নৈশভোজত মিলিত অসম-মিজোৰামৰ মুখ্যমন্ত্ৰী : আজি হ'ব অমিত শ্বাহৰে বৈঠক




অসম আৰু মিজোৰামৰ সীমা বিবাদক লৈ গৃহমন্ত্ৰী অমিত শ্বাহৰ মধ্যস্থতাত আজি নতুন দিল্লীত অনুষ্ঠিত হ'ব দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ বৈঠক। বহুচৰ্চিত বৈঠকখনক লৈ ইতিমধ্যে দুয়োখন ৰাজ্যত গভীৰ প্ৰত্যাশা জাগি উঠিছে। সংঘাতৰ বিপৰীতে সমিল-মিলেৰে সমস্যাটোৰ সমাধান সূত্ৰ ওলাব বুলি ৰাজ্য দুখনৰ জনসাধাৰণে আশাৰে বাট চাই আছে। লক্ষণীয় কথাটো হ'ল বৈঠকখনৰ পূৰ্বেই দুয়োগৰাকী মুখ্যমন্ত্ৰীৰ মাজত পৰিলক্ষিত chemistry-এ সীমা সমস্যাটোক সমাধানৰ দিশে ইতিমধ্যে কিছুদূৰ আগুৱাই নিলে।


উল্লেখ্য যে বৈঠকখনৰ পূৰ্বে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু জোৰামথাংগাই নতুন দিল্লীৰ অসম ভৱনত নৈশভোজত মিলিত হয়। অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ আমন্ত্রণক্রমে নৈশভোজত ভাগ লয় মিজোৰামৰ মুখ্যমন্ত্রীগৰাকী। নৈশভোজৰ পূৰ্বে অসম ভৱনৰ মুখ্যমন্ত্রীৰ কোঠাত দুয়োগৰাকীয়ে অসমৰ সীমান্ত উন্নয়ন মন্ত্রী অতুল বৰাৰ উপস্থিতিত প্রায় দুঘণ্টা আলোচনাত মিলিত হয়৷ আলোচনাত সীমা সমস্যাৰ লগতে আন্তঃৰাষ্ট্রীয় বিভিন্ন বিষয়ে স্থান লাভ কৰে। লগতে গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে হ’ব লগা বৈঠক সন্দর্ভত আগতীয়াকৈ কিছু সহমতত উপনীত হয়৷ নৈশভোজৰ অন্তত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত জোৰামথাংগাই কয়– মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মা মোৰ ভাতৃ–বন্ধুৰ দৰে৷ তেওঁৰ সৈতে আজি এক সৌহার্দ্যপূর্ণ আলোচনা হয়৷ আজি এক সুন্দৰ সময় অতিবাহিত কৰিলোঁ আৰু বহু বিষয়ত আমি ঐকমত্যত উপনীত হ’লোঁ৷ আনহাতে, মুখ্যমন্ত্রী ড০ শর্মাই বৈঠক সন্দর্ভত কয়– মিজোৰামৰ মুখ্যমন্ত্রীৰ সৈতে আজি দুঘণ্টাজোৰা কথা–বার্তা পাতিলোঁ৷ বিগত সময়ছোৱাত হৈ যোৱা ঘটনাপ্রবাহৰ মাজতো জোৰামথাংগাৰ সৈতে মোৰ ব্যক্তিগত সম্পর্ক অটুট আছে৷ প্রায়ে মই মিজোৰামৰ মুখ্যমন্ত্রীৰ সৈতে টেলিফোনযোগে কথা–বার্তা পাতি থাকোঁ৷ মিজোৰামৰ ক’ভিডকেন্দ্রিক পৰিৱেশৰ বাবে জোৰামথাংগা বহুদিন ধৰি দিল্লীলৈ অহা নাছিল৷ দীর্ঘ বিৰতিৰ পাছত তেওঁ দিল্লীলৈ অহাত মই তেওঁক নৈশভোজলৈ আমন্ত্রণ জনালোঁ৷ আমি দুয়োজনৰ লগতে মন্ত্রী অতুল বৰাৰ উপস্থিতিত দুয়োখন ৰাজ্যৰ বিভিন্ন বিষয় লৈ আলোচনা কৰিলোঁ৷ মন্ত্রী অতুল বৰাৰ সৈতেও তেওঁৰ সম্পর্ক পুৰণি৷ সেয়েহে জোৰামথাংগাই মন্ত্রী বৰাৰ সৈতেও কিছু কথা–বতৰা পাতিলে৷ কাইলৈ সন্ধিয়া কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে আমি বৈঠকত বহিম৷

2 views0 comments