কোনো অজ্ঞাত ৰোগত মণিপুৰত ২৫০ টাকৈ এছিয়ান ম'হৰ মৃত্যু





মণিপুৰৰ উখৰুল জিলাত যোৱা মাহটোত কোনো অচিন ৰোগত অতিকমেও ২৫০ টা এছিয়ান ম'হৰ মৃত্যু হয় । এই ঘটনাত পশু চিকিৎসা আৰু উদ্যান বিভাগ হতভম্ব হয় । প্ৰতিবেদন অনুসৰি ৱেহং, নিউ টুচম, টুচম চিবি, খাৰছোম আদি বিভিন্ন গাঁৱৰ পশু মালিকসকলৰ পৰা এছিয়ান জল ম'হৰ মৃত্যুৰ খবৰ আহিছে । এক প্ৰতিবেদন অনুসৰি এই ঘটনা হৈ যোৱাৰ এমাহৰ পিছতো বিষয়াসকলে বেমাৰবিধৰ প্ৰকৃত কাৰণ উলিয়াব পৰা নাই । এই ঘটনা সংঘটিত হৈছে জিলাখনৰ মুখ্যৰূপত কৃষিৰ দ্বাৰা জীৱিকা অর্জন কৰা লোকসকলৰ লগত । এন আৰ এছ ইউৰ নেতা জয় হৰামে পশু চিকিৎসা আৰু পশুপালন বিভাগক পশুবোৰক পোহনীয়া বনোৱাৰ ক্ষেত্ৰত গাঁওবোৰলৈ গৈ সজাগতা অভিযান চলোৱাৰ লগতে প্ৰতিৰোধী উপায় গ্ৰহণৰ আৰু প্ৰশিক্ষণ প্ৰদান কৰিবলৈ আহ্বান জনাইছে । যোৱা অক্টোবৰত উত্তৰ ৰাফেই ছাত্ৰ সন্থাইও মণিপুৰৰ উখৰুল জিলাৰ নিউ টুচম আৰু ৱেহং গাঁৱত এছিয়ান মূলৰ প্ৰায় ৫০ টা ম'হৰ মৃত্যুক লৈ নিজৰ উদ্বিগ্নতা প্ৰকাশ কৰিছিল ।

4 views0 comments