বুধবাৰৰ পৰা গুৱাহাটীত দুচকীয়া বাহনৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব এটা কঠোৰ নিয়ম




১ ডিচেম্বৰ অৰ্থাৎ বুধবাৰৰ পৰা গুৱাহাটীত হেলমেট নিপিন্ধাকৈ দুচকীয়া বাহনত উঠিলে ভৰিব লাগিব জৰিমনা। নতুন নিয়মটো দুচকীয়া বহনত উঠা দুয়োজনৰ ক্ষেত্ৰত প্ৰযোজ্য হ'ব। অৰ্থাৎ দুচকীয়া বাহনত উঠা দুয়োজনৰ বাবে হেলমেট পিন্ধাটো বাধ্যতামূলক।




নিয়মটো অমান্য কৰিলে ভৰিব লাগিব এক হাজাৰ টকা জৰিমনা। সাধাৰণ জনতাৰ সুৰক্ষাৰ বাবেই কঠোৰ পদক্ষেপটো গ্ৰহণ কৰিছে মহানগৰ প্ৰশাসনে। অৱশ্যে নিয়মটো নতুন নহয়। কিন্তু আৰক্ষীৰ শিথিলতাৰ বাবে বেছিভাগ লোকে নিয়মটো নমনা হয়।

6 views0 comments