২১ বছৰৰ অন্ততঃ ভাৰতে আজুৰিলে মিছ ইউনিভাৰ্ছৰ খিতাপ:'২১ বৰ্ষৰ মিছ ইউনিভাৰ্ছ খিতাপ ভাৰতৰ হৰনাজ সান্ধুলৈ





অভিনেত্ৰী তথা মডেল হৰনাজ সান্ধুৱে সোমবাৰৰ দিনটোত অৰ্থাৎ ১৩ ডিচেম্বৰৰ দিনটোত সৃষ্টি কৰিলে ইতিহাস। মিছ ইউনিভাৰ্ছ ২০২১ ৰ মুকুট পিন্ধিবলৈ সক্ষম হ'ল ২১ বছৰীয়া হৰনাজ সান্ধুৱে।

৭৯ খন দেশৰ প্ৰতিযোগীক পৰাস্ত কৰি ভাৰতে ২১ বছৰৰ অন্তত অর্জন কৰিলে মিছ ইউনিভাৰ্ছ খিতাপ। সান্ধুৰ পূৰ্বতে মাত্ৰ দুগৰাকী ভাৰতীয়ই মিছ ইউনিভাৰ্ছৰ খিতাপ অৰ্জন কৰিছে। ১৯৯৪ চনত অভিনেত্ৰী সুস্মিতা সেন আৰু ২০০০ চনৰ লাৰা দত্তই অর্জন কৰিছিল এই খিতাপ । এই বৰ্ষৰ এই অনুষ্ঠানটোৰ ৭০ তম সংস্কৰণ ইজৰাইলৰ ইলাটত অনুষ্ঠিত হৈছিল ।


ৰাজহুৱা প্ৰশাসনত স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা চণ্ডিগড়স্থিত মডেলগৰাকীক তেওঁৰ পূৰ্বসূৰী মেক্সিকোৰ এণ্ড্ৰিয়া মেজাই এই মুকুট পিন্ধাই। আনহাতে ২২ বছৰীয়া পাৰাগুৱেৰ নাদিয়া ফেৰেৰাই দ্বিতীয় স্থান লাভ কৰাৰ বিপৰীতে দক্ষিণ আফ্ৰিকাৰ ২৪ বছৰীয়া লালেলা মছৱানে তৃতীয় স্থান লাভ কৰে।


অন্তিম প্ৰশ্ন আৰু উত্তৰ ৰাউণ্ডৰ সময়ত, সান্ধুক সোধা হৈছিল যে আজি তেওঁলোকে সন্মুখীন হোৱা চাপৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে ? সেই বিষয়ে যুৱতীসকলক তেওঁ কি পৰামৰ্শ দিব? উত্তৰত তেওঁ কয় যে, "আজিৰ যুৱক-যুৱতীসকলে সন্মুখীন হোৱা আটাইতকৈ ডাঙৰ চাপটো হ'ল নিজৰ ওপৰত বিশ্বাস কৰা । আপুনি অনন্য বুলি জনা আৰু সেইটোৱেই আপোনাক সুন্দৰ কৰি তোলে। নিজকে আনৰ সৈতে তুলনা কৰা বন্ধ কৰক । আপুনি আপোনাৰ নিজৰ কণ্ঠস্বৰ। মই নিজৰ ওপৰত বিশ্বাস কৰিছিলো আৰু সেয়েহে মই আজি ইয়াত থিয় হৈ আছোঁ"।


উল্লেখযোগ্য যে সান্ধুৱে ২০১৭ চনত টাইমছ ফ্ৰেছ ফেচ জিকি ১৭ বছৰ বয়সততে চণ্ডিগড়ক প্ৰতিনিধিত্ব কৰি পেজেণ্টেৰীত যাত্ৰা আৰম্ভ কৰিছিল। ইয়াৰ পিছত লিভা মিছ ডিভা ইউনিভাৰ্ছ ২০২১ খিতাপ জিকিছিল। সান্ধুৱে কেইখনমান পাঞ্জাৱী চলচ্চিত্ৰতো কাম কৰিছে । যাৰ ভিতৰত আছে "য়াৰা দিয়ান পু বাৰণ" আৰু "বাই জী কুট্টাংগে"।

উল্লেখযোগ্য যে ,এই মিছ ইউনিভাৰ্ছ অনুষ্ঠানটো ষ্টিভ হাৰ্ভেৰ দ্বাৰা আয়োজন কৰা হৈছিল আৰু আমেৰিকান গায়ক জোজোৰে কৰিছিল প্ৰদৰ্শন।বাছনি সমিতিত অন্তৰ্ভুক্ত আছিল অভিনেত্ৰী তথা মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০১৫ ৰ উৰ্বশী ৰৌতেলা, আদমাৰী লোপেজ, এড্ৰিয়ানা লিমা, চেছলি ক্ৰিষ্ট, আইৰিছ মিটেনায়েৰ, লৰি হাৰ্ভে, মাৰিয়ান ৰিভেৰা আৰু ৰেনা চোফাৰ ।

10 views0 comments