১২ কোটি টকাৰ ড্ৰাগছ সৰবৰাহৰ চেষ্টা, বোকাজানত আৰক্ষীৰ গুলীত এজন আহত






আন্তৰ্জাতিক ড্ৰাগছ মাফিয়াই অসম তথা দেশৰ অন্যান্য অংশলৈ ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰা বোকাজান ৰুটত শেহতীয়াকৈ কোটি কোটি টকাৰ ড্ৰাগছ জব্দ হৈছে। মাফিয়াৰ সৈতে একাধিকবাৰ সংঘৰ্ষও হৈছে। মঙলবাৰে নিশাও অনুৰূপ ঘটনা সংঘটিত হয়। বোকাজান থানাৰ অন্তৰ্গত মাটিপুলত নিশা প্ৰায় ৯-৩০ বজাত আৰক্ষীয়ে প্ৰায় ১২ কোটি টকাৰ ড্ৰাগছ জব্দ কৰে। লগতে আৰক্ষীৰ গুলীত ছাদ্দাম হুছেইন নামৰ এটা সৰবৰাহকাৰী আহত হয়।


জানিব পৰা মতে, এখন স্কুটীত ড্ৰাগছখিনি লৈ দুজন যুৱকক আৰক্ষীয়ে মাটিপুলত আবদ্ধ কৰে। কিন্তু আৰক্ষীৰ জিম্নাৰ পৰা দুয়ো পলায়নৰ অপচেষ্টা চলায়। আৰক্ষীয়ে গুলীচালনা কৰাত ছাদ্দামৰ বাওঁভৰিত গুলী লাগে। আহত ছাদ্দামৰ লগতে আনজনকো আৰক্ষীয়ে পুনৰ আটক কৰে। ইফালে,

স্কুটীখনৰ পৰা আৰক্ষীয়ে ১৫০টা চাবোনৰ বাকচত ১.৭৭ কিলোগ্ৰাম হেৰ'ইন লাভ কৰে। হেৰ'ইনখিনিৰ বজাৰ দাম ১২ কোটি টকা হ'ব।

3 views0 comments