অসমত হ্ৰাস পাইছে চোৰাং গৰু ব্যৱসায়, অত্যন্ত কঠোৰ হৈছে আৰক্ষী তথা সীমান্ত সুৰক্ষা বাহিনী



এয়া এক অত্যন্ত সুখৰ খবৰ যে অসম আৰক্ষী তথা সীমান্ত সুৰক্ষা বাহিনী অসমত হ্ৰাস পাইছে চোৰাং গৰু সৰবৰাহ কাৰ্য ।বি এছ এফ ৰ ৫৭ সংখ্যক প্ৰতিস্থা দিৱসৰ দিনা বি এছ এফ গুৱাহাটী সীমান্ত ৰ মহাপৰিদৰ্শক সঞ্জয় সিং গেহলটে এই কথা স্পষ্ট কৰে । ইতিমধ্যে অসম আৰক্ষী আৰু সীমান্ত সুৰক্ষা বাহিনীয়ে অবৈধ গৰু সৰবৰাহ ৰোধ কৰিবলৈ কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি আহিছে । শেহতীয়াকৈ ৩০ নৱেম্বৰৰ পুৱা গুৱাহাটী মহানগৰ আৰক্ষীয়ে বৈধ নথি-পত্ৰ অবিহনে ১৩১ টা গৰু কঢ়িয়াই অনা ট্ৰাক জব্দ কৰাৰ লগতে গ্ৰেপ্তাৰ কৰে ৬ জনকৈ ব্যৱসায়ীক। গ্ৰেপ্তাৰ কৰা সকলো চোৰাং ব্যৱসায়ী নগাঁও জিলাৰ চামগুৰি অঞ্চলৰ। জব্দ কৰা বাহন গৈ আছিল মেঘালয়ৰ মাজেৰে বাংলাদেশলৈ । কিছুদিন পূৰ্ৱে ও গোৱালপাৰাৰ আৰক্ষীয়ে এক নিশ্চিত তথ্যৰ ভিত্তিত ব্ৰহ্মপুত্ৰ নদীত কেইবাটাও চেক নাকা স্থাপন কৰে। য'ত আৰক্ষীয়ে গোৱালপাৰা জিলাৰ পঞ্চৰত্ন অভিমুখে গৰু কঢ়িয়াই অনা এখন ডাঙৰ নাঁৱত বাধা দিয়ে।আৰক্ষীৰ দলটোৱে নাওঁখন ৰখাবলৈ ৫ জাঁই গুলী চালনা কৰিছিল যদিও চোৰাং ব্যৱসায়ীসকলে পানীত জঁপিয়াই পলাই যাবলৈ সক্ষম হয় । আৰক্ষীৰ দলটোৱে পৰিত্যক্ত নাওঁখনৰ পৰা উদ্ধাৰ কৰে ৭০ টাকৈ গৰু। অনুৰূপ ধৰণেৰে নগাঁও আৰক্ষীয়েও বিগত সপ্তাহত কলিয়াবৰ উপ-সংমণ্ডলৰ অন্তৰ্গত বিভিন্ন অঞ্চলৰ পৰা ১১২ টা গৰু উদ্ধাৰ কৰে। ২১ টাকৈ গৰুৰ চোৰাং ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰাৰ লগতে জব্দ কৰে ১০ খনকৈ বাহন।

4 views0 comments