অসম : পেট্ৰ'ল-ডিজেলৰ দাম কমাই ঘাটি হোৱা ৰাজহ আদায় কৰিব সুৰাপায়ীৰ পৰা




অসমত পেট্ৰ'ল-ডিজেলত আৰোপিত ভেট হ্ৰাসৰ ফলত ঘাটি ৰাজহখিনি সুৰাপায়ীৰ পৰা আদায় কৰিব চৰকাৰে। ৰাজ্যখনত শীঘ্ৰেই বৃদ্ধি হ'ব সুৰাৰ দাম। আবকাৰী কৰ বৃদ্ধিৰ বাবে বাঢ়িব সুৰাৰ দাম। জানিব পৰা মতে, ৰাজ্যখনত কমদামী সুৰাত ৫ শতাংশ আৰু দামী সুৰাত ১৫ শতাংশলৈ কৰ বৃদ্ধি কৰাৰ সম্ভাৱনা আছে। উল্লেখ্য যে ২০০১-০২ বিত্তীয় বৰ্ষত অসম চৰকাৰে সুৰাৰ পৰা ১৪৮ কোটি টকাৰ ৰাজহ উপাৰ্জন কৰাৰ বিপৰীতে ২০২০-২১ বৰ্ষত ২,০৩৩ কোটি টকা লাভ কৰে। চলিত বিত্তীয় বৰ্ষত, ২,৪০০ কোটি টকা আবকাৰী কৰ সংগ্ৰহৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। ৰাজহ বৃদ্ধিৰ লক্ষ্যৰে চৰকাৰে নতুনকৈ সুৰা বিপণীৰ অনুজ্ঞাপত্ৰ দিয়াৰো সিদ্ধান্ত লৈছে।বৰ্তমান অসমত ১,২৩৪খন সুৰাৰ বিপণী আছে। ইয়াৰ অকল গুৱাহাটীতে আছে ৩১৮খন। আনহাতে অসমত বাৰৰ সংখ্যা ৯৯৬খন।

8 views0 comments