অসমীয়া জাতীয়তাবাদৰ ভেটি আৰু জনজাতি



অসমীয়া জাতীয়তাবাদ বুলিলে অসমত নাক কোচোৱা লোকৰ সীমা সংখ্যা নাই। আতংকত ভোগা লোকৰ সংখ্যাও কম নহয়। নাক কোচোৱা লোকসকলৰ এই ভূমিৰ সৈতে দূৰ দূৰলৈ অন্তৰ আৰু আত্মাৰ সম্পৰ্ক নাই। তেওঁলোক আন স্থানৰ পৰা আহি এই ভূ-খণ্ডত গোজেই গজালি পতা। আনহাতে, আতংক বা শংকাত ভোগা লোকসকল অসমৰেই খিলঞ্জীয়া। তেওঁলোকৰ নিজা ভাষা আছে, সংস্কৃতি আছে। আছে সুকীয়া বৈশিষ্ট্য। অসমীয়া জাতীয়তাবাদে তাক নিঃশেষ কৰিব বুলি তেওঁলোকৰ মনত সংশয় এটা আছে। আত্মপৰিচয়ক জীয়াই ৰখাৰ তাগিদা এটা আছে। এইটোক তেওংলোকে হেৰুৱাব নিবিচাৰে। অসমত এতিয়ালৈকে যিমানটা জনজাতীয় আন্দোলন বা সংগ্ৰাম হৈছে, তাৰো মূল কথা এইটোৱেই। ইয়াৰ স্বৰূপ সুকীয়া হ’ব পাৰে। কোনোৱে পৃথক ৰাজ্যৰ দাবী কৰিছে।কোনোৱে ৰাজ্যৰ ভিতৰতে ৰাজ্যৰ দাবী কৰিছে। কোনো কোনোৱে সংবিধানৰ ষষ্ঠ অনুসূচী দাবী কৰিছে। কোনো কোনো জনজাতিৰ বাবে স্বায়ত্ত শাসন আত্মপৰিচয় জীয়াই ৰখাৰ তাগিদা হৈ পৰিছে। অসমীয়া জাতীয়তাবাদক লৈ ইমান সংশয়-শংকাৰ কাৰণ কি?

অসমীয়া জাতীয়তাবাদৰ উৎস হৈছে অসমীয়া ভাষা। ই অসমীয়া অসমীয়া কৃষ্টি-সংস্কৃতি-সভ্যতা-সাহিত্যৰ সংৰক্ষণ আৰু সংবর্ধন বিচাৰে৷ অৱশ্যে এটা বিশেষ ঐতিহাসিক প্রেক্ষাপটত অসমীয়া জাতীয়তাবাদৰ উন্মেষ ঘটিছিল৷ ব্রিটিছে ১৮৩৬-৩৭ চনত ঘৰতে অসমীয়া ভাষাক এলাগী কৰি ক’র্ট-কাছাৰী আৰু পঢ়াশালিত বাংলা ভাষা জাপি দিয়ে। ইয়াৰ প্ৰতিক্ৰিয়াত অসমীয়া ভাষিক জাতীয়তাবাদৰ জন্ম হয়। ইয়াৰ মূল উদ্দেশ্য আছিল অসমীয়া ভাষাই হেৰুওৱা মৰ্যাদাক ওভতাই অনা।ক’র্ট-কাছাৰী আৰু পঢ়াশালিত অসমীয়া ভাষাক মাধ্যম হিচাপে পুনৰ প্রতিষ্ঠা কৰা৷ প্ৰায় ৩৭ বছৰীয়া নিৰ্বাসনৰ অন্তত অসমীয়া ভাষাই প্ৰাপ্য স্থান ওভতাই পালে।

এইটো আছিল অসমীয়া মধ্যবিত্তৰ জয়। অসমীয়া ভাষাৰ হৃত মৰ্যাদা ওভতাই অহাত মধ্যবিত্ত শ্ৰেণীটোৰ মাজত আত্মবিশ্বাস আৰু মনোবল অনেক গুণে বৃদ্ধি পায়। লগতে অসমত মধ্যবিত্ত শ্ৰেণী এটাৰ বিকাশ ঘটিবলৈ ধৰে। কিন্তু মধ্যবিত্ত শ্ৰেণীটোত ভূ-খণ্ডটোৰ জনজাতীয় সমাজখনৰ অংশীদাৰিত্ব প্ৰায় শূন্য আছিল। ই আছিল মূলতঃ বৰ্ণ হিন্দু সমাজখনৰ দান। জনজাতীয় সমাজত মধ্যবিত্ত শ্ৰেণীৰ বিকাশ বহু পলমকৈ ঘটে। সেয়ে তেওঁলোকৰ পৰা শ্ৰেণীকেন্দ্ৰিক বা জাতিকেন্দ্ৰিক দাবীও তেনেকৈ উঠা নাছিল। অম্বিকাগিৰি ৰায়চৌধুৰীৰ সময়লৈকে অসমীয়া জাতীয়তাবাদ ভাষাৰ ভেটিত জীয়াই আছিল। অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ইয়াৰ সৈতে অৰ্থনৈতিক জাতীয়তাবাদৰ সংযোজন ঘটায়। অম্বিকাগিৰি ৰায়চোধুৰীয়ে বহিৰাগত বণিক-ব্যৱসায়ী আৰু বংগদেশৰ পৰা হৈ থকা অবাধ প্ৰব্ৰজনৰ প্ৰেক্ষাপটত সামৰি ভাষাভিত্তিক অসমীয়া জাতীয়তাবাদৰ সৈতে অৰ্থনৈতিক জাতীয়তাবাদৰ সংযোজন ঘটাই অসমীয়া জাতীয়তাবাদৰ পৰিসৰ বৃদ্ধি কৰে। ক’বলৈ গ’লে তেতিয়াৰ পৰা অসমীয়া জাতীয়তাবাদ গণমুখী হৈ পৰে। ই এনেকুৱা ভেটি এটা প্ৰস্তুতৰ পথ মুকলি কৰিছিল যে তাত ৰাজ্যখনৰ সকলো খিলঞ্জীয়া জাতি-জনজাতি নিসংকোচে অন্তৰ্ভুক্ত হোৱাৰ সম্ভাৱনা আছিল। মাথোঁ কিছু সংশোধন আৰু উদাৰতাৰ প্ৰয়োজন আছিল। বংগদেশ বা আজিৰ বাংলাদেশৰ হৈ থকা অবাধ প্ৰব্ৰজনে অসমৰ প্ৰতিটো খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ সা-সুবিধা সীমিত কৰি আনিছিল। ভূমিৰ পৰিমাণ হ্ৰাস কৰিছিল। অচিন সংস্কৃতি এটাই লাহে লাহে চৌদিশ গ্ৰাস কৰিবলৈ লৈছিল। ইয়াক শক্তিশালী ৰূপত প্ৰতিষ্ঠাৰ বাবে জাতীয়তাবাদৰ স্বৰূপটোক সময়ৰ সৈতে খাপ খুৱাই লোৱাৰ আৱশ্যক আছিল।

অসমীয়াভাষীয়ে যদি সকলো খিলঞ্জীয়া জনজাতিৰ ভাষা-সংস্কৃতিক প্ৰাপ্য সন্মান দি তেওঁলোকক মৰ্যাদা সহকাৰে জীয়াই থকাৰ সহযোগী হৈ থাকিলেহেঁতেন অসমীয়া জাতীয়তাবাদক লৈ অসমত ইমান শংকা-বিৰোধৰ জন্ম হোৱাৰ সম্ভাৱনা কম আছিল। অসমীয়া ভাষাটো অসমৰ সকলোৰে বাবে উমৈহতীয়া ভাষা হৈ থাকিলহেঁতেন। সমান্তৰালকৈ জনজাতীয় ভাষাবোৰো স্বমহিমাৰে উজলি থাকিলহেঁতেন। অসমীয়া জাতীয়তাবাদক লৈ জনজাতীয় সমাজৰ আপত্তি বা সংশয়ৰ কাৰণো নাথাকিলহেঁতেন। কিন্তু তাকে নকৰি সকলোৰে ওপৰত অসমীয়া ভাষাটো জাপি দি আৰু ইয়াৰ প্ৰতিবাদ কৰা জনজাতীয় লোকসকলৰ ওপৰত আৰক্ষী-নিৰাপত্তা বাহিনী মেলি দি এনে পৰস্পৰৰ মাজত এটা দূৰত্বৰ সৃষ্টি কৰা হ’ল যে জনজাতীয় সমাজত অসমীয়া জাতীয়তাবাদ মাথোঁ এটা ভাষা আৰু সংস্কৃতিৰ ৰক্ষকৰ ৰূপত দেখা দিয়া হ’ল। এতিয়া সময় হৈছে অসমীয়া জাতীয়তবাদক নতুন ৰূপত প্ৰতিষ্ঠা কৰা। এদিন অসমীয়া ভাষাৰ ভেটিত অসমীয়া জাতীয়তাবাদ সৃষ্টি হোৱাটো সময়ৰ দাবী আছিল। পৰৱৰ্তীত অম্বিকাগিৰি ৰায়চৌধুৰীয়ে ইয়াৰ পৰিসৰ বৃদ্ধি কৰি অসমীয়া জাতীয়তাবাদৰ নতু ভেটি তৈয়াৰ কৰিছিল। পৰৱৰ্তীকালত জনজাতীয় সমাজৰ অস্তিত্ব, বৈশিষ্ট্যৰ প্ৰতি লক্ষ্য ৰাখি অসমীয়াভাষীয়ে কৰিবলগীয়াখিনি নকৰিলে। ফলশ্ৰুতিত অবিস্বাস-আস্থাহীনতাৰ পৰিৱেশ এটা অসমত গ কৰি উঠিল। ইয়াৰ সুযোগ লৈ অসমীয়া জাতীয়তাবাদত নাক কোচোৱা লোকৰ সংখ্যা বাঢ়িবলৈ ধৰিলে। অসমৰ মানচিত্ৰৰে অন্তৰ্ভুক্ত হোৱা সত্ত্বেও বৰাকৰ পৰা অসমীয়া ভাষাক খেদি পঠিওৱাৰ হুংকাৰ দিব পৰা হ’ল। অসমত মিঞা মিউজিয়াম, মিঞা কবিতাৰ দিন াহি পৰিল। শ্বহীদক ঘাতকৰ সৈতে তুলনা কৰোঁতে কোনো লোকৰ বুকু কঁপি নুঠা হ’ল। সময় এতিয়াও হাতৰ পৰা পিছলি যোৱা নাই। জনজাতীয় সমাজখনক প্ৰাপ্য মৰ্যাদা আৰু অধিকাৰ দি অসমীয়া জাতীয়তাবাদৰ ভেটিক নকৈ গঢ়া হওক। পৰিৱেশ এনেকুৱা হওক যাতে সকলোৱে নিসংকোচে আৰু শংকামুক্ত হৈ নতুন জাতীয়তাবাদৰ অংশীদাৰ হয়।

2 views0 comments