অসম আকৌ মব লিঞ্চিং : দেৰগাঁৱত মৰিয়াই মৰিয়াই এজন হত্যা




অসমত পুনৰ গণ নিগ্ৰহৰ ঘটনা সংঘটিত হৈছে। এইবাৰ গোলাঘাট জিলাৰ দেৰগাঁৱত গণপ্ৰহাৰত এজন যুৱক নিহত হয়। যুৱকজনক ছাগলী চোৰ বুলি সন্দেহ কৰি এদল উন্মত্তই জঁপিয়াই পৰাত কৰুণ মৃত্যু ঘটে। আইন হাতত তুলি লৈ শাস্তি বিহা দলটোৰ দুজন লোকক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে।


বৰ্বৰোচিত ঘটনাটো নৱবৰ্ষৰ পহিলা দিনটোতে সংঘটিত হয়. দেৰগাঁৱৰ মামৰণিত নিশা সঞ্জয় দাস ওৰফে আহোম (৩৮) নামৰ যুৱকজনক এদল লোকে মৰিয়াই মৰিয়াই হত্যা কৰে। সঞ্জয়ত ছাগলী চোৰ বুলি সন্দেহ কৰি সাতজনীয় দল এটাই ঘৰৰ খুঁটাত বান্ধি অমানুষিক অত্যাচাৰ চলায়।


• ঘটনাৰ বাতৰি পাই নিশাই দেৰগাঁও আৰক্ষীৰ এটা দল গাঁওখনত উপস্থিত হৈ মৃতদেহটো নিজৰ জিম্মাত লয়। লগতে অৰ্ণৱ বৰা আৰু ৰাজীৱ বাগটি দুজন লোকক আটক কৰে।

5 views0 comments