১৯৯০ চনৰ পিছত বিলুপ্ত হৈ গৈছে অতিকমেও ৪২০ মিলিয়ন হেক্টৰ অৰণ্য





মানৱ বিকাশ সদায় পৰিবেশৰ প্ৰতিদ্বন্দী । ১৯৯০ চনৰ পিছৰ এই শেহতীয়া তিনিটা দশকত হেৰাই গৈছে ৪২০ মিলিয়ন হেক্টৰতকৈও অধিক অৰণ্য । অধিকাংশ অৰণ্য ধ্বংস হৈছে কৃষিভূমিলৈ পৰিৱৰ্তিত কৰাৰ বাবে যি প্ৰায় ৫২.৩%, ২০০০-ৰ ২০১৮-ৰ ভিতৰত পশুৰ চৰোৱাৰ ফলত ৩৭.৫% বনাঞ্চল ধ্বংস হয় । প্ৰায় ৫.৬% অৰণ্য ধ্বংস হয় চহৰ আৰু আন পৰিকাঠামোবোৰৰ বিকাশৰ ফলত আৰু ৪.৬% অৰণ্য অন্য কাৰণবোৰৰ বাবে ধ্বংসৰ গৰাহত পৰে । সংযুক্ত ৰাষ্ট্ৰই চলোৱা এটা ৰিমট চেনচিং চাৰ্ভে অনুসৰি বিশ্বৰ ভিতৰতে প্ৰায় ৯০% বনাঞ্চল কৃষিভূমিৰ বিস্তাৰৰ বাবে ধ্বংস হয় । দক্ষিণ আমেৰিকাৰ প্ৰায় তিনি চতুৰ্থাংশ বনাঞ্চল ধ্বংসৰ মূল কাৰণ হৈছে পশু চৰোৱা কাৰ্য । বৰ্ধিত জনসংখ্যাৰ প্ৰয়োজন পূৰণ কৰিবলৈ শস্যৰ উৎপাদন বৃদ্ধি আৰু বনাঞ্চল ধ্বংসক ৰখোৱা কোনো পৰস্পৰ বিৰোধী উদ্দেশ্য নহয় । ২০ খনতকৈও অধিক উন্নয়নশীল দেশে ইতিমধ্যে সেই কথা প্ৰমাণ কৰিছে । নতুন তথ্যবোৰে প্ৰমাণ কৰিছে যে দক্ষিণ আমেৰিকা আৰু এছিয়াত বনাঞ্চল ধ্বংসৰ পৰিমাণ সফলতাৰে হ্ৰাস কৰা হৈছে । উল্লেখ্য যে এফ আৰ এ ৰিমট চেনচিং চাৰ্ভে ২০১৮ চনত উন্মোচন কৰা হৈছিল । কালেক্ট আৰ্থ অনলাইন ব্যৱহাৰ কৰি ৪ লাখ নমুনাক পৰীক্ষণ কৰা হৈছিল য'ত ১২৬ খন দেশৰ ৮০০ জনতকৈও অধিক ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশেষজ্ঞই অংশগ্ৰহণ কৰিছিল ।

2 views0 comments