অসম-অসমীয়াৰ শৌৰ্য্য-বীৰ্যৰ প্ৰতীক বীৰ লাচিত বৰফুকনক ৰাজ্যজুৰি সশ্ৰদ্ধ সোঁৱৰণ




অসম আৰু অসমীয়াৰ শৌৰ্য্য-বীৰ্যৰ প্ৰতীক বীৰ লাচিত বৰফুকনক আজি শ্ৰদ্ধাৰে সোঁৱৰণ কৰিছে অসমবাসীয়ে। এই মহান তথা প্ৰবল পৰাক্ৰমী বীৰজনাৰ বাবে অসমত মোগলৰ দৰ্পচূৰ্ণ হৈছিল। অসমভূমি মোগলৰ হাতলৈ যোৱাৰ পৰা ৰক্ষা পৰিছিল। আৰু ইয়াৰ সুফল লাভ কৰিছে ভাবীকাল অৰ্থাৎ আজিৰ অসম আৰু অসমীয়াই। সেই সময়ছোৱাত অসম মোগলৰ অধীনলৈ গ'লে আজি অসমৰ জনগাঁথনিৰ ৰূপৰেখাই সলনি হৈ গ'লহেঁতেন। অসমৰ ঠিকনা বংগদেশ হৈ বাংলাদেশ হৈ পৰিলহেঁতেন। লাচিত বৰফুকনে অসমভূমিক ভয়াৱহ ভৱিষ্যৎ এটাৰ পৰা ৰক্ষা কৰি এই ভূখণ্ডত থকা প্ৰতিটো জনজাতি, জাতি-গোষ্ঠীক স্বমহিমাৰে জীয়াই থাকিবলৈ সুৰক্ষিত কৰি থৈ গ'ল। ইয়াৰ বাবে তেওঁ নৰিয়া দেহাৰে মোগলৰ বিৰুদ্ধে যুঁজিছিল। বীৰ লাচিত বৰফুকনৰ বাবেই আজি ভাৰতবৰ্ষত প্ৰতিজন অসমবাসীয়ে গৌৰৱেৰে ক'ব পাৰে- ভাৰতৰ ভিতৰতে অকল মোৰ ভূখণ্ড দখল কৰিব নাছিল মোগলে। মই সেইখন বীৰৰ দেশৰ সন্তান।



ইফালে, লাচিত দিৱস উপলক্ষে অসম চৰকাৰে গুৱাহাটীৰ কাছাৰীঘাটত অনুষ্ঠিত কৰিছে বিশেষ কাৰ্যসূচী। কাছাৰীঘাটত লুইতৰ বুকুত থকা লাচিত বৰফুকনৰ বিশাল প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কৰাৰ লগতে শ্ৰদ্ধা নিবেদিছে।


আনহাতে, ৰাজ্যিক কেবিনেট বৈঠক উপলক্ষে বঙাইগাঁৱত উপস্থিত থকা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বঙাইগাওঁ উপায়ুক্ত কাৰ্যালয়ত লাচিত দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ ভাগ লৈছে । কেবিনেট বৈঠকৰ পূৰ্বে আয়োজিত লাচিত দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰীৰ উপৰি অংশগ্ৰহণ কৰিছে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী আৰু অসম চৰকাৰৰ মন্ত্ৰীসকল।


বঙাইগাঁও, গুৱাহাটীৰ উপৰি ৰাজ্যখনৰ প্ৰতিখন জিলাতে বীৰ লাচিত বৰফুকনলৈ শ্ৰদ্ধা জনাই অনুষ্ঠিত হৈছে বিভিন্ন কাৰ্যসূচী।

3 views0 comments