হিন্দুৰ আস্থাত আকৌ আক্ৰমণ : এইবাৰ গোলকগঞ্জত কালী প্ৰতিমাৰ শিৰশ্ছেদ




ধুবুৰী জিলাৰ বাংলাদেশ সীমান্তৱৰ্তী গোলকগঞ্জ, আগমনি অঞ্চলত শেহতীয়াকৈ কালী দেৱীৰ প্ৰতিমাৰ ওপৰত দুবাৰকৈ আক্ৰমণ চলোৱা হৈছে। দুয়োবাৰে দেৱীৰ প্ৰতিমাৰ পৰা মূৰটো ভাঙি লৈ গৈছে দুস্কৃতিকাৰীয়ে। নিশ্চিতভাৱে ইয়াৰ আঁৰত গভীৰ চক্ৰান্ত লুকাই আছে। সীমান্তৱৰ্তী অঞ্চলটোত হিন্দু ধৰ্মাৱলম্বীৰ আস্থা আৰু ভক্তিৰ ওপৰত ধাৰাবাহিক আক্ৰমণ বিক্ষিপ্ত ঘটনা বুলি ধৰি ল'ব নোৱাৰি।




ঘটনালানিৰ অন্তিমটো ঘটনা ঘটিছে গোলকগঞ্জৰ দক্ষিণ টোকৰেৰছড়া চতুৰ্থ খণ্ডৰ চক্ৰ লাইনত। তাত এটা কালী মন্দিৰৰ কালী প্ৰতিমাৰ শিৰশ্ছেদ কৰি মূৰটো দুৰ্বৃত্তই লৈ যায়। বুধবাৰে প্ৰাতঃভ্ৰমণত যোৱা বাপন সৰকাৰ নামৰ যুৱক এজনে মুণ্ডহীন দেৱী প্ৰতিমাটো প্ৰথমে দেখা পায়। লগে লগে চক্ৰলাইনত হুৱাদুৱা লাগে। মন্দিৰ কৰ্তৃপক্ষই গোলকগঞ্জ আৰক্ষী থানাত ঘটনাটোৰ বিষয়ে অৱগত কৰাত আৰক্ষীৰ এটি দল উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।



ইফালে, দোষীক কৰায়ত্ত কৰাৰ দাবীত স্থানীয় ৰাইজৰ আৰু ৰাষ্ট্ৰীয় বজৰংগ দলে আৰক্ষী প্ৰশাসনক দাবী জনায়। ৰাষ্ট্ৰীয় বজৰংগ দলে গোলকগঞ্জত পথ অৱৰোধো কৰে আৰু দুদিনৰ ভিতৰত দুষ্কৃতিকাৰীক চিনাক্ত কৰি গ্ৰেপ্তাৰ নকৰিলে ইয়াতকৈ অধিক ভয়াৱহ আন্দোলন গঢ়ি তুলিব বুলি জিলা প্ৰশাসনক সকীয়নি দিয়ে। উল্লেখ যে কিছুদিন পূৰ্বে আগমনিৰ শ্মশান কালী মন্দিৰৰ কালী প্ৰতিমূৰ্তিৰ মূৰ কাটি লৈ গৈছিল দুৰ্বৃত্তই। সেইটো আছিল কালীপূজাৰ নিশা।

3 views0 comments