মৰিগাঁৱত মছজিদৰ চাদৰ পৰা আত্মহত্যাৰ কেঁচুৱাসহ মাতৃৰ আত্মহত্যাৰ চেষ্টা




কন্যা সন্তান জন্ম দিয়া হেতু স্বামীগৃহৰ ধাৰাবাহিক অত্যাচাৰ আৰু অত্যাচাৰী পৰিয়ালক আৰক্ষীয়ে ৰক্ষণাবেক্ষণ দিয়াত বেদনাহত এগৰাকীয়ে মাতৃয়ে কোলাত দুমহীয়া কেঁচুৱাক লৈ মছজিদৰ ওপৰৰ পৰা জঁপিয়াই আত্মহত্যাৰ চেষ্টা চলায়। ইয়াকে লৈ মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ জালুগুটি আৰক্ষী পহৰাচকীৰ অন্তৰ্গত মিকিৰগাঁৱত প্ৰায় ৪ ঘণ্টা শ্বাসৰুদ্ধকৰ পৰিৱেশৰ সৃষ্টি হয়। পিছত অৱশ্যে মাতৃগৰাকীক কৌশলেৰে ওপৰৰ পৰা নমাই আনি আত্মহত্যাৰ প্ৰয়াসটো ব্যৰ্থ কৰা হয়। ঘটনাটো বুধবাৰৰ।


উত্থাপিত অভিযোগ মতে, স্বামী ৰিয়াজুদ্দিন আহমেদ আৰু স্বামীৰ পৰিয়ালে দীৰ্ঘদিন ধৰি শাৰীৰিক, মানসিক অত্যাচাৰ কৰি আহিছে৷ ঘটনা সন্দৰ্ভত জালুগুটি আৰক্ষী পহৰাচকীত স্বামী আৰু স্বামীৰ পৰিয়ালৰ মিহিৰ বেগম, হৰেজা বেগম আৰু নুৰেজা বেগমৰ বিৰুদ্ধে গোচৰ তৰিছিল৷ কিন্তু আৰক্ষীয়ে আজগৰ আলী নামৰ এজন দালালৰ মধ্যস্থতাত যোৱা ১২ নৱেম্বৰত দাখিল কৰা এজাহাৰখনৰ বিভিন্ন দিশ আওকাণ কৰি কেৱল যৌতুকজনিত ধাৰা লগাই সকলো গাপ দিয়াৰ চেষ্টা কৰে৷ ৷ এজাহকাৰী ভাষ্য মতে, কন্যা সন্তান জন্ম দিয়াৰ বাবে প্ৰতি নিশা শাৰীৰিক আৰু মানসিক অত্যাচাৰ চলাই আহিছে। তদুপৰি মহিলাগৰাকীক স্বামীয়ে খাদ্য পৰ্যন্ত দিয়া নাছিল।



এইদৰে ধাৰাবাহিক অত্যাচাৰত দিকবিদিক হেৰুৱাই পেলোৱা মহিলাগৰাকীয়ে আত্মহত্যাৰ বাবে মিকিৰগাঁৱৰ মছজিদৰ চাদত উঠে। তাকে দেখি প্ৰত্যক্ষদৰ্শীয়ে আৰক্ষীক খবৰ দিয়ে৷ আৰক্ষীয়ে এছ ডি আৰ এফক খবৰ দিয়ে। প্ৰায় ৪ ঘণ্টাৰ অন্তত গাঁৱৰ ৰাইজৰ সহযোগত মৰিগাঁও সদৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জন শইকীয়াই কৌশলেৰে মহিলাগৰাকীক কেঁচুৱাসহ চাদৰ পৰা নমাই আনিবলৈ সক্ষম হয়।



ইফালে, মহিলাগৰাকীক তললৈ নমাই অনাৰ পিছতেই অভিযুক্ত ৰিয়াজুদ্দিনক গ্ৰেপ্তাৰ নকৰাৰ বাবে উত্তেজিত হৈ পৰে গাওঁৰ ৰাইজ। একাংশ উত্তেজিত লোকে আৰক্ষীক আক্ৰমণ কৰিবলৈও উদ্যত হয়। পুৱা চাৰি বজাৰ পৰা কষ্টত থকা কেঁচুৱাটিৰ সৈতে মাতৃক আৰক্ষীয়ে স্বাস্থ্য পৰীক্ষা কৰিবলৈ নিয়ে যদিও স্থানীয় ৰাইজে বাধা প্ৰদান কৰে। পৰৱৰ্তী সময়ত দণ্ডাধীশৰ উপস্থিতিত আৰু আৰক্ষীৰ প্ৰতিশ্ৰুতিত পৰিস্থিতি খাম কাটে। আৰক্ষীয়ে সমগ্ৰ ঘটনাটো গুৰুত্ব সহকাৰে লৈ তদন্ত সম্পূৰ্ণ নোহোৱালৈ শিশু আৰু মাতৃৰ থকা-খোৱাৰ সকলো ব্যৱস্থা কৰা হ'ব বুলি প্ৰতিশ্ৰুতি দিয়ে। ইফালে, পত্নীয়ে আত্মহত্যাৰ চেষ্টা চলোৱাৰ পাছত ৰিয়াজুদ্দিনে আৰক্ষীৰ ওচৰত আত্মসমৰ্পণ কৰে।

9 views0 comments