অসমত পুনৰ ডাইনীৰ সন্দেহত অত্যাচাৰ : কিয় বাৰে বাৰে লজ্জিত হয় সভ্যতাৰ গৰিমা?




চৰাইদেউ জিলাৰ সাপেখাতী থানাৰ অন্তৰ্গত টিমন বৰতানিত লজ্জানত হ’ল আধুনিক মানৱ সভ্যতাৰ গৰিমা। পিছপৰা গাঁওখনত এগৰাকী অশীতিপৰ বৃদ্ধাক প্ৰায় ১৫ দিন ধৰি ডাইনীৰ সন্দেহত এচাম অন্ধবিশ্বাসী মানৱৰূপী দানৱে নিৰ্মমভাৱে ্ত্যাচাৰ চলায়। কন্যাৰ সৈতে গাঁওখনত বসবাস কৰা চাহ জনগোষ্ঠীয় বৃদ্ধাগৰাকীক প্ৰথমে ২৩ নৱেম্বৰৰ নিশা শোৱাপাটিৰ পৰা স্থানীয় একাংশ পুৰুষ-মহিলাই টানি-আঁজুৰি নি সমীপতে থকা হৰি মন্দিৰত চাকি-বন্তি জ্বলাই আঠু কঢ়াই ডাইনী বুলি ক্ষমা পাৰ্থনা খুজিবলৈ বাধ্য কৰোৱায়। তাৰে পিছৰে পৰা বৃদ্ধাগৰাকীৰ ওপৰত চলিছিল অমানুষিক নিৰ্যাতন। দেওবাৰ অৰ্থাৎ আজি গটনাটোৰ বিষয়ে জানিব পাৰি সাপেখাতী আৰক্ষীয়ে বৃদ্ধাগৰাকীক উদ্ধাৰ কৰা লগতে ছজন লোকক গ্ৰেপ্তাৰ কৰে।


সাপেখাতীৰ ঘটনাটো অসমত ডাইনীৰ সন্দেহত নিৰ্যাতনৰ প্ৰথম ঘটনা নহয়। ইয়াৰ পূৰ্বে কেইবাটাও শিহৰণকাৰী ঘটনা ৰাজ্যখনত সংঘটিত হৈছে। মানৱৰূপী দানৱৰ আক্ৰমণত বহু লোকে প্ৰাণ বিসৰ্জন দিবলগীয়া হৈছে। চৰকাৰী তথ্য অনুসৰি, ২০১১ চনৰ পৰা ২০১৬ চন মে’লৈকে অসমত ৮৪জন আৰু তাৰে পিছৰে পৰা ২০১৯ চনলৈকে ৪৩গৰাকী লোকে ডাইনী সন্দেহত প্ৰাণ হেৰুৱাইছে। বিগত দুবছৰত ৰাজ্যখনত কেইবাটাও তেনে ঘটনা সংঘটিত হৈছে। ইয়াৰ পূৰ্বে ২০০১ চনৰ পৰা ২০১১ চনলৈকে অসমত ১১৬গৰাকীক অন্ধবিশ্বাসীয়ে মৃত্যুদণ্ড দিছিল। তাৰে ৬৬গৰাকীয়েই মহিলা।


#কিয় এই নাৰকীয় হত্যা-হিংসা?


ডাইনী হত্যা আমাৰ সমাজখনত প্ৰচলিত অন্ধবিশ্বাসসমূহৰ মাজৰ এটা ভয়ংকৰ অন্ধবিশ্বাস। অসমৰ পিছপৰা জনজাতীয়, চাহ জনগোষ্ঠীয় সমাজ আদিত ইয়াৰ প্ৰচলন্ অধিক। আচৰিত হ’লেও সত্য যে মধ্য যুগত শাসন-শোষণৰ স্বাৰ্থত ইউৰোপৰ শাসক/ৰাজ পৰিয়ালৰ প্ৰত্যক্ষ প্ৰৰোচনাত ডাইনীৰ বিচাৰ আৰু হত্যা চলিছিল৷ এচাম মানুহৰ মনত বিশেষকৈ ধাৰ্মিক ব্যক্তিৰ মনত মায়াবী বা যাদুকৰী শক্তিৰ উৎস হিচাপে চয়তান (বাক, যখিনী ইত্যাদি)ৰ প্ৰতি এক ধৰণৰ ভয় আৰু শংকা থাকে। ইয়াকে আধাৰ হিচাপে লৈ শাসকসকলে ডাইনীৰ নামত হত্যালীল চলাইছিল। ডাইনীয়ে যাদুকৰী মায়াবী শক্তিৰে মানুহৰ বেমাৰ সৃষ্টি কৰা, পথাৰৰ শস্য ধ্বংস কৰা, পোহনীয়া জীৱ-জন্তু হত্যা কৰা বুলি বহু ধৰ্ম বিশ্বাসী মানুহে অন্ধভাৱে বিশ্বাস কৰে৷ ভাৰততো এই অন্ধবিশ্বাৰ ব্যপ্তি বিশাল। দেশখনত প্ৰতি বছৰে ডাইনীৰ সন্দেহত শ শ লোকক হত্যা কৰা হয়। বৰ্বৰভাৱে নিৰ্যাতনি চলোৱা হয়। ডাইনী হত্যা ইমানেই ভয়ংকৰ ব্যাধি যে অসমৰ লগতে এড়িশা, ঝাৰখণ্ড, বিহাৰ, ছত্তিশগড়ত ডাইনী হত্যা/নিৰ্যাতন ৰোধ কৰিবলৈ চৰকাৰে আইন প্ৰণয়ন কৰিব বাধ্য হৈছে৷ কিন্তু আইনেও এই সামাজিক ব্যধিটোক ৰোধ কৰিব পৰা নাই।

ডাইনী তন্ত্ৰত বিশ্বাস আৰু ডাইনী হত্যাৰ সামাজিক কাৰক আৰু ইয়াক নিৰাময়ৰ পথ বিচাৰি বিশ্বজুৰি বিশাল পৰিসৰত অধ্যয়ন কৰা হৈছে৷ ডাইনী হত্যাৰ ইতিহাস আৰু সংশ্লিষ্ট তথ্য-পাতি বিশ্লেষণৰ দ্বাৰা কেইটামান প্ৰধান কাৰক চিহ্নিত কৰা হৈছে৷ ইয়াৰে কিছুমান কাৰক আজিৰ দিনত বিশ্বাস কৰিবলৈ টান হ’লেও মধ্যযুগত শিক্ষা আৰু স্বাস্থ্য সেৱাৰ অভাৱত তেনে কাৰক আছিল ডাইনী হত্যাৰ প্ৰধান কাৰণ।


কেতিয়াবা এটা অঞ্চলৰ লোকৰ মাজত কিছুমান অচিন বেমাৰৰ প্ৰাদুৰ্ভাৱ ঘটে। হঠাৎ একেলগে কেইবাজনো খেতিয়ক বা কাৰখানাৰ কৰ্মী বা একে কৰ্মত নিয়োজিত মানুহ অজান কাৰণত, কৰ্ম সংক্ৰান্তীয় মানসিক চাপৰ ফলত অসুস্থ হৈ পৰে। চিকাৰলৈ গৈ অজ্ঞাত কাৰণত আতংকিত হোৱা, মনোবৈজ্ঞানিক অসুস্থতাৰ দৰে অজান কাৰণত অসুস্থ হৈ পৰে। তদুপৰি, কেতিয়াবা মহামাৰীৰ ৰূপ লোৱা জ্ঞাত বেমাৰ যেনে প্লেগ, হাইজা ইত্যাদিৰ কাৰণ হিচাপে কোনোবা অধৰ্মী যাদুকৰী মায়াবী শক্তিৰ অধিকাৰী ব্যক্তিক ডাইনী বুলি চিহ্নিত কৰা হয়৷

কোনো এটা ভৌগলিক অঞ্চলত আগৰে পৰা স্বচ্ছল জীৱন যাপন কৰা কোনো এক জনগোষ্ঠী হঠাতে আন এক জনগোষ্ঠীৰ লগত জীৱিকাৰ প্ৰতিযোগিতাত নামিব লগা হ’লে বা আৰ্থিক বা খাদ্য সামগ্ৰীৰ অভাৱত পৰিলে, সেই জীৱন যাপনত বাধা আহি পৰে। তেতিয়া মূল কৰাকবোৰ বিচাৰি উলিয়াব নোৱাৰি যাদুকৰী শক্তিৰ দ্বাৰা কোনো বিধৰ্মী লোকে কৰা বুলি ভাবে। তেতিয়া এজন বা একাধিক ব্যক্তিক ডাইনী বুলি চিহ্নিত কৰা হ’ব পাৰে৷ কেতিয়াবা কিছুমান প্ৰতিপত্তিশীল লোকে কোনোবা দুৰ্বল নিৰীহ মানুহৰ, বিশেষকৈ বিধৱা বা অকলশৰীয়া পুৰুষৰ সম্পত্তিৰ দখল বা বাজেয়াপ্ত কৰাৰ লোভত চক্ৰান্ত কৰি তেনে মানুহক ডাইনী আখ্যা দি নিৰ্যাতন কৰি অঞ্চলৰ পৰা খেদি পঠায় বা হত্যা কৰে৷ একেদৰে কোনো এক ভৌগলিক অঞ্চলত হোৱা দুৰ্ভিক্ষ, যুদ্ধ-বিগ্ৰহ, প্ৰলয়ংকৰ ধুমুহা, বান ইত্যাদিৰ কাৰণেও দোষ জাপি দিবলৈ, অৰ্থাৎ বলিৰ পঠা সজাবলৈ, কাৰোবাক অপশক্তিৰ অধিকাৰী ডাইনী আখ্যা দিয়া হ’ব পাৰে৷


ধৰ্মীয় সমাজ এখনত ধৰ্মৰ আৰু নিজৰ প্ৰতিপত্তি অটুট ৰাখিবলৈ সমাজৰ বৰমূৰীয়াসকলে বা ধৰ্মৰ ওপৰত জীৱিকা নিৰ্ভৰ লোকে কোনো কাৰণতে সমাজত ধৰ্মৰ পথৰ বিপৰীতে যোৱা মানুহ বৰ্তি থকা কামনা নকৰে৷ কোনোবা ব্যক্তি যদি ধৰ্মৰ বিৰোধ কৰিব লয় বা যুক্তিৰে ধৰ্মক, ধৰ্মৰ কথাবোৰক যুক্তিৰে বিশ্লেষণ কৰিব ধৰে, তেতিয়া ধৰ্মৰ ওপৰত জীৱিকা নিৰ্ভৰ ব্যক্তি, যেনে যাজক, পুৰোহিত ইত্যাদি শংকিত হৈ পৰে৷ তেতিয়া ধৰ্মৰ বিৰোধ কৰা বা ধৰ্মৰ কথাবোৰ বিশ্লেষণ কৰা ব্যক্তিজনক ভয় খুৱাবলৈ বা সমাজৰ পৰা আঁতৰ কৰিবলৈ চক্ৰান্ত কৰা হয়, ব্যক্তিজনক চয়তান বা পৈশাচিক শক্তিৰ অধিকাৰী বুলি প্ৰচাৰ চলোৱা হয়৷ ডাইনী বুলি কৈ নিৰ্যাতিত কৰা হয় বা হত্যা কৰা হয়৷ আন ধৰ্মত বিশ্বাসী বা একে ধৰ্মৰে ভিন্ন মতবাদত বিশ্বাসী লোককো কেতিয়াবা একেদৰে চয়তান বা পৈশাচিক ধৰ্মৰ বুলি অপবাদ দি নিৰ্যাতন বা হত্যা কৰা হয়৷ এই ধৰ্মৰ অধিকাৰীসকলেও নিজে জানে যে তেওঁলোকে ধৰ্মৰ নামত নিজক ৰক্ষা কৰিবলৈহে এইদৰে চক্ৰান্ত কৰি ডাইনী সজাই কিছুমান নিৰীহ মানুহক নিৰ্যাতন আৰু হত্যা কৰিছে, কিন্তু এই কথা সাধাৰণ জনতাক কেতিয়াও বুজিব নিদিয়ে৷ আৰু এই কথাবোৰ গোপনে ৰাখিবলৈকে কেতিয়াবা অধিক লোকক চক্ৰান্ত কৰি ডাইনী সজাই নিৰ্যাতন বা হত্যা কৰিব লগা হয়৷ একেদৰেই ৰজা বা শাসক শ্ৰেণীয়ে নিজৰ শোষণ-শাসন বৰ্তাই ৰাখিবলৈও শাসক গোষ্ঠীয়েও একেদৰে শত্ৰু জ্ঞান কৰা লোকক সমাজৰ পৰা আঁতৰাই পঠাবলৈ বিভিন্ন চক্ৰান্ত কৰিছিল, ডাইনী বুলি মিছা অপবাদ দি হত্যাও কৰিছিল৷ ইয়ে জনসাধাৰণৰ মনত শাসক গোষ্ঠীৰ প্ৰতি অনুগত হৈ থাকিবলৈ বাধ্য কৰিছিল৷ একেদৰে শাসন যন্ত্ৰক চলাবলৈ, সাংস্কৃতিক বা পৰম্পৰাগত প্ৰথা তথা ধৰ্মীয় অনুষ্ঠানৰ প্ৰতি আনুগত্য বৰ্তাই ৰাখিবলৈ জনতাৰ মনত ডাইনীৰ ভয় সুমুৱাই দিছিল আৰু এইবোৰত শাসনকৰ্তাৰ সন্মতি আছিল৷

কিছুমান নাৰীবাদী লেখকৰ মতে, মহিলাক বঞ্চিত কৰি ৰাখিবলৈ ডাইনী প্ৰথাৰ প্ৰচলন কৰি ৰখা হৈছিল৷ তেওঁলোকৰ মতে কোনো মহিলাই পুৰুষতান্ত্ৰিক সমাজৰ নাৰীৰ ওপৰত চলি থকা দমন-নিপীড়নৰ বিৰোধ কৰা বা তেনে মনোভাৱ প্ৰকাশ কৰা সমাজৰ বৰমূৰীয়াসকলে সহ্য নকৰি সেই মহিলাগৰাকীক ডাইনী আখ্যা দি নিৰ্যাতন বা হত্যা কৰি পুৰুষতান্ত্ৰিক দম্ভ অটুট ৰখাৰ চক্ৰান্ত কৰিছিল৷

এসময়ত ভয়ংকৰ ৰূপ লোৱা ডাইনী হত্যা-হিংসাৰ পৰা ইউৰোপীয় সমাজ বৰ্তমানে মুক্ত হ’লেও উন্নয়নশীল বা অনুন্নত দেশবোৰ এতিয়াও ডাইনী প্ৰথাৰ দৰে অন্ধবিশ্বাস, কুসংস্কাৰৰ পৰা মুক্ত হ’ব পৰা নাই৷ ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে অসমতো এতিয়াও ডাইনীৰ নামত হত্যা-হিংসা তথা নিৰ্যাতনৰ ঘটনা প্ৰায়ে ঘটি থাকে৷


অসমৰ ধৰ্মীয় বিশ্বাস আৰু পৰম্পৰাৰ লগত অতীতৰ পৰাই ডাইনী তন্ত্ৰৰ সম্বন্ধ আছে৷ সভ্যতাৰ বিকাশৰ সময়ৰ পৰাই সকলো প্ৰকাৰৰ ৰোগ, মানসিক ব্যাধি বা অন্য দুৰ্যোগ যেনে অনাবৃষ্টি, ধুমুহা, বান ইত্যাদিৰ কাৰক হিচাপে যাদু, ক’লা যাদু, মায়াবী শক্তিক দোষ দিয়াৰ পৰম্পৰা প্ৰচলিত আছিল৷ মায়ং এনে যাদু বা মায়াবী শক্তিৰ পীঠস্থান হিচাপে পৰিচিত য’ত মায়া বা ব্যাধি গ্ৰহৰ পূজা-পাতল চলিছিল বুলি জনবিশ্বাস প্ৰচলিত আছিল৷ এই মায়া বা ব্যাধিৰ পূজাৰীসকল ক’লা যাদু বা মায়াবী শক্তিৰ অধিকাৰী বুলিও বহুতে বিশ্বাস কৰিছিল৷ লোক-সংস্কৃতিতো জ্যোতিষ চৰ্চাৰ লগতো ডাইনী তন্ত্ৰৰ সম্বন্ধ থকা বুলি পোৱা যায়৷ পৰম্পৰাগত ঔষধেৰে চিকিৎসা কৰা বেজ বা ওজাও এনে ক’লা যাদুত পাৰ্গত বুলি জনবিশ্বাস আছে৷ সময়ে সময়ে পৃথিৱীত অলৌকিক শক্তিৰ চৰিত্ৰৰ আবিৰ্ভাৱ হোৱা, অলৌকিক ঘটনা ঘটা, ভৌতিক ঘটনা ঘটা, কলা যাদুৰে অকল্পনীয় কাৰ্য কৰা বুলি বিভিন্ন লোকে দাবী কৰিলেও এইসমূহ বিশ্বাসৰ সমৰ্থনত কোনো বিজ্ঞানসন্মত প্ৰমাণ বা ঐতিহাসিক প্ৰমাণ কোনেও দিব পৰা নাই৷


অসমত সংঘটিত ডাইনী হত্যা বা নিৰ্যাতনৰ মুখ্য কাৰক হিচাপে চিহ্নিত হৈছে অন্ধবিশ্বাসৰ ব্যাপকতা, উপযুক্ত শিক্ষাৰ অভাৱ, আধুনিক স্বাস্থ্য সেৱাৰ অভাৱ, দৰিদ্ৰতা আৰু চক্ৰান্ত। অসমৰ বেছিভাগ ডাইনী কাণ্ডত কাৰোবাক ডাইনী বুলি চিহ্নিতকৰণত তৃতীয় পক্ষ জড়িত থাকে৷ অসমত অধিকাংশ ঘটনা সম্পত্তিৰ লোভ, হিংসা, বিবাহবহিৰ্ভূত শাৰীৰিক সম্পৰ্ক, পৰিয়ালকেন্দ্ৰিক অৰিয়াঅৰি, ধৰ্মক জীৱিকা কৰা কিছুমান ব্যক্তিৰ জীৱিকাৰ প্ৰতিযোগিতা আদিৰ বাবে সংঘটিত হয়। শিক্ষাৰ অভাৱেই অন্ধবিশ্বাসৰ সৃষ্টি, প্ৰসাৰ কৰি ইয়াক যুগ যুগ ধৰি বহন কৰি থাকে। অশিক্ষিত সমাজ এখন খুব সহজেই অন্ধবিশ্বাসৰ বলি হয়। আধুনিক শিক্ষাৰ অভাৱত ধৰ্মীয় শিক্ষা গ্ৰহণ কৰা সমাজ এখনতো অন্ধবিশ্বাসে সহজে খোপনি পোতে৷ এই অজ্ঞানতা, অন্ধবিশ্বাস আৰু কু-সংস্কাৰে আৱৰি থকা সমাজ এখনত কোনো অচিন বিপদ, ৰোগ-ব্যাধি ডাইনীৰ দ্বাৰা সংঘটিত হোৱা বুলি ন্যস্ত স্বাৰ্থজড়িত মহল বা কোনো তৃতীয় পক্ষই প্ৰচাৰ কৰিলে সহজেই সেয়া সাধাৰণ জনতাই বিশ্বাসত লয়৷ ডাইনী বুলি চিনাক্ত কৰা ব্যক্তিজনৰ ওপৰত নানা নিৰ্যাতন কৰিবলৈ বা জীয়াই থকাৰ অধিকাৰ খৰ্ব কৰিবলৈ এই কু-সংস্কাৰযুক্ত লোকসকলে ইতস্ততঃ নকৰে৷ একমাত্ৰ আধুনিক শিক্ষা তথা বিজ্ঞানমনস্ক চিন্তাৰ প্ৰসাৰেহে সমাজৰ পৰা এই অন্ধবিশ্বাস আৰু কু-সংস্কাৰ দূৰ কৰিব পাৰে৷


স্বাধীনতাৰ ৭০ বছৰ পাছতো অসমৰ গ্ৰামাঞ্চলত তথা মফচলীয় সুলভ হোৱা নাই আধুনিক স্বাস্থ্য সেৱা৷ মেলেৰীয়া, ডায়েৰিয়া, এনকেফেলাইটিছ, জণ্ডিছ, উচ্চ ৰক্তচাপ, টিবি, কৰ্কট, আদি ৰোগত বছৰি চিকিৎসা অবিহনে অজস্ৰ মানুহৰ মৃত্যু হয়৷ আধুনিক শিক্ষাৰ পৰা বঞ্চিত হোজা মানুহ সু-স্বাস্থ্য ৰক্ষা কৰা স্বাস্থ্যবিধি নজনা কাৰণে এনে ৰোগৰ কাৰণ সম্পৰ্কে সম্পূৰ্ণ অজ্ঞাত৷ ইয়াৰ ফলত এনে মানুহে কিছুমান অযৌক্তিক চিকিৎসা পদ্ধতি গ্ৰহণ কৰে। যি শেষত ডাইনী তন্ত্ৰ আৰু ডাইনী হত্যালৈ ঢাল খায়৷ তদুপৰি, চৰম বতৰ যেনে অনাবৃষ্টি বা অতিবৃষ্টিৰ ফলত খৰাং বা বান হৈ, অচিন পোকৰ আক্ৰমণ বা শস্যৰ সংক্ৰামক ৰোগ হৈ বা পোহনীয়া জীৱ-জন্তুৰ কোনো অচিন ৰোগত মৃত্যু হৈ উপাৰ্জনৰ পথ বন্ধ বা বাধাপ্ৰাপ্ত হোৱা এইবোৰেও ডাইনী হত্যাত উদগনি যোগায়। প্ৰকৃত কাৰণ চিনাক্ত কৰিব নোৱাৰি ধৰ্ম-কৰ্মৰ আশ্ৰয় লয়৷ আনকি নৈৰ গৰাখহনীয়াৰ দৰে প্ৰাকৃতিক বিপৰ্যয়ৰ বাবেও ডাইনী হত্যাৰ ঘটনা সংঘটিত হয়। ডাইনী হত্যা কেৱল আইন প্ৰণয়ন কৰিয়ে দূৰ কৰা সম্ভৱ নহয়৷ দৰকাৰ হয়-আধুনিক বিজ্ঞানসন্মত শিক্ষাৰ বহুল প্ৰসাৰ, প্ৰতিজন নাগৰিকৰ কাৰণে আধুনিক চিকিৎসা উপলব্ধ নিশ্চিত কৰা, সকলো বতৰতে ব্যৱহাৰ কৰিব পৰা যাতায়াত ব্যৱস্থা কৰা, অন্ধবিশ্বাসৰ বিৰুদ্ধে প্ৰণালীৱদ্ধ প্ৰচাৰৰ ব্যৱস্থা কৰা, আধুনিক জলসিঞ্চন ব্যৱস্থা কৰা আৰু আৰ্থিক উন্নয়নৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰা৷