কালাৰ্ছ টিভিত অসমীয়া নৃত্যশিল্পীক চাইনিজ ভাষাৰে উপলুঙা ৰাঘৱৰ





কালাৰ্ছ টিভিৰ নৃত্য প্ৰতিযোগিতামূলক অনুষ্ঠান ডাঞ্চ দিৱানে-৩ত বৰ্ণবৈষম্যমূলক আচৰণৰ বলি হৈছে অসমীয়া প্ৰতিযোগী এগৰাকী। তেওঁক নৃত্যৰ বাবে মঞ্চলৈ আমন্ত্ৰণ কৰোঁতে অনুষ্ঠানটোৰ এংকৰ ৰাঘৱে উপলুঙাসূচকভাৱে চীনাভাষাৰ শৈলী ব্যৱহাৰ কৰে। এইটোৱে উত্তৰ-পূব ভাৰতৰ প্ৰতি দেশখনৰ আন অংশৰ একাংশই মনতে পুহি ৰখা ধাৰণা আৰু বৈষম্যমূলক চিন্তাধাৰাৰ প্ৰতিফলন ঘটাইছে বুলি অভিযোগ উঠিছে। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এনে ধৰণৰ বৰ্ণ বৈষম্যমূলক চিন্তাধাৰাক কঠোৰ ভাষাৰে গৰিহণা দিয়ে।



ৰিয়েলিটি শ্ব’টোত অংশগ্ৰহণ কৰা অসমৰ প্ৰতিযোগীগৰাকীৰ নাম গুঞ্জন। প্ৰতিভাশালী নৃত্যশিল্পীগৰাকীৰ অচিলাৰে সমগ্ৰ উত্তৰ-পূবৰ জনসাধাৰণক ৰাঘৱে তাচ্ছিল্য কৰিছে। এন্টিজেনে বৰ্ণবাদী ৰাঘৱক কঠোৰ ভাষাৰে সমালোচনা কৰিছে। ইফালে, সামাজিক মাধ্যমৰ জৰিয়তে স্পষ্টীকৰণ দি ৰাঘৱে উদ্দেশ্যপ্ৰণোদিতভাৱে গুঞ্জনক বা উত্তৰ-পূবৰ নাগৰিকক চাইনিজ বুলি কোৱা নাই বুলি কৈছে। গুঞ্জনে প্ৰতিযোগিতাখনক ভাগ লোৱা দিনটোতে চাইনিজ ভাষাটো হবী বুলি কৈছিল। সেই প্ৰসংগত তেওঁৰ সৈতে চাইনিজ ভাষাকলৈ ঠাট্টা-মস্কৰা চলি থাকে বুলি স্পষ্টীকৰণটোত উল্লেখ কৰে।

5 views0 comments