বৰাকত অসমীয়া ভাষা নচলিব বুলি ক'ত লিখা আছে : মুখ্যমন্ত্ৰী ড০ শৰ্মা




বৰাকৰ চৰকাৰী ভাষা বাঙালী। সেইটো মানি লোৱা হৈছে। কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে তাত অসমীয়া ভাষা নচলিব। ক'ত এই কথা লিখা আছে? অসমীয়া অসমৰ ৰাজ্যভাষা।


বিডিএফ নামৰ তথাকথিত উগ্ৰ বাঙালী জাতীয়তাবাদী সংগঠনটোৰ নেতা প্ৰদীপ দত্ত ৰয়ৰ গ্ৰেপ্তাৰ সন্দৰ্ভত দেওবাৰে তেজপুৰত এইদৰে কয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীগৰাকীয়ে তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত এটা অনুষ্ঠানত ভাগ লৈ এইদৰে কয়। তেওঁ কয় যে বৰাকৰ জনগণে প্ৰদীপ দত্ত ৰয়ৰ গ্ৰেপ্তাৰত চৰকাৰক সমৰ্থন জনাইছে।


মুখ্যমন্ত্ৰী ড০ শৰ্মাই লগতে স্পষ্ট কৰি দিয়ে যে অসমত শান্তি-সম্প্ৰীতি বিঘ্নিত কৰিব খোজা কাকো চৰকাৰে ৰেহাই নিদিয়ে। আনহাতে, ছাইনব'ৰ্ড সন্দৰ্ভত তেওঁ কয় যে ছাইনব'ৰ্ড মানুহে পঢ়ি বুজিব পৰাকৈ লিখা হয়। পুৰীত হোটেলত অসমীয়া ভাষাতো ছাইনব'ৰ্ড লিখা থাকে। অসমৰ হাইৰোডত পাঞ্জাবী ভাষাত ছাইনব'ৰ্ড লিখা থাকে। সেইটো মানুহৰ সুবিধাৰ কাৰণেহে।

17 views0 comments