বাংলাদেশী মুছলমান উচ্চাৰণ : মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ বিৰুদ্ধে কংগ্ৰেছ সাংসদৰ গোচৰ




এদিন ৰোহিঙীয়াৰ দুখত চকুপানীৰে বাট নেদেখা কংগ্ৰেছ সাংসদ আব্দুল খালেকে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে বুধবাৰে দিছপুৰ থানাত এটা গোচৰ তৰে। কাৰণটো কি জানেনে? মুখ্যমন্ত্ৰী ড০ শৰ্মাই বাংলাদেশী মুছলমান বুলি ভাষণ প্ৰসংগত উচ্চাৰণ কৰিছিল। এই সন্দৰ্ভত সাংসদ খালেকে কয় যে, 'সংবিধানৰ নামত শপত খাই মুখ্যমন্ত্ৰী হোৱা হিমন্ত বিশ্ব শৰ্মাই 'বাংলাদেশী মুছলমান' বুলি কৈ সংখ্যালঘু লোকক উপলুঙা কৰিছে। ১০ ডিচেম্বৰত গৰুখুটি সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে কৰা মন্তব্য দুৰ্ভাগ্যজনক।' অৰ্থাৎ অসমত এতিয়া বামলাদেশী মুছলমান বুলি উচ্চাৰণ কৰিব নোৱাৰা পৰিৱেশ এটা সৃষ্টিৰ চেষ্টা চলোৱা হৈছে।



  ২ পৃষ্ঠাৰ এজাহাৰখন দাখিল কৰি সাংসদ খালেকে কয় যে মুখ্যমন্ত্ৰীয়ে ভাৰতীয় দণ্ডবিধিৰ 153, IPC 153 (A)নং ধাৰা ভংগ কৰিছে। যোৱা ১০ ডিচেম্বৰত মুখ্যমন্ত্ৰীয়ে কৰা এটা মন্তব্যৰ ভিত্তিত আব্দুল খালেকে গোচৰ তৰা বুলি জানিবলৈ দিছে।

6 views0 comments