যুগৰ প্ৰাচীন সনাতনী সভ্য়তা-সংস্কৃতিৰ সঁচা প্ৰতিনিধি ১২৬ বছৰীয়া বাবা শিৱানন্দ



২১ মাৰ্চত ৰাষ্ট্ৰপতি ভৱনত আয়োজিত পদ্ম সন্মান বিতৰণ অনুষ্ঠানৰ এটা আৱেগিক দৃশ্যৰ কথা নিশ্চয় সকলোৰে মনত আছে। বাৰাণসীৰ ১২৬ বছৰীয়া স্বামী শিৱানন্দ বাবাই কালী ভৰিৰে পদ্মশ্ৰী সন্মান গ্ৰহণ কৰিবলৈ উপস্থিত হয় আৰু সন্মানটো গ্ৰহণৰ পূৰ্বে তেওং প্ৰদানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নমস্কাৰ জনাবলৈ আঁঠুকাঢ়ি নতমস্তক হয়। শিৱানন্দ বাবাই এইদৰে সন্মান প্ৰদৰ্শন কৰা দেখি প্ৰধানমন্ত্ৰী মোদীও আসনৰ পৰা উঠি অনুৰূপ ধৰণে সন্মান প্ৰদৰ্শন কৰি বিনম্ৰতাৰ বিৰল নিদৰ্শন দেখুৱায়। মুহূৰ্তটোক ৰাষ্ট্ৰপতি ভৱনৰ অনুষ্ঠানটোত উপস্থিত থকা হাত চাপৰিৰে সকলোৱে শ্ৰদ্ধাৰে আদৰণি জনায়। তাৰে পিছৰে পৰা শিৱানন্দ বাবাৰ বিষয়ে সমগ্ৰ দেশজুৰি প্ৰবল উৎসুকতাৰ সৃষ্টি হয়। কোন এই শিৱানন্দ বাবা!

বাবা শিৱানন্দ হাজাৰ হাজাৰ বছৰীয়া সনাতনী সভ্যতা-সংস্কৃতিৰ এজন নিৰ্ভেজাল প্ৰতিনিধি। তেওঁৰ জীৱনটো ভাৰতীয় পদ্ধতিৰ ভেটিত গঢ় লৈ উঠা। যোগ, ভক্তি আদিৰ জৰিয়তে বাবাজীয়ে নিজৰ জীৱনটোক গঢ় দিছে। যাৰ বাবে তেওঁ প্ৰাচীন ঋষি-মুনিৰ দৰে দীৰ্ঘায়ু লাভ কৰিছে। ১২৬ বছৰতো তেওঁ নিৰোগী আৰু তৰুণৰ দৰে প্ৰাণ চঞ্চল।

১২৬ বছৰীয়া শিৱানন্দ বাবা বাৰাণসীৰ কবিৰনগৰৰ বাসিন্দা। তেওঁ এই বয়সতো একেবাৰে সুস্বাস্থ্যৱান। তেওঁৰ প্ৰাণ-চঞ্চলতা দেখি বিস্ময়ত মানুহৰ চকু থৰ হৈ যায়। শিৱানন্দ বাবা কবিৰনগৰৰ দুৰ্গাকুণ্ড অঞ্চলত থকা এটা আশ্ৰমৰ তৃতীয় মহলাত থাকে। তেওঁ দিনটোত তিনি-চাৰিবাৰ কাৰো সহায় নোলোৱাকৈ খটখটীৰে উঠা-নমা কৰি তৃতীয় মহলাৰ পৰা তললৈ অহা-যোৱা কৰে।

শিৱানন্দ বাবাৰ জন্ম পশ্চিমবংগৰ শ্ৰীহট্ট জিলাত। ১৮৯৬ চনৰ ৮ আগষ্টত তেওঁৰ জন্ম হয়। তেওঁ নেতাজী সুভাষ চন্দ্ৰ বসুৰ সমবয়সীয়া আৰু দুয়োৰে মাজত অতি ঘনিষ্ঠ সম্পৰ্ক আছিল। দুয়োৰে ঘৰ একেটা অঞ্চলতে আছিল। অকল সেয়াই নহয়, বাবাৰ জাতিৰ পিতা মহাত্মা গান্ধীকো কাষৰ পৰা পাইছিল।

শিৱানন্দ বাবাৰ যেতিয়া চাৰি বছৰ বয়স হৈছিল, তেতিয়াই তেওঁ পৰিয়ালৰ সৈতে বিচ্ছিন্ন হৈ পৰে। তেওঁৰ পিতৃ-মাতৃয়ে ভিক্ষাবৃত্তিৰে সংসাৰখন চলাইছিল। পুত্ৰৰ ভৱিষ্যতৰ কথা ভাবি পিতৃ-মাতৃয়ে বাবাজীক নৱদ্বীপৰ বাবা ঔংকাৰনন্দ গোস্বামীৰ হাতত তুলি দিছিল। শিৱানন্দ বাবাৰ ছবছৰ বয়স হোৱা সময়ত তেওঁৰ পিতৃ-মাতৃ আৰু ভগ্নীৰ ভোকৰ বাবে মৃত্যু হৈছিল। তেতিয়াৰে পৰা তেওঁ আধাপেট ভোজন কৰাৰ সংকল্প লৈছিল। সেই সংকল্প তেওঁ আজিও ৰক্ষা কৰি আছে। পাছলৈ তেওঁ কাশীলৈ গৈ গুৰুজনৰ পৰা আধ্যাত্মিক শিক্ষাগ্ৰহণ কৰিবলৈ লয়। লগতে যোগাক জীৱনৰ গুৰুত্বপূৰ্ণ অংশ হিচাপে লয়। ১৯২৫ চনত তেওঁ গুৰুৰ আজ্ঞা পালন কৰি বিশ্ব ভ্ৰমণলৈ ওলাই যায়। প্ৰায় ৩৪ বছৰ তেওঁ দেশ-বিদেশ ভ্ৰমণ কৰে।

বাবাজীয়ে ১৯৭৭ চনত বৃন্দাবনলৈ গুচি যায়। তাত দুবছৰ থকাৰ পিছত ১৯৭৯ চনত তেওঁ বাৰাণসীলৈ যায়। তেতিয়াৰে পৰা বাৰাণসী বাবাজীৰ স্থায়ী ঠিকনা হৈ পৰে। বাবাজীয়ে জীৱনকালত বহু ৰাষ্ট্ৰ ভ্ৰমণ কৰিছে। তেনে বয়োজ্যেষ্ঠ লোক এজনে কাৰো সহায় নোলোৱাকৈ এজন তৰুণৰ দৰে আহ-যাহ কৰা দেখি বিমানবন্দৰত বহু লোকে তবধ মানে। বাবাজীয়ে নিতৌ পুৱা তিনি বজাত শয়ন ত্যাগ কৰে। তাৰ পিছত এঘণ্টা যোগাসন কৰে। যোগৰ পিছত পূজা-পাতল কৰি দিনটোৰ আৰম্ভণি কৰে। তেওঁ ভগৱান শ্ৰীকৃষ্ণৰ সাধনা, মা চণ্ডী আৰু ভাগৱত গীতা পাঠ কৰে। খাদ্যৰ প্ৰসংগত বাবাজীয়ে এটাই কথা কয়, ‘বিশুদ্ধ নিৰামিষ আহাৰৰ বাবে মোৰ শৰীৰ সুস্থ আৰু নিৰোগী হৈ আছে।‘ তদুপৰি দীৰ্ঘকাল জীয়াই থকাৰ কাৰণ হিচাপে যৌনচাৰ আৰু মচলাৰ পৰা আঁতৰত থকা কথাটোক বিনয়ভাৱে স্বীকাৰ কৰে।

বাবা শিৱানন্দৰ আশ্ৰমখন এটা বিশেষ কথাৰ বাবে চৰ্চাত থাকে। জানিব পৰা মতে, আশ্ৰমলৈ শুদা হাতেৰে যাব লাগে। কিন্তু উভতি আহোঁতে শুদা হাতেৰে কোনেও আহিব নোৱাৰে। তাত এসাঁজ খুওৱাৰ পিছতহে কোনোৱে উভতি আহিব পাৰে। আশ্ৰমত বাবাজীয়ে নিহ হাতেৰে অতিথিক ভোজন দিয়ে। বাবাজীৰ এই বিনম্ৰতাই সকলোকে আকৰ্ষণ কৰে। তেওঁৰ প্ৰতি অকৃত্ৰিম শ্ৰদ্ধা ওপজে।

শিৱানন্দ বাবাই দুয়োপালি ভেকচিন লৈছে। তেওঁ যেতিয়াই ভেকচিন দিয়াৰ বাবে কোনো কেন্দ্ৰলৈ যায়, কেন্দ্ৰৰ কৰ্তৃপক্ষই তেওঁৰ পৰা আধাৰ কাৰ্ড বিচাৰে। আধাৰ কাৰ্ডত তেওঁৰ জন্মদিনটো ১৮৯৬ চনৰ ৮ আগষ্ট লিখা থকা দেখি সকলো হতবাক হৈ পৰে। তেতিয়া তেওঁক লৈ চিকিৎসাকর্মী উৎসাহিত হৈ পৰে। বাবাজীয়ে টিকা লোৱাৰ পিচত সকলোকে আশীৰ্বাদ দিয়ে।

10 views0 comments