বাংলাদেশত হিন্দুক আক্ৰমণক প্ৰেৰণা হিচাপে লৈছে নেকি ভাৰতীয় মৌলবাদীয়ে?





শাৰদীয় দুৰ্গোৎসৱত বাংলাদেশত হিন্দু আৰু হিন্দুত্বৰ ওপৰত চলা অত্যাচাৰ-আক্ৰমণে উৎসাহিত কৰিছে ভাৰতবৰ্ষত বসবাস কৰা একাংশ ইছলামিক মৌলবাদীক? বাংলাদেশৰ ঘটনাৰ পিছতে ভাৰতৰ বাংলাদেশ সীমান্তৱৰ্তী অঞ্চলৰ কেইবাস্থানতো হিন্দুৰ আৰাধ্য দেৱী প্ৰতিমাৰ ওপৰত আক্ৰমণ চলিছে। অসমৰ বাংলাদেশ সীমান্তৱৰ্তী আগমনি আৰু গোলকগঞ্জ অঞ্চলৰ দুটা কালী মন্দিৰৰ কালী প্ৰতিমাৰ শিৰশ্ছেদ কৰা হৈছে। এইবাৰ পশ্চিমবংগত সংঘটিত হৈছে অনুৰূপ ঘটনা। ইয়াকে লৈ ৰাজ্যখনত সৃষ্টি হৈছে উত্তেজনা। স্বাভাৱিকতে প্ৰশ্ন উঠিছে- ইয়াৰ আঁৰত কি? কোনে আৰু কিয় হিন্দুৰ সেৱাৰ থলীক ধাৰাবাহিকভাৱে আক্ৰমণৰ লক্ষ্য কৰি লৈছে? বাংলাদেশত সংঘটিত আক্ৰমণক ভাৰতীয় ইছলামিক মৌলবাদীয়ে প্ৰেৰণা হিচাপে লৈছে নেকি?



পশ্চিমবংগৰ উত্তৰ ২৪ পৰগণা জিলাত সংঘটিত হৈছে শেহতীয়া ঘটনাটো। ৰাস উৎসৱৰ বাবে প্ৰস্তুত কৰা হিন্দু দেৱ-দেৱীৰ মূৰ্তি দুষ্কৃতিকাৰীয়ে ভাঙি চূৰমাৰ কৰে।


ঘটনা সংক্ৰান্তত আৰক্ষী অধীক্ষক জোবি থমাছে কয় যে মূৰ্তিবোৰ ধ্বংস কৰাৰ খবৰ স্থানীয় লোকে দিছিল। ইয়াৰ পাছত আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ভঙা মূৰ্তিবোৰ আঁতৰাই লৈ গৈছে আৰু ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। ঘটনা সন্দৰ্ভত এতিয়ালৈকে কোনো লোকক গ্ৰেপ্তাৰ কৰা হোৱা নাই।

3 views0 comments