জামিন নামঞ্জুৰ : জে'লতে অধিক দিন কটাব লাগিব ৰাজকন্যা বৰুৱাই




জামিন নামঞ্জুৰ হ'ল, আৰু অধিক কাৰাগাৰতে কটাব লাগিব ৰাজকন্যা বৰুৱাই। ৰাজপথত গাড়ীৰে শ্ৰমিকক মহটিয়াই এদিনতে মুকলি হৈ অহা মডেলগৰাকীৰ বাবে দ্বিতীয়টো গ্ৰেপ্তাৰত কঠোৰ হৈ পৰিছে আইনী ব্যৱস্থা। বুধবাৰে কামৰূপ মহানগৰ জিলা সত্র ন্যায়াধীশৰ আদালতে ৰাজকন্যা বৰুৱাৰ জামিন নাকচ কৰে।



উল্লেখ্য যে যোৱা ১ অক্টোবৰৰ মাজনিশা ৰুক্মিণীগাঁৱত মাতাল ৰাজকন্যাই ৮জন শ্রমিকৰ লগতে এজন পথচাৰীক গাড়ীৰে মহটিয়াই নিছিল৷ ঘটনাৰ নিশাই মহানগৰ আৰক্ষীয়ে তেওঁক গ্রেপ্তাৰ কৰে যদিও সহজতে জামিনত মুকলি হৈ যায়৷ ইয়াৰ পিছতে সৃষ্টি হোৱা ব্যাপক প্রতিক্রিয়াত চৰকাৰে বিষয়টো নতুনকৈ চালিজাৰি চাবলৈ বাধ্য হয়। ফলত অসুস্থতাৰ ভাও ধৰিও ৰক্ষা নাপালে মডেলগৰাকীয়ে। দিছপুৰ আৰক্ষীয়ে পুনৰ গ্ৰেপ্তাৰ কৰে।


ইয়াৰ মাজতে ৰাজকন্যাৰ গাড়ীৰ খুন্দাত গুৰুতৰভাৱে আহত যোছেফ মাৰাক নামৰ শ্রমিকজনৰ মৃত্যু হয়৷ শ্রমিকজনৰ মৃত্যুৰ পিছতে ৰাজকন্যা অধিক বিপদৰ সন্মুখীন হোৱাটো নিশ্চিত হৈ পৰিছে৷

9 views0 comments