হিজাব পিন্ধি চৰকাৰী কম্পিউটাৰ নিবলৈ যোৱা ছাত্ৰীক কলেজত সোমাবলৈ নিদিলে কৰ্তৃপক্ষই




হিজাব পৰিহিত ছাত্ৰীক কৰ্ণাটকৰ শিক্ষানুষ্ঠানৰ শ্ৰেণীকোঠাক প্ৰৱেশ কৰিবলৈ নিদিয়াক লৈ দেশজুৰি বিতৰ্কৰ সূত্ৰপাত ঘটিছিল। বিষয়টো এতিয়া আদালতৰ মজিয়াত। উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক প্ৰত্যাহ্বান জনাই এটা পক্ষ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। ইয়াৰ পূৰ্বে কৰ্ণাটক উচ্চ ন্যায়ালয়ে শিক্ষানুষ্ঠানত ধৰ্মীয় পোছাক নিষিদ্ধ কৰিছে। এইবাৰ হিজাবক লৈ উত্তৰপ্ৰদেশত সংঘটিত হৈছে এটা ঘটনা। যোগী আদিত্যনাথৰ ৰাজ্যখনত কি ঘটিলনো?

কলেজ এখনত চৰকাৰী আঁচনিৰ বিনামূলীয়া টেবলেট বিতৰণ কৰি থকা হৈছিল। কেইগৰাকীমান শিক্ষাৰ্থীয়ে হিজাব পিন্ধি টেবলেট গ্ৰহণ কৰিবলৈ আহে। ছাত্ৰকেইগৰাকীয়ে ইউনিফৰ্মৰ বিপৰীতে হিজাব পিন্ধি অহাত কলেজ কৰ্তৃপক্ষই তেওঁলোকক কলেজ চৌদহত প্ৰৱেশ কৰাত অনুমতি দিবলৈ অমান্তি হয়। তাতে ক্ষুণ্ণ হৈ ছাত্ৰীকেইজনে কলেজৰ সন্মুখত পথ অৱৰোধ কৰি ুত্তাল পৰিৱেশৰ সৃষ্টি কৰে। তেওঁলোকে কলেজখনৰ মুৰব্বীৰ বিৰুদ্ধেও ধ্বনি দিয়ে। ঘটনাটোত লক্ষণীয় কথাটো হৈছে, কলেজখনত শিক্ষাৰ্থীৰ বাবে ইউনিফৰ্মৰ ব্যৱস্থা আছে। তেনেস্থলত কেইগৰাকীমান শিক্ষাৰ্থীয়ে নিয়ম উলংঘা কৰি হিজাব পিন্ধি টেবলেট গ্ৰহণ কৰিবলৈ যোৱাৰ কাৰণ কি? ইয়াৰ আঁৰত কোনো চক্ৰান্ত আছে নেকি? কোনে তেওঁলোকক হঠাতে কলেজলৈ হিজাব পিন্ধি কলেজলৈ যাবলৈ উচটনি দিলে? ইয়াৰ আঁৰৰ উদ্দেশ্য কি? দেশখনত শেহতীয়াকৈ এচাম মোলবাদী মুছলমানে চাৰিওফালে অশান্তিৰ সৃষ্টি কৰাৰ চক্ৰান্ত লাগি আছে। ৰাম নৱমী-হনুমান জয়ন্তীৰ শোভাযাত্ৰাৰ পৰা শেহতীয়াকৈ ৰাজস্থানৰ যোধপুৰলৈ হিংসা-চক্ৰান্তৰ জালখন বিস্তৃত হৈছে। দিল্লীৰ জাহাংগীৰপুৰীত হনমুনা জয়ন্তীৰ শোভাযাত্ৰাকাৰীৰ ওপৰত চলোৱা আক্ৰমণকাৰী সন্দৰ্ভত প্ৰতিদিনে নতুন নতুন তথ্য পোহৰলৈ আহিব ধৰিছে। উত্তৰপ্ৰদেশত শান্তিপূৰ্ণভাৱে লাউড স্পীকাৰৰ সমস্যা সমাধান কৰা হৈছে। তাত নতুন চৰকাৰ এখনে কাৰ্যভাৰ হাতত লোৱাৰ বেছি দিন হোৱা নাই। ৰাজ্যখনত অশান্তিৰ সৃষ্টি কৰিবলৈ হঠাতে হিজাবৰ প্ৰসংগটো হাতত লোৱা হৈছে নেকি?

উল্লেখ্য, প্ৰদেশখনৰ গাজিয়াবাদত এখন কলেজৰ কর্তৃপক্ষই হিজাব পৰিহিত মুছলমান শিক্ষাৰ্থীক চৰকাৰী আঁচনি অনুসৰি প্ৰাপ্য বিনামূলীয়া টেবলেট (কম্পিউটাৰ) দিবলৈ অস্বীকাৰ কৰে। সোমবাৰে গাজিয়াবাদৰ মোদিনগৰ অঞ্চলত অৱস্থিত গিন্নিদেৱী কলেজত ঘটিছে ঘটনাটো।


জানিব পৰা মতে, ছাত্রীসকলে চৌহদৰ কাষত পথ অৱৰোধ কৰাৰ চেষ্টা কৰিছিল। লগতে কলেজ কর্তৃপক্ষৰ বিৰুদ্ধে ধ্বনি দিয়াত পৰিস্থিতি আৰু উত্তপ্ত হৈ পৰে। প্রশাসনৰ তৰফৰ পৰা বিষয়টোত স্পষ্টীকৰণ দি কোৱা হৈছে, পোছাকবিধিৰ বাবে শিক্ষাৰ্থীক টেবলেট দিয়া হোৱা নাই।


ইফালে, কলেজৰ অধ্যক্ষগৰাকীয়ে সমস্ত অভিযোগ অস্বীকাৰ কৰি কৈছে শিক্ষাৰ্থীসকলে ইউনিফৰ্ম পিন্ধি অহা নাছিল বাবে তেওঁলোকক কলেজ চৌহদত প্ৰৱেশত অনুমতি দিয়া হোৱা নাই। আনহাতে, কলেজৰ দ্বিতীয় বর্ষৰ এগৰাকী ছাত্ৰীৰ অভিযোগ, ফ্রী টেবলেটৰ বিষয়ে জানিবলৈ অধ্যক্ষৰ কাষলৈ যাওঁতে কলেজ কর্তৃপক্ষই তেওঁলোকক হিজাব খুলিবলৈ কয়। ছাত্ৰীগৰাকীৰ অভিযোগ মতে, কলেজ কর্তৃপক্ষই তেওঁলোকৰ সৈতে ‘ৰূঢ়’ভাৱে ব্যৱহাৰ কৰিছে। আৰক্ষীৰ দল আহিলেহে তেওঁলোকে বিনয়ৰ সৈতে কথা কয়।


আনহাতে, ঈদৰ পিছত কলেজ কর্তৃপক্ষই বিষয়টো পৰ্যালোচনা কৰিব বুলি শিক্ষাৰ্থীগৰাকীয়ে কয়। ইপিনে, কলেজৰ অধ্যক্ষই কয় যে কলেজখনত শিক্ষাৰ্থীৰ বাবে বিনামূলীয়া টেবলেট বিতৰণ কৰি থকা হৈছে। কিছুসংখ্যক ইউনিফৰ্ম পিন্ধি অহা নাছিল বাবে তেওঁলোকক টেবলেট দিয়া হোৱা নাই। তেওঁলোকক চৌহদৰ ভিতৰত সোমাবলৈ দিা হোৱা নাই। তেওঁ কয় যে শিক্ষাৰ্থীসকল যাতে যথাযথ ইউনিফৰ্ম পিন্ধি আহে, সেইটো নিশ্চিত কৰিবলৈ ব্যৱস্থাটো গ্ৰহণ কৰা হৈছে, তাৰ বাহিৰে কোনো দ্বিতীয় অভিপ্ৰায় নাই।

11 views0 comments