মুখ্যমন্ত্ৰীৰ দিল্লী ভ্ৰমণৰ সুফল : নামৰূপ সাৰ কাৰখানাৰ বাবে এশ কোটি দিলে কেন্দ্ৰই




মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ শেহতীয়া নতুন দিল্লী ভ্ৰমণে অসমৰ বাবে কঢ়িয়াই আনিছে কেইবাটাও ভাল খবৰ। তাৰে এটা নামৰূপ সাৰ কাৰখানাৰ সৈতে জড়িত। কাৰখানাটোৰ মেৰামতিৰ বাবে কেন্দ্রীয় সাৰ আৰু ৰসায়ন মন্ত্রালয়ে ১০০ কোটি টকা মোকলাহ দিছে৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাহ মঙলবাৰে পুৱা কেন্দ্রীয় সাৰ আৰু ৰসায়ন মন্ত্রী মনছুখ মাণ্ডাভিয়াক সাক্ষাৎ কৰাৰ কেহঘণ্টামান পিছতে মন্ত্রালয়ে ব্রহ্মপুত্র ভেলী ফার্টিলাইজাৰ কর্প’ৰেচন লিমিটেডক ধনৰাশি মোকলাহ দিয়ে৷ টুহটাৰযোগে মুখ্যমন্ত্রী ড০ শর্মাই এহ কথা প্রকাশ কৰিছে৷


মুখ্যমন্ত্রী ড০ শর্মাই সাৰ কাৰখানাটোৰ দ্বিতীয় আৰু তৃতীয় গোট পুনৰুজ্জীৱিত কৰাৰ বাবে মন্ত্ৰীগৰাকীক আহ্বান জনাইছিল। এই সন্দৰ্ভত ড০ শৰ্মাই মন্ত্ৰী মাণ্ডাভিয়াক সাক্ষাতৰ পিছত কেন্দ্ৰই এক সপ্তাহৰ ভিতৰত ১০০ কোটি টকা মোকলাহ দিব সামাজিক মাধ্যমত প্ৰকাশ কৰিছিল৷ সাক্ষাতৰ কিছু সময় পিছতে সাৰ মন্ত্রালয়ে ধনৰাশি মোকলাই দিয়ে৷


আনহাতে নামৰূপ সাৰ কাৰখানাৰ চতুর্থটো গোট স্থাপনৰ বাবে কেন্দ্রীয় চৰকাৰে সাৰ কাৰখানাটোৰ সৈতে জড়িত সকলো পক্ষক লৈ এখন বৈঠকৰ আয়োজন কৰিছে বুলি মুখ্যমন্ত্রী ড০ শর্মাহ টুহটাৰযোগে প্রকাশ কৰিছে৷ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ ‘আত্মনির্ভৰ ভাৰত’ৰ শ্লোগানৰ আঁত ধৰি বছৰি ১২ লাখ মেট্ৰিক টন সাৰ ডৎপাদন কৰিব পৰাকৈ নামৰূপৰ চতুর্থ গোট স্থাপন কৰিব পাৰিলে সিয়ে অসমৰ অর্থনীতি আৰু কর্মসংস্থাপনৰ ক্ষেত্রত ব্যাপক অৰিহণা যোগাব বুলি মুখ্যমন্ত্রীয়ে টুহটাৰত মত ব্যক্ত কৰে৷

3 views0 comments