অভি-নীল হত্যাকাণ্ড : জ্যেষ্ঠ ফৰেনছিক বিশেষজ্ঞৰ আদালতত সাক্ষ্যদান




বিশ্ব কঁপোৱা অভি-নীল হত্যাকাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া নগাঁও জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতত চলি আছে। শুকুৰবাৰে গোচৰটোত এজন জ্যেষ্ঠ ফৰেনছিক বিশেষজ্ঞই সাক্ষ্যদান কৰে। জানিব পৰা মতে, ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে জব্দ অস্ত্ৰ যেনে লাঠী, শিলগুটিসহ বিভিন্ন সামগ্ৰী পৰীক্ষা কৰি লাভ তথ্যৰ ভিত্তিত সাক্ষ্যদান কৰে। তেওঁ সেইবোৰত তেজৰ চেকুৰা লাগি থকাৰ কথাও উল্লেখ কৰা বুলি জানিব পৰা গৈছে।


ইফালে, গোচৰটোৰ তদন্তকাৰী বিষয়া যতীন চন্দ্ৰ দাসেও সাক্ষ্য প্ৰদানৰ বাবে আদালতলৈ গৈছিল যদিও প্ৰতিপক্ষৰ অধিবক্তা দেৰিকৈ উপস্থিত হোৱাত সাক্ষ্যদান কৰা নহ'ল।



আনহাতে, গোচৰটোৰ সম্পৰ্কত অভি-নীলৰ পিতৃয়ে সংবাদ মাধ্যমৰ আগত কয় যে- জ্যেষ্ঠ ফৰেনছিক বিশেষজ্ঞগৰাকীয়ে সাক্ষ্য প্ৰদান কৰিছে। কিন্তু বিপক্ষৰ অধিবক্তা পলমকৈ আদালতত উপস্থিত হোৱাত আনজন সাক্ষীয়ে সাক্ষ্যদান কৰিব নোৱাৰিলে। অভি-নীলৰ পিতৃদ্বয়ে সংবাদ মাধ্যমৰ আগত কয় যে গোচৰটো অক্টোবৰতে সমাপ্ত হোৱাৰ আমি আশা কৰিছিলোঁ। কিন্তু ডিচেম্বৰতো সমাপ্ত হোৱাৰ সম্ভাৱনা নাই। কাৰণ আমি প্ৰতি মাহতে চাৰিটাকৈ তাৰিখ বিচাৰিছো যদিও বৰ্তমানলৈকে দুটাকৈ তাৰিখহে সাক্ষ্য গ্ৰহণৰ বাবে দিয়া হৈছে। তেওঁলোকে কয় যে বৰ্তমানলৈকে ৬১জনে সাক্ষ্যদান কৰিলে যদিও আৰু ১০জনমানে সাক্ষ্যদান কৰিবলৈ আছে।

4 views0 comments