আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত আকৌ উজলিল অসমীয়া চিনেমা 'তুমি মালালা'






ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত শেহতীয়াকৈ কেইবাখনো অসমীয়া চলচ্চিত্ৰ বঁটা-সন্মান লাভ কৰি অসমীয়া চিনেমা জগতখনক উজলাই তুলিছে। তালিকাখনত সংযোজন ঘটিছে ৰূপক গগৈৰ পৰিচালিত আৰু ড০ সঞ্জীৱ নাৰায়ণ প্ৰযোজিত কলাত্মক ছবি ʼতুমি মালালাʼৰ। চলিত বৰ্ষত আয়োজিত ৭খন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ভাগ লৈ ৫খনতে বিজয়ৰ ধ্বজা উৰুৱাবলৈ সক্ষম হয়।


যোৱা ৯ - ১৪ নৱেম্বৰত ভাৰতত অনুষ্ঠিত হোৱা ১৫ তম আন্তঃৰাষ্ট্ৰীয় চিনে ইণ্ডিয়া শিশু চলচ্চিত্ৰ মহোৎসৱত 'তুমি মালালাʼ বিশেষভাৱে সমাদৃত হোৱাৰ লগতে চলচ্চিত্ৰখনত অভিনয় কৰা দুই কিশোৰীলৈ আগবঢ়োৱা হয় শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান। ছবিখনত সাৱলীল আৰু সুন্দৰ অভিনয়ৰ বাবে অংশ্ৰুতা কাশ্যপ (মুনমুন) আৰু হৰ্ষিতা ভট্টাচাৰ্যক শ্ৰেষ্ঠ অভিনেত্ৰীৰূপে নিৰ্বাচন কৰে চলচ্চিত্ৰ মহোৎসৰ বিচাৰক মণ্ডলীয়ে। ʼতুমি মালালাʼত অংশ্ৰুতা কাশ্যপে আমিনাৰ চৰিত্ৰ আৰু হৰ্ষিতা ভট্টাচাৰ্যই নাডিয়া চৰিত্ৰ ৰূপায়ণে চিত্ৰপ্ৰেমীৰ মন জয় কৰিবলৈ সক্ষম হয়।



আনহাতে, গেংটক আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ প্ৰযোজক বঁটা লাভ কৰাৰ লগতে কাহিনী শিতানতো বঁটা লাভ কৰে। Druk আন্তঃৰাষ্ট্ৰীয় মহোৎসৱত ছবিখনে বাখ্যামূলক কাহিনীৰ বাবে বিশেষ পাৰদৰ্শিতা বঁটাৰ লাভ কৰে। DIFT, Caleidoscope Indian Film Festival of Boston-21 আৰু Indo French International Film festival -21তো পাৰদৰ্শিতা বঁটা লাভ কৰে 'তুমি মালালা'ই। আনপিনে, Eurasia International Monthly Film festival-21 তো বিজয়ী হয় তুমি মালালা।





উল্লেখ্য যে এনআৰচিসৃষ্ট অসমৰ পৰিস্থিতি, নাৰী শিক্ষাৰ অধিকাৰ বিষয়ত দুই কিশোৰীৰ সপোন, আশা-আকাংক্ষা আৰু সংগ্ৰামক লৈ নিৰ্মিত হৈছে ছবিখন। ছবিখনৰ চিত্ৰনাট্যকাৰ অভিস্কা ফুকন। মুখ্য সহঃপৰিচালক কুশল গগৈ, কলা নিৰ্দেশক দিপাংকৰ দাস আৰু প্ৰডাকচন মেনেজাৰ অনন্ত বৰা। সাজসজ্জাৰ পৰিচালক মন্দিৰা গগৈ আৰু ৰূপসজ্জা দিপালী শৰ্মা বৰদলৈৰ। ছবিখনৰ দৃশ্যগ্ৰহণ নগেন বৈশ্যৰ।


বোলছবিখনৰ মূল দুই কিশোৰী চৰিত্ৰত অভিনয় কৰিছে অংশ্ৰুতা কাশ্যপ ওৰফে মুনমুন আৰু হৰ্ষিতা ভট্টাচাৰ্যই। ছবিখনৰ অন্য এক মুখ্য চৰিত্ৰত অভিনয় কৰিছে বাংলা আৰু মালায়ালাম ছবিৰ জনপ্ৰিয় অভিনেত্ৰী নীনা চক্ৰৱৰ্তীয়ে। আন আন চৰিত্ৰত আছে লুইত পৰাশৰ হাজৰিকা, পংখী কাশ্যপ, ছাজু আহমেদ, যতীন্দ্ৰ খনিকৰ, পিংকী পাঠক, স্বপ্না দাস আদি।

3 views0 comments