শোণিতপুৰত ৩ হাজাৰ টকা উৎকোচ লৈ গ্ৰেপ্তাৰ কনিষ্টবল




দুৰ্নীতিৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ নীতিৰে অগ্ৰসৰ অসমত দুৰ্নীতিগ্ৰস্ত চৰকাৰী বিষয়া-কৰ্মচাৰীৰ গ্ৰেপ্তাৰ নতুন কথা হৈ থকা নাই। শেহতীয়াকৈ উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল এজন আৰক্ষী কনিষ্টবল। ধৃত কনিষ্টবলজন তেজপুৰ সদৰ থানাৰ অধীনৰ বৰঘাট আৰক্ষী চকীত কৰ্মৰত দেৱব্ৰত বিশ্বাস। তেওঁক শোণিতপুৰ আৰক্ষীৰ বিশেষ দলে উৎকোচ লোৱা অৱস্থাত হাতে-লোটে ধৰিবলৈ সক্ষম হয়। শোণিতপুৰ আৰক্ষী অধীক্ষক  ধনঞ্জয় ঘনৱাতৰ নিৰ্দেশত চলা অভিযানত বুধবাৰে সন্ধিয়া প্ৰায় ছয় বজাত বিশ্বাস গ্ৰেপ্তাৰ হয়।


আৰক্ষী অধীক্ষক ঘনৱাতে জনোৱা মতে, এজন অভিযোগকাৰীৰ  পৰা তেওঁ গোচৰৰ বাবদ তিনি হেজাৰ টকা লওঁতে অৰ্থাৎ কেমিকেল লগাই বিশেষভাৱে চিহ্নিত কৰা টকা লোৱাৰ পাছত আৰক্ষীৰ বিশেষ দলে হাতে-লোটে  কৰায়ত্ত কৰে। সম্প্ৰতি জিলাৰ  অতিৰিক্ত আৰক্ষী  অধীক্ষকৰ নেতৃত্বত এটা দলে বিষয়টোৰ তদন্ত চলাই আছে। ইফালে, কনিষ্টবল বিশ্বাসৰ পৰা নগদ দহ হাজাৰ ছশ ত্ৰিশ টকাৰ উপৰি ১৪টুকুৰা নকল সোণ জব্দ হয়৷ ইয়াৰ পাছতে অভিযুক্ত বিশ্বাসৰ খনামুখৰ বাসগৃহতো তালাচী চলায় আৰক্ষীয়ে৷

5 views0 comments