নিজৰ গৱেষণাৰ দ্বাৰা এষ্ট্ৰোফিজিক্সৰ দিশত জিলিকিছে অসম কন্যা বৰ্ণালী দাস




কামৰ দ্বাৰা হে ফুটি উঠে নিজস্ব পৰিচয় । তাৰেই উৎজ্বল নিৰ্দশন অসম কন্যা বৰ্ণালী দাস । অসম কন্যা বৰ্ণালী দাস আৰু নেচনেল চেন্টাৰ ফৰ ৰেডিঅ' এষ্ট্ৰ' ফিজিক্স্ ত কৰ্মৰত তেওঁৰ চুপাৰভাইজাৰ অধ্যাপক পুনম চন্দ্ৰৰ দলটোৱে আবিষ্কাৰ কৰে বিৰল ৰেডিঅ' তাৰকা ৰ । প্ৰথমবাৰৰ বাবে, অসম কন্যা বৰ্ণালী দাসৰ নেতৃত্বত দলটোৱে এই সফলতা লাভ কৰে । কিন্তু এই সফলতা ৰ কাৰনে তথা এই তাৰকাবিলাকৰ বিশেষত্ব জানিবলৈ যোৱা বছৰৰ পৰাই গৱেষণা ৰ কাৰ্যত লাগি আছিল অসম কন্যা বৰ্ণালী দাসে।অসম গৌৱৰ বৰ্ণালী দাস অসমৰ বজালী জিলাৰ বাসিন্দা। তেওঁ পূৰ্বতে পুনেৰ নেচনেল চেণ্টাৰ ফৰ ৰেডিঅ' এষ্ট্ৰোফিজিক্সত এগৰাকী ইণ্টাৰ্ন হিচাপে কাম কৰিছিল। বৰ্তমান, তেওঁ পুনেৰ টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানৰ (টিআইএফআৰ) নেচনেল চেণ্টাৰ ফৰ ৰেডিঅ' এষ্ট্ৰোফিজিক্সৰ এগৰাকী ৰিচাৰ্চ স্ক'লাৰ ।নিজৰ কষ্টসাধ্য গৱেষণা ৰ অন্তত তেওলোকে কৈছে যে তেওঁলোকে বিৰল শ্ৰেণীৰ "ৰেডিঅ' ষ্টাৰ" বিচাৰি পাইছে যিবোৰথ যথেষ্ট শক্তিশালী চুম্বকীয় ক্ষেত্ৰ থকাৰ উপৰিও সূৰ্যতকৈও যথেষ্ট গৰম।এই অধ্যয়ন ৰ কাৰনে তেওঁলোকে পৃথিৱীৰ দুটা আগশাৰীৰ ৰেডিঅ' টেলিস্কোপ ব্যৱহাৰ কৰিছে: ইউজিএমআৰটি আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ কাৰ্ল জি জানস্কি ভেৰী লাৰ্জ এৰে (ভিএলএ)।বৰ্ণালীৰ এই সফলতাৰ বাতৰি ইতিমধ্যে ভাৰতৰ বিভিন্ন ৰাষ্ট্ৰীয় বাতৰি কাকত তথা আলোচনীত সন্নিবিষ্ট হৈছে । এজনী অসমীয়া ছোৱালী য়ে এষ্ট্ৰ'ফিজিক্স ক্ষেত্ৰত কৰা এনে গৱেষণা কাৰ্য ক লৈ সমগ্ৰ অসমবাসীয়ে গৌৱৰ কৰা তেনেই স্বাভাৱিক ।

5 views0 comments