চীনৰ গালত অৰুণাচলৰ প্ৰচণ্ড চৰ : কহোলৈ সীমান্তৰ প্ৰথম গাঁৱৰ স্বীকৃতি




চীন সীমান্তৰ পৰা মাথোঁ ২৫ কিলোমিটাৰ নিলগৰ আঞ্জাও জিলাৰ কহো গাঁৱক ভাৰতৰ প্রথম সীমান্তৱর্তী গাঁও হিচাপে বাছনি কৰিছে অৰুণাচল প্রদেশ চৰকাৰে৷ লোহিতৰ পাৰত মনোৰম প্ৰাকৃতিক পৰিৱেশ অৱস্থিত গাঁওখনৰ ইটানগৰৰ পৰা দূৰত্ব ৫৮০ কিলোমিটাৰ।


স্বাধীনতাৰ ৭৫ বছৰ উপলক্ষে অৰুণাচল প্রদেশ চৰকাৰে গাঁওখনক দেশৰ প্রথমখন সীমান্তৱর্তী গাঁও হিচাপে বাছনি কৰি তথ্য আৰু জনসংযোগ বিভাগৰ তৰফৰ পৰা ১২জনীয়া বিষয়ববীয়াৰ দল এটা গাঁওখনলৈ প্রেৰণ কৰিছিল৷ গাঁওখনত আছে ৬৫টা পৰিয়াল৷ ২০১১ চনত লোকপিয়ল অনুসৰি গাঁওখনত শিক্ষিত লোকৰ হাৰ হৈছে ৬৪.১৫ শতাংশ৷ গাঁওখন চীন সীমান্তৰ ৭খন গাঁৱৰ ভিতৰত অন্যতম৷ তথ্য আৰু জনসংযোগ বিভাগৰ বিষয়ববীয়াৰ দলটো গাঁওখনলৈ গৈ ৰাষ্ট্রীয় পতাকা উত্তোলন কৰে৷


স্মর্তব্য যে ১৯৬২ চনত গাঁওখনৰ বাসিন্দাসকল চীনা যুদ্ধৰ ভয়াৱহ দৃশ্যৰ সাক্ষী হৈছিল৷ তেতিয়াই তেওঁলোকে চীনৰ বিৰুদ্ধে ভাৰতীয় সেনাক বিভিন্ন ধৰণে সহায় কৰিছিল৷ এই কথা প্রকাশ কৰিছে অৰুণাচল প্রদেশৰ জনসংযোগ বিভাগৰ সঞ্চালক দেশ্বৰ টেচিয়ে৷ সঞ্চালকগৰাকীয়ে এই কথাও সদৰী কৰে যে গাঁওখনৰ লোকসকল তিব্বতী বৌদ্ধ ধর্মাৱলম্বী৷ গাঁওখনৰ পূর্বৰ বাসিন্দাসকলৰ প্রতিজনেই দেশৰ স্বাধীনতা সংগ্রামত অংশগ্রহণো কৰিছিল৷


প্ৰসংগক্ৰমে উল্লেখ্য যে অৰুণাচলক লৈ শেহতীয়াকৈ ভাৰত আৰু চীনৰ মাজত উত্তেজনা চৰম সীমাত উপনীত হৈছে। চীনে বৃহত্তৰ তীব্বতৰ অংশ হিচাপে ধৰি অৰুণাচলক নিজৰ ভূমি বুলি দাবী কৰি আহিছে। এনে প্ৰেক্ষাপটত সীমান্তৰ গাঁও এখনক এইদৰে স্বীকৃতি প্ৰদান কৰি সম্প্ৰসাৰণবাদী চীনৰ গালত এটা প্ৰচণ্ড চৰ সোধোৱাৰ দৰেই হৈছে বুলি ক'ব পাৰি।

11 views0 comments