এ পি এছ চি ক বদনাম কৰিবলৈ একাংশ মিডিয়া হাউছৰ প্ৰয়াস




হিমন্ত বিশ্ব শৰ্মা ৰ নেতৃত্বাধীন চৰকাৰৰ দিনত ও এ পি এছ চিৰ নিকা ভাৱমুৰ্তি বিনষ্ট কৰিবলৈ একাংশ মিডিয়া হাউছে উঠি পৰি লাগিছে । কিছুদিন আগত অসমৰ কেইবাখনো বাতৰি কাকত তথা পোৰ্টেল চেনেলত চলোৱা হৈছিল "উদ্যোগ আৰু বাণিজ্য বিভাগৰ ২১ টা ফাংচনেল মেনেজাৰ / প্ৰজেক্ট মেনেজাৰ / উপসঞ্চালক পদৰ প্ৰাৰ্থী বাছনিত চূড়ান্ত অনিয়ম" শীৰ্ষক বাতৰি ।বাতৰি প্ৰকাশ হোৱাৰ পিছতেই এ পি এছ চি য়ে দিয়ে বাতৰিটোৰ স্পষ্টীকৰণ । এই স্পষ্টীকৰণ তেওলোকে নিজৰ ৱেবচাইট ত আপলোড কৰে লগতে আয়োগৰ তৰফৰ পৰা এই ক্ষেত্ৰত সংবাদ মাধ্যম আৰু সংৱাদসেৱী সকলোলৈ এনেধৰনৰ বিভ্ৰান্তিকৰ বাতৰি ভৱিষ্যতলৈ পৰিৱেশনৰ পৰা বিৰত থাকিবলৈ অনুৰোধ জনায় । আয়োগে কয় যে এনেধৰণৰ বিভ্ৰান্তিকৰ বাতৰিয়ে আয়োগৰ স্বচ্ছ, নিকা আৰু মেধাৰ ভিত্তিত বাছনি কৰা যোগ্যবান প্ৰাৰ্থীসকলৰ মনোবলত আঘাত কৰাৰ লগতে আগন্তক বিভিন্ন পৰীক্ষা সমূহত অৱতীৰ্ণ হ'ৱলগীয়া নিষ্ঠাবান প্ৰাৰ্থীসকলকো নিৰুৎসাহিত কৰিব । বিশ্লেষণাত্মক পৰীক্ষা নকৰাকৈ মাত্ৰ মছলাযুক্ত খবৰ হোৱা কাৰনে কৰা এনে প্ৰচাৰ নিশ্বয়কৈ দুৰ্ভাগ্যজনক !

1 view0 comments