নীতি আয়োগৰ বিশেষ তালিকাত স্থান লাভ অসমীয়া প্ৰতিষ্ঠানৰ: ৭০ টা ষ্টাৰ্টআপৰ ভিতৰত স্থান দখল ৪ টাকৈ অসমীয়




নতুন প্রযুক্তি প্ৰয়োগ কৰি দেশৰ ৭০টা ষ্টাৰ্টআপৰ মাজত স্থান লাভ কৰিবলৈ সক্ষম হৈছে অসমীয়া ৪ টাকৈ উদ্যমী প্ৰতিষ্ঠানে। ৰাষ্ট্ৰীয় পৰ্যায়ত এতিয়া জিলিকি উঠিছে ৪ টাকৈ অসমীয়া প্ৰতিষ্ঠান।উল্লেখযোগ্য যে অত্যাধুনিক প্ৰযুক্তি ব্যৱহাৰ কৰি দেশৰ কৃষিখণ্ডৰ উন্নয়নৰ ক্ষেত্ৰত কৃষকে দীৰ্ঘদিন ধৰি ভুগি অহা সমস্যা সমাধানৰ বাবে অহৰহ চেষ্টা কৰি আহিছিল কেইবাজনো উদ্যমী ব্যক্তিয়ে । এই ব্যক্তি কেইগৰাকীয়ে গঢ়ি তোলা ষ্টাৰ্টআপে নীতি আয়োগৰ বিশেষ তালিকাত স্থান লাভ কৰিছে । অসমীয়া ষ্টাৰ্টআপ প্ৰতিষ্ঠানকেইটা ক্ৰমে এ আই চি ৱাই টেকন’ল’জিছ প্ৰাঃ লিঃ, ইজি হাট প্ৰাঃ লিঃ, ইন’টেক ইন্টাৰভেনচনছ প্ৰাঃ লিঃ আৰু তৃথি ৰবটিকছ প্ৰাঃ লিঃ। ইয়াৰে তৃথি ৰব’টিকছ বাংগালুৰুত অৱস্থিত আৰু বাকী তিনিটা অসমতে আছে। অসমৰ গুৱাহাটীত আছে দুটা ষ্টাৰ্টআপ আৰু দৰং জিলাত তৃতীয়টো প্ৰতিষ্ঠান। এ আই চি ৱাই টেকন’ল’জিছ প্ৰাঃ লিঃ নামৰ প্ৰতিষ্ঠানটো আৰম্ভ কৰিছে অঞ্জন চৌধুৰীয়ে। এই প্ৰতিষ্ঠানৰ জৰিয়তে উৎপাদিত সামগ্ৰী বিক্ৰী কৰিব পাৰিব কৃষকসকলে। লগতে কৃষকে সকলে বিভিন্ন তথ্যও লাভ কৰিব। এটা বিশেষ এপ ‘ফাৰ্মাকাট’ৰ জৰিয়তে বিক্ৰী কৰিব পাৰিব সামগ্ৰীসমূহ। ইতিমধ্যেই এই বিশেষ এপৰ জৰিয়তে ১১ হাজাৰতকৈও অধিক কৃষকৰ লাভালাভ হৈছে। ইন’টেক ইন্টাৰভেনচনছ প্ৰাঃ লিঃ নামৰ প্ৰতিষ্ঠানটো আৰম্ভ কৰিছে প্ৰিয়াংশু শৰ্মাই। এই প্ৰতিষ্ঠানটোৱে নষ্ট হৈ যোৱা কৃষিভূমিৰ গুণাগুণ প্ৰতিষ্ঠা কৰে। প্ৰতিষ্ঠানটোৰ সহায়ত উ:পূ:ত বৰ্তমান পৰ্যন্ত ৩,০০০ হেক্টৰতকৈও অধিক নষ্ট হৈ যোৱা কৃষিভূমিৰ গুণাগুণ পুনৰ প্ৰতিষ্ঠা কৰা হৈছে। সমান্তৰালকৈ বর্ণালী শৰ্মা বৰুৱাৰ ইজি হাট প্রাঃলিঃ হৈছে থলুৱা খাদ্যসন্মত প্ৰস্তুত কৰা প্ৰতিষ্ঠান। বৈজ্ঞানিকভাৱে প্ৰস্তুত কৰা হয় এই খাদ্য সামগ্ৰী। আৰু যোগান ধৰা হয় গ্ৰাহকক। দুগৰাকীকৈ ব্যক্তিৰ সহযোগত আৰম্ভ কৰা জুতিকা হাজৰিকাৰ তৃথি ৰব’টিকছ প্ৰতিষ্ঠান । এই প্ৰতিষ্ঠানৰ জৰিয়তে শস্যসমূহত ড্ৰ’নৰ জৰিয়তে সাৰ ছটিয়াব পাৰি। ড্ৰ'নৰ সহায়ত সাৰ ছটিৱাৰ ফলত প্ৰতি একৰ মাটিত ৯০ শতাংশ পানী আৰু ৬০ শতাংশ সাৰ ৰাহি হয়। এই প্ৰতিষ্ঠানে বিশেষভাৱে সহায় কৰে গ্ৰামাঞ্চলৰ শিক্ষিত যুৱকক ।এই চার্টআপৰ ফলত দেশৰ কৃষিখণ্ডৰ বহু সমস্যা দূৰ হ'ব বুলি আশা কৰা হৈছে আৰু এইয়া কৃষক ৰাইজৰ বাবে বিশেষকৈ কৃষি বিপ্লৱীসকলৰ বাবে অতিকৈ ভাল খবৰ।

5 views0 comments