কৰোনা : দেশত তিনি লাখৰ কাষ চাপিল, ভাৰতৰ শীৰ্ষৰ ছখন ৰাজ্যত প্ৰৱেশ অসমৰ




দুদিন সামান্য হ্ৰাস পোৱাৰ পিছত দেশত কৰোনাৰ গ্ৰাফডাল পুনৰ ঊৰ্ধ্বমুখী হৈছে। বিগত দুদিনত দৈনিক সংক্রমণৰ সংখ্যা আৰু হাৰ কিছু হ্ৰাস পোৱাত বিশেষজ্ঞ মহলে কিছু স্বস্তিৰ নিশ্বাস এৰিছিল। কিন্তু বিগত ২৪ ঘন্টাৰ পৰিসংখ্যাই সেই আশাত চেঁচাপানী ঢালিলে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ তথ্য অনুসৰি, সময়ছোৱাত দেশত কৰোনাত আক্রান্ত হৈছে ২ লাখ ৮২ হাজাৰ ৯৭০জন। সংখ্যাটো আগদিনাতকৈ ৪৪ হাজাৰ ৮৮৯জন অধিক। লক্ষণীয়ভাৱে দৈনিক সংক্ৰমণৰ শীৰ্ষ ছখন ৰাজ্যৰ মাজলৈ আহিছে অসম। উত্তৰ-পূবৰ প্ৰাণকেন্দ্ৰস্বৰূপ ৰাজ্যখনত বিগত ২৪ ঘন্টাত ৮,০৭২জন পজিটিভ হৈছে। বাকী ৰাজ্য ৫খন হৈছে মহাৰাষ্ট্র, কেৰালা, কর্ণাটক, তামিলনাড়ু আৰু পশ্চিমবংগ। ইফালে দেশত পজিটিভিটী হাৰ পুনৰ বৃদ্ধি পাইছে। বিগত ২৪ ঘন্টাত এই আছিল ১৫.১৩ শতাংশ। চিকিৎসকসকলৰ বাবে এই গভীৰ চিন্তাৰ বিষয় হৈ পৰিছে।


ইফালে, দেশখনত অমাইক্ৰনত আক্ৰান্তৰ সংখ্যাও বাঢ়িছে। বৰ্তমান ভাৰতত অমাইক্ৰনত আক্ৰান্তৰ সংখ্যা হৈছে ৮ হাজাৰ ৯৬১জন। আনহাতে, বিগত ২৪ ঘণ্টাত দেশত মৃত্যু হৈছে ৪৪১জনৰ। এই সংখ্যাটাও আগদিনাৰ তুলনা অনেকটা বেচি। ভাৰতত এতিয়ালৈকে ৪ লাখ ৮৭ হাজাৰ ২০২জনে কৰোনাত প্ৰাণ হেৰুৱাইছে।


ইফালে, এই মুহূর্তত সবাতকৈ ডাঙৰ উদ্বেগৰ কাৰণ হৈ পৰিছে সক্ৰিয় ৰোগীৰ সংখ্যা। স্বাস্থ্য মন্ত্রালয়ৰ তথ্য অনুযায়ী, বর্তমানে দেশত চিকিৎসাধীন কৰোনা ৰোগীৰ সংখ্যা ১৮ লাখ ৩১ হাজাৰজন। সংখ্যাটো আগদিনাৰ তুলনাত প্রায় ৯৪ হাজাৰ অধিক। এইদৰে প্ৰতিদিনে চিকিৎসাধীন কৰোনা ৰোগীৰ সংখ্যা বাঢ়ি গৈ থাকিলে কিছুদিনৰ ভিতৰতে হাস্পতালত বিছনা, অক্সিজেন আদিৰ নাটনিৰ সৃষ্টি হ'ব পাৰে। কৰোনাৰ দ্বিতীয় লহৰত তেনে দুৰৱস্থাৰ সৃষ্টি হৈ বহু লোকে অকালতে মৃত্যুক সাবটি ল'বলগীয়া হৈছিল।


এইখিনিতে উল্লেখ্য কৰিব পাৰি যে এই পর্যন্ত দেশৰ ৩ কোটি ৫৫ লাখ ৮৩ হাজাৰ ৩৯জন কৰোনামুক্ত হৈছে। বিগত ২৪ ঘণ্টাত কৰোনামুক্ত হৈছে ১ লাখ ৮৮ হাজাৰ ১৫৭জন।


স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ে জনোৱা মতে, দেশত ইতিমধ্যে প্রায় ১৫৮ কোটি ৮৮ লক্ষাধিক পালি কৰোনাৰ টিকা দিয়া হৈছে। ১৫-১৮ বছৰৰ কিশোৰ-কিশোৰীৰ মাজতো টিকাকৰণৰ গতি সন্তোষজনক। ইতিমধ্যে ৫০ শতাংশৰো অধিকক টিকাৰ কমেও এটা পালি দিয়া হৈছে। টিকাকৰণৰ সমান্তৰালকৈ পৰীক্ষাৰ গতিও দ্ৰুততৰ হৈছে। বিগত ২৪ ঘণ্টাত দেশত কৰোনা পৰীক্ষা হৈছে ১৮ লাখ ৬৯ হাজাৰ ৬৪২ জনৰ।



ইফালে, ১২.৬২ শতাংশ পজিটিভিটী হাৰেৰে অসম কৰোনা মহামাৰীৰ বাবে সাৰুৱা ভূমিত পৰিণত হৈছে। ইয়াৰ বিপৰীতে সংকটৰ দিশে গতি কৰিছে ৰাজ্যখনৰ জনস্বাস্থ্য। পজিটিভিটী হাৰে দেখুৱাইছে অসমৰ বুজন সংখ্যক লোক কৰোনাত আক্ৰান্ত হৈছে। তাৰে সামান্য অংশ এটাহে পৰীক্ষাৰ আওতালৈ আহিছে।


চৰকাৰী তথ্য অনুসৰি, বিগত ২৪ ঘন্টাত অসমত ৮০৭২জন লোক কৰোনাত আক্রান্ত হৈছে৷ সময়ছোৱাত ৬৩,৯৪৪টা নমুনাৰ পৰীক্ষা কৰা হৈছিল৷ ইয়াৰ ভিতৰত ৮০৭২জন লোকৰ শৰীৰত ক’ভিডৰ অৱস্থিতি ধৰা পৰিছে৷ অৰ্থাৎ পজিটিভিটীৰ হাৰ ১২.৬২ শতাংশ৷ আক্রান্তসকলৰ ভিতৰত সর্বাধিক ১৯৯৬ ব্যক্তি গুৱাহাটীৰ৷


ইফালে ৰাজ্যখনত ক’ভিডত আক্রান্ত হৈ মৃত্যুক আঁকোৱালি লৈছে ১৬জন লোকে৷


উল্লেখ যে ৰাজ্যত ১০ বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্য আইন বলৱৎ থকাৰ লগতে কেতবোৰ বিশেষ নীতি–নির্দেশনা জাৰি কৰা হৈছে৷ তদুপৰি ৰাইজক সকলো ধৰণৰ ক’ভিড প্রট’কল মানি চলাৰ লগতে মাক্স পৰিধান কৰিবলৈ চৰকাৰে আহ্বান জনাইছে৷ কিন্তু ইয়াৰ বিপৰীতে একাংশ অসচেতন লোকে প্রতি মুহূর্ততে ভংগ কৰি আহিছে ক’ভিডৰ নীতি–নিয়ম৷ মাক্স পৰিধান কৰিবলৈ অনীহা, ৰাজহুৱা স্থানত সামাজিক দূৰত্ব মানি চলিবলৈ অস্বীকাৰ আদিৰ বাবে ৰাজ্যত দ্রুত গতিত ক’ভিডৰ সংক্রমণ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে বুলি সচেতন লোকসকলে মন্তব্য কৰিছে৷ আগন্তুক সময়ত ৰাজ্যবাসী অধিক সজাগ আৰু সচেতন নহ’লে ক’ভিড সংক্রমণে শীঘ্রে অধিক ভয়াৱহ ৰূপ লোৱাটো একপ্রকাৰ নিশ্চিত হৈ পৰিছে৷

3 views0 comments