পলায়নৰ চেষ্টা : অপহৰণকাৰী গেঙৰ চৰ্দাৰ চাদ্দাম হুছেইনৰ ভৰিত আৰক্ষীৰ গুলী




গোৱালপাৰা আৰক্ষীৰ গুলীত আহত হৈছে ছাবদাম মাৰাক ওৰফে চাদ্দাম হুছেইন নামৰ এজন অপহৰণকাৰী গেঙৰ মাষ্টাৰ মাইণ্ড। এই ব্যক্তিজনে ৯ নৱেম্বৰত কৃষ্ণাইৰ ৰবিউল হক নামৰ এজন ব্যৱসায়ীক অপহৰণ কৰিছিল। অপহৃত উদ্ধাৰৰ গোৱালপাৰা আৰক্ষীয়ে চলোৱা অভিযানত কৃষ্ণাইৰ পেটকটাত সংঘৰ্ষও হৈছিল। আনহাতে শনিবাৰে নিশা অপহৃত ৰবিউলক মেঘালয়ত উদ্ধাৰ কৰা হয়। ইয়াৰ পূৰ্বে আটক হয় চাদ্দাম হুছেইন।


ইফালে, ব্যৱসায়ীজন উদ্ধাৰ হোৱাৰ পিছত আৰক্ষীয়ে অপহৰণকাৰী দলটোৰ সদস্যক কৰায়ত্ত কৰাৰ শনিবাৰে নিশা চাদ্দাম হুছেইন লগত লৈ মেঘালয় সীমান্তৰ দিশে যায়। জিলাখনৰ মেঘালয় সীমান্তৱৰ্তী দামৰাত চাদ্দামে হঠাতে আৰক্ষীৰ পৰা পিষ্টল কাঢ়ি পলায়ন কৰে। আৰক্ষীয়ে ভৰিত গুলীয়াই চাদ্দামৰ পলায়নৰ অপচেষ্টা ৰোধ কৰিবলগীয়া হয়।



আহত চাদ্দাম হুছেইনক নিশাই গোৱালপাৰা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। অপহৰণ কাণ্ডৰ মাষ্টাৰ মাইণ্ড চাদ্দাম হুছেইনৰ উপৰিও ইয়াৰ লগত জড়িত আন পাঁচজন অপহৰণকাৰীকো আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে।

5 views0 comments