টোলগেটেৰে বাহন পাৰ হলে ভৰিব লাগিব পূৰ্বতকৈ অধিক টকা।

ইপিনে, আজিৰে পৰা ৰন্ধন গেছৰো দামবৃদ্ধি হৈছে। অৱশ্যে ইয়াত ঘৰুৱা গেছ অন্তৰ্ভুক্ত হোৱা নাই। বাণিজ্যিক ৰন্ধন গেছৰ দাম ২৫০ টকাকৈ বঢ়োৱা হৈছে। আজিৰে পৰা ১৯ কিলোগ্ৰাম ওজনৰ ব্যৱসায়িক চিলিণ্ডাৰৰ দাম ২,২৫৩ টকা হৈছে।


আনহাতে, আজিৰে পৰা ৮০০বিধ জীৱনদায়িনী ঔষধৰ দামবৃদ্ধি হৈছে। বৃদ্ধি হৈছে ১০.৭ শতাংশ. কেতবোৰ ঔষধৰ মূল্য কেন্দ্ৰীয় চৰকাৰৰ অনুমতি অবিহনে বৃদ্ধি কৰিব নোৱাৰে। কেন্দ্ৰীয় চৰকাৰৰ অনুমতিৰ পিছতেই প্ৰায় ৮০০বিধ ঔষধৰ মূল্য বৃদ্ধি পালে। ইয়াৰ ভিতৰত আছে পেৰাচিটেমল,এন্টিবায়’টিক, ব্লাড প্ৰেছাৰ, হৃদৰোগৰ দৰব আদি।

মুঠতে আজিৰে পৰা দামবৃদ্ধিৰ দানৱটোৱে অসম তথা দেশখনৰ কোটি কোটি দুখীয়া-মধ্যবিত্ত সকলোকে জেপৰ পৰা অধিক ধন খৰচ কৰিবলৈ বাধ্য কৰিব। দৈনন্দিন জীৱনৰ বাজেটত আউল লাগিব। আজিৰে পৰা দামবৃদ্ধিৰ এটা নতুন সংকটৰ সৈতে মোকাবিলা কৰিব লাগিব জনসাধাৰণে।

2 views0 comments