আজিৰে পৰা চানমাৰিত অসম গ্ৰন্থমেলা : বিশ্ব-ভাৰত-অসমত গ্ৰন্থমেলাৰ ইতিহাস




কৰোনাসৃষ্ট পৰিৱেশৰ বাবে এইবাৰ গুৱাহাটীত উত্তৰ-পূব গ্ৰন্থমেলা আৰু প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলা অনুষ্ঠিত নহয়। ইয়াৰ বিপৰীতে দুয়োখন গ্ৰন্থমেলাক একেটা ছাতিৰ তললৈ আনি অসম গ্ৰন্থমেলা নামেৰে প্ৰথমবাৰৰ বাবে বৃহৎ পৰিসৰত এখন গ্ৰন্থমেলা অনুষ্ঠিত হ’ব। আজি অৰ্থাৎ বুধবাৰৰ পৰা গ্ৰন্থমেলাখন গুৱাহাটীৰ চানমাৰিস্থিত অসম অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হ’ব। গ্ৰন্থমেলাখনৰ বাবে আয়োজকে বিপণীক স্থান দিব নোৱাৰা অৱস্থা এটাৰ সৃষ্টি হৈছে। অসমত গ্ৰন্থ আন্দোলনৰ বাবে ইয়াতকৈ সুখৰ কথা কি হ’ব পাৰে! ইণ্টাৰনেটৰ যুগত ছপা আকাৰৰ গ্ৰন্থৰ আদৰ আৰু কদৰ বৃদ্ধিত গ্ৰন্থমেলাৰ গুৰুত্ব এনেয়েও অপৰিসীম। গ্ৰন্থমেলাখনলৈ পাঠক তথা গ্ৰন্থপ্ৰেমীয়ে সঁহাৰি জনালে পৰিৱৰ্তিত যুগতো অসমত গ্ৰন্থৰ সমাদৰ অক্ষুণ্ণ থাকিব বুলি আশা কৰিব পাৰি।

অসমত গ্ৰন্থমেলাৰ ইতিহাস বৰ পুৰণি নহয়। অসমত প্রথমখন গ্রন্থমেলা ১৯৭৩ চনত কটন কলেজত অনুষ্ঠিত হয়। এই অনুষ্ঠানত আগভাগ লৈছিল নেচনেল বুক ট্রাষ্ট আৰু অসম প্ৰকাশন পৰিষদে। ইয়াৰ পাছত দ্বিতীয়খন গ্রন্থমেলা অনুষ্ঠিত হয় নগাঁৱৰ নেহৰুবালিত ১৯৭৮ চনত। ১৯৮৪ চনত অসম প্ৰকাশন পৰিষদৰ উদ্যোগত আৰু নেচনেল বুক ট্ৰাষ্টৰ সহযোগত গুৱাহাটীত জজ খেলপথাৰত গুৱাহাটীত অসমৰ প্ৰথমখন গ্ৰন্থমেলা অনু্ষ্ঠিত হয়। ইয়াৰ গুৰি ধৰে চন্দ্ৰপ্ৰসাদ শইকীয়াই। বিদেশত গ্ৰন্থমেলা চাই অনুপ্ৰাণিত চন্দ্ৰপ্ৰসাদ শইকীয়া অসমত গ্ৰন্থমেলা আয়োজন কৰাৰ কথা চিন্তা কৰিছিল। তদুপৰি ১৯৯৮ চনৰ পৰা গুৱাহাটীত উত্তৰ-পূব গ্রন্থমেলা অনুষ্ঠিত হয়। ইয়াৰ পূৰ্বে বাণী প্ৰকাশে ১৯৫৮ চনত ইয়াৰ শাখা এটা গুৱাহাটীত খুলিছিল। সেই উপলক্ষে এখন গ্ৰন্থ প্ৰদৰ্শনীৰ আয়োজন কৰা হৈছিল। এইখনেই অসমৰ প্ৰথম গ্ৰন্থ প্ৰদৰ্শনী। প্ৰদৰ্শনীটো আছিল অসমীয়া কবিতা পুথিৰ। বিহগী কবি ৰঘুনাথ চৌধুৰীয়ে উদ্বোধন কৰা প্ৰদৰ্শনীখন ৭ দিন চলিছিল। আনহাতে, ১৯৭২ চনত অনুষ্ঠিত অসম সাহিত্য সভাৰ ধুবুৰী অধিৱেশনত দ্বিতীয়খন পুথি প্ৰদৰ্শনী অনুষ্ঠিত হৈছিল। ১৯৭৩ চনত বাণী প্ৰকাশৰ ৰূপালী জয়ন্তী উপলক্ষে ৩ ডিচেম্বৰৰ পৰা ৯ ডিচেম্বৰলৈ আন এখন অসমীয়া পুথি প্ৰদৰ্শনী অনু্ষ্ঠিত হয়। সাদিনীয়া প্ৰদৰ্শনীখন ৰাইজৰ অনুৰোধত ১৫ দিনলৈ বৃদ্ধি কৰিবলগা হয়। ১৯৯০ চনত যোৰহাটত অসম শৈক্ষিক কেন্দ্ৰই প্ৰথমবাৰৰ বাবে গ্ৰন্থমেলা অনুষ্ঠিত কৰে। তাৰ পাছত ১৯৯৮ চনত সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সন্থাই গুৱাহাটীৰ জজ খেলপথাৰত প্ৰথমবাৰৰ বাবে উত্তৰ-পূব গ্ৰন্থমেলা অনু্ষ্ঠিত কৰে।

অসমৰ বহু পূৰ্বে বিশ্বত গ্ৰন্থমেলাৰ গজালি মেলে।ত্ৰয়োদশ শতিকাত ইউৰোপত বিশ্বৰ প্ৰথমখন গ্রন্থ প্রদর্শনী অনুষ্ঠিত হয়। ইয়াৰ পাছতে আমেৰিকাৰ বিভিন্ন ঠাইত গ্রন্থ প্রদর্শনীৰ আয়োজন কৰা হয়। প্রদর্শনীসমূহ একক গ্রন্থ প্রদর্শনী নাছিল, গ্ৰন্থৰ লগতে আন আন সামগ্রীৰো প্ৰদৰ্শন কৰা হৈছিল। ১৯২৭ চনত জার্মানীৰ লিপজিগ নামৰ ঠাইত এককভাৱে গ্রন্থমেলাৰ শুভ আৰম্ভণি কৰা হয়। এই গ্রন্থমেলাক বিশ্বৰ বৌদ্ধিক ইতিহাসৰ এটি স্মৰণীয় পৰ্ব বুলি গণ্য কৰা হয়। ইয়াৰ পাছত ১৯৪৯ চনত অনুষ্ঠিত জার্মানীৰ ফ্রাংকফুৰ্ট গ্রন্থমেলা বিশ্বৰ বৃহত্তম গ্রন্থমেলা বুলি স্বীকৃত হয়।

ভাৰতবৰ্ষত গ্রন্থমেলাৰ শুভাৰম্ভ কৰে কলিকতাৰ ‘বংগীয় পুস্তক প্রকাশক আৰু বিক্রেতা সমিতি’য়ে। কলিকতাৰ গ্ৰন্থমেলাৰ পাছত ১৯৬৯ চনত ‘নেচনেল বুক ট্রাষ্ট অফ ইণ্ডিয়া’ই বোম্বাইত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্রথম গ্রন্থমেলা অনুষ্ঠিত কৰে। এই বুক ট্রাষ্টে ১৯৭৯ চনত নতুন দিল্লীত গ্রন্থমেলা অনুষ্ঠিত কৰি গ্রন্থক জনমানসৰ আগত জনপ্রিয় কৰাৰ ক্ষেত্ৰত সফলতা লাভ কৰিবলৈ সক্ষম হয়। নেচনেল বুক ট্রাষ্টে ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত গ্রন্থ মেলাৰ আয়োজন কৰি লেখক, প্রকাশক আৰু পঢ়ুৱৈ সমাজক উৎসাহিত কৰি আহিছে।

3 views0 comments