অষ্ট্ৰেলিয়া ক্ৰিকেট যৌন কেংলেকাৰিৰ ভূমিকম্প : টেষ্ট দলৰ অধিনায়কৰ পদত্যাগ



যৌন কেলেংকাৰিৰ পুনৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে অষ্ট্ৰেলিয়া ক্ৰিকেট। ইয়াৰ বাবে পদত্যাগ কৰিবলগীয়া হয় টেষ্ট দলৰ অধিনায়ক টীম পেনে। পেনৰ বিৰুদ্ধেই উত্থাপন হৈছে যৌন নিৰ্যাতনৰ অভিযোগ। বিষয়টো অষ্ট্ৰেলিয়াৰ মানৱ অধিকাৰ আয়োগৰ মজিয়ালৈও গৈছে।


শুকুৰবাৰে এখন সংবাদ মেলৰ আয়োজন কৰি টীম পেনে পদত্যাগ কৰাৰ কথা ঘোষণা কৰে। তেওঁ কয় যে পদত্যাগ পত্ৰ ইতিমধ্যে অষ্ট্ৰেলিয়ান ক্ৰিকেট ব'ৰ্ডলৈ প্ৰেৰণ কৰা বুলি জানিবলৈ দিয়ে।







ঘটনাটো ২০১৭ চনৰ। ব্রিছবেনৰ গাব্বাত এছেজৰ প্রথম টেষ্টৰ প্ৰথম দিনা আৰু তাৰ পূৰ্বৰ দিনটোত এগৰাকী মহিলাক যৌন সম্পৰ্ক স্থাপনৰ ইংগিতপূৰ্ণ বাৰ্তা প্ৰেৰণ কৰিছিল। অষ্ট্ৰেলিয়াৰ ‘হেৰাল্ড ছান’ নামৰ সংবাদপত্রখনৰ বাতৰি অনুসৰি, পেনে এজন মহিলা কর্মীলৈ নিজৰ কিছু অশ্লীল ছবি পঠিয়ায়। যৌন সম্পর্কত লিপ্ত হোৱাৰ বাবে প্রকাশত অযোগ্য ভাষাৰে মেছেজো পঠিয়াইছিল।



২০১৮ চনৰ জুনত মহিলাগৰাকীয়ে বিষয়টো ক্রিকেট অষ্ট্ৰেলিয়াক জনায়। পেনৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে। মহিলাগৰাকীয়ে দেশখনৰ মানৱাধিকাৰ আয়োগতো পেনৰ বিৰুদ্ধে যৌন নিগ্রহৰ অভিযোগ দাখিল কৰে। লগে লগে ক্রিকেট অষ্ট্ৰেলিয়াই তদন্ত আৰম্ভ কৰে।





শুকুৰবাৰে নিজৰ অপৰাধ স্বীকাৰ কৰে টীম পেনে। সংবাদ মেলত লিখিত বিবৃতি এটা পাঠ কৰি পেনে কয়, ‘অষ্ট্ৰেলিয়াৰ অধিনায়ক পদৰ পৰা মই আঁতৰি আহিছোঁ। এইটো খুব কঠিন সিদ্ধান্ত। কিন্তু নিজৰ, পৰিয়াল আৰু ক্ৰিকেটৰ বাবে এইটো সঠিক সিদ্ধান্ত।’

3 views0 comments